উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক অৰবিন্দ গিৰিৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

Pc 8PM News

উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক অৰবিন্দ গিৰিৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক অৰবিন্দ গিৰিৰ মঙলবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। খবৰ অনুসৰি গিৰীক চিকিৎসাৰ বাবে লক্ষ্ণৌলৈ লৈ যোৱাৰ সময়ত সীতাপুৰৰ সমীপত শেষ নিশ্বাস ত্যাগ কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ কয় যে ভগৱান শ্ৰীৰামে বিদায়ী আত্মাক তেওঁৰ চৰণত স্থান আৰু শোকসন্তপ্ত পৰিয়ালৰ সদস্যক শক্তি প্ৰদান কৰক।