উপ- নিৰ্বাচনৰ বাবে ২৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিল
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- উপ-নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা বিধানসভা সমষ্টিৰ বাবে ২৪গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ১১নং ধলাই বিধানসভা সমষ্টিত ৩গৰাকী প্রার্থী, ৩১নং চিদলী বিধানসভা সমষ্টিত ১গৰাকী, ৩২নং বঙাইগাঁও সমষ্টিত ৫ গৰাকী, ৭৭নং বিহালী বিধানসভা সমষ্টিত ৩ গৰাকী প্রার্থী আৰু ৮৮নং চামগুৰি বিধানসভা সমষ্টিত ১২ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ইয়াকে ধৰি উপ-নিৰ্বাচনৰ বাবে আজিলৈকে সর্বমুঠ ৩৮গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। উল্লেখ্যযোগ্য যে উপ-নিবাৰ্চনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন আছিল।