উত্তৰ পূর্ব মহোৎসৱৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ  ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ

PC-Facebook

 উত্তৰ পূর্ব মহোৎসৱৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ  ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ

ৰঙিলী বাৰ্ত্তাসেৱা –আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত উত্তৰ পূর্ব মহোৎসৱৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে কয় – আমাৰ দেশে যেতিয়া স্বাধীনতা লাভ কৰিছিল, উত্তৰ-পূব বর্তমানতকৈ যথেষ্ট পৃথক আছিল। বিভাজনৰ ফলত এই অঞ্চলটো যথেষ্ট ক্ষতিগ্রস্ত হৈছিল। কিয়নো যোগাযোগ, বাণিজ্যৰ ক্ষেত্ৰত ঢাকা আৰু কলকাতাৰ পৰা সেই সময়ত বিচ্ছিন্ন হৈ পৰিছিল উত্তৰ-পূব। দেশৰ বাকী অংশক সংযোগ কৰা একমাত্ৰ কৰিড’ৰটো আছিল পশ্চিমবংগৰ উত্তৰৰ এক সংকীর্ণ ভূমি। ফলত অঞ্চলটোত উন্নয়নৰ কামসমূহ যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰিছিল। তথাপি এই প্রত্যাহ্বান নেওচি উত্তৰ-পূবক উন্নয়নৰ ক্ষেত্ৰত অগ্রগতি দিবলৈ আমি সক্ষম হৈছোঁ।তেওঁ লগতে কয় , কেইবাখনো চুবুৰীয়া দেশৰ সৈতে ৫,৩০০ কিলোমিটাৰতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় সীমা থকাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলটোৰ গুৰুত্বপূর্ণ তথা কৌশলগত মূল্য আছে। ২০১৪ চনৰ পাছত এক্ট ইষ্ট পলিচী কাৰ্যকৰী হোৱাৰ পাছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ এক দৃষ্টান্তমূলক পৰিৱৰ্তন আহিছে। দেশে স্বাধীনতা লাভ কৰাৰ সময়ত উত্তৰ-পূব অঞ্চল যথেষ্ট পৃথক আছিল। আজিৰ তুলনাত উত্তৰ-পূব আছিল যথেষ্ট অৱহেলিত। সেই সময়ত অৰুণাচল প্রদেশ কেন্দ্রীয়শাসিত অঞ্চল আছিল, যাক নর্থ-ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সী নামেৰে জনা গৈছিল। আনহাতে, নাগালেণ্ডে ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল ১৯৬৩ ত। সেই সময়ত মণিপুৰ আৰু ত্ৰিপুৰাৰ যি ৰাজকীয় ৰাজ্যৰ মৰ্যাদা আছিল, সেয়া বিলুপ্ত হয় ১৯৪৯ চনত ইণ্ডিয়ান ইউনিয়নত প্ৰৱেশ কৰে আৰু কেন্দ্রীয়শাসিত অঞ্চল ৰূপে পৰিগণিত হয়। একেদৰে ছিকিম ভাৰতীয় যুক্তৰাষ্ট্ৰত যোগদান কৰাৰ আগলৈকে আছিল এক সংৰক্ষিত অঞ্চল। ১৯৭২ চনত মিজোৰামে ৰাজ্যৰ মৰ্যাদা লাভ কৰে। উত্তৰ-পূবৰ বাৰেৰহণীয়া কলা-কৃষ্টি আৰু জীৱ-বৈচিত্ৰ্যৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতি কোৱিন্দে তেওঁৰ ভাষণত কয়— সমগ্ৰ উত্তৰ-পূবৰ জনসংখ্যা দেশৰ জনসংখ্যাৰ ২৮ শতাংশ। যদি অসমৰ জনসংখ্যা গণনা কৰা নহয়, তেন্তে বাকী ৭খন ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৬০ শতাংশ লোকেই জনজাতীয় লোক। এই সমগ্ৰ অঞ্চলটোত প্ৰায় ১৩৩টা জনগোষ্ঠীৰ লোকে বাস কৰে। এই জনজাতিসকলৰ মাজৰ পৰাই দেশৰ উন্নয়নৰ বাবে, দেশৰ হৈ কাম কৰিবলৈ ওলাই আহিছে বহুকেইজন বিশিষ্ট লোক। স্বাধীনতা সংগ্ৰামত উত্তৰ-পূবৰ অৱদান অভূতপূর্ব। উত্তৰ-পূবৰ ‘হম কিসিসে কম নেহী’ ভাবনাত মই মুগ্ধ। উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয়— বৰ্তমান উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যলৈ ৰে’লপথ, বায়ুপথ সংযোগ হৈছে। বিগত কেইবছৰমানৰ ভিতৰতে অতি দুর্গম অঞ্চলতো ৰে’ল যোগাযোগৰ ব্যৱস্থা গঢ়ি উঠিছে। তদুপৰি উড়ান আঁচনিৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজধানীসমূহক বিমান সেৱাৰে সামৰি লোৱা হৈছে। গাঁওবোৰতো বিদ্যুৎ যোগান ক্ৰমাৎ ক্ষিপ্ৰ হৈছে। সমগ্ৰ উত্তৰ-পূবৰ প্রাকৃতিক দৃশ্য, শান্তৰ পৰিৱেশে সকলোকে আকর্ষণ কৰে। ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মই এই পৰিৱেশ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছিলোঁ। স্বাধীনতাৰ অমৃত মহোৎসৱৰ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়— দেশে যেতিয়া স্বাধীনতা দিৱস উদযাপন কৰে, নাগৰিকসকলৰ কর্তব্য হ’ব লাগে এই স্বাধীনতাৰ আঁৰত থকা মহান নেতাসকলৰ ত্যাগ আৰু বীৰত্বক স্মৰণ কৰা। এনে বীৰত্ব আৰু ত্যাগ অবিহনে ভাৰতবৰ্ষই এই স্থানত উপনীত নহ’লহেঁতেন।