উপৰহালীত ভয়ানক পথ দুৰ্ঘটনা
শৈলেন কুমাৰ ,মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা- বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত উপৰহালীত ২৮ জানুৱাৰী মংগলবাৰে ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ থিতাতে নিহত হয় ৰঙামাটিৰ খোখাপাৰাৰ নিবাসী ৰণ্টু দাস ৷ এ চ ২৫ পি ৫৯১১ মটৰচাইকেল আৰোহী ৰণ্টু দাস ( ৪০ ) বিজয়নগৰ ছয়গাঁও অভিমুখে গৈ থকা অৱস্থাত সেই একে দিশেৰে বিজয়নগৰ ছয়গাঁও অভিমুখে গৈ থকা এ এচ ০১ এল চি ৩০৫৭ নম্বৰৰ খালী চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনে পিছৰপৰা মহতিয়াই লৈ যায় ৷ ফলত নিহত হয় মটৰচাইকেল আৰোহী ৰণ্টু দাস ৷ ঘটনাস্থলীৰ পৰা ৰাইজে আৰক্ষীক খৱৰ দিয়াত বিজয়নগৰ আৰক্ষীয়ে গাড়ীখন ধৰিবলৈ সক্ষম হয় নিহত ৰণ্টু দাসক মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ উল্লিখিত সৰপাৰা উপৰহালী হালীগাওঁ পথচোৱা বৰ্তমানত মৰণফান্দ হিচাপে পৰিগণিত হৈছে ৷ বিগত সময়চোৱাত কেইবাজনো ব্যক্তি নিহত আৰু আহত হয় ৷ এতিয়া প্ৰশ্ন হয় এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে চকুমুদা কুলিৰ ভাও জুৰিবনে তাৎক্ষণিকভাৱে কিবা পদক্ষেপ গ্ৰহণ কৰিব ৷