উত্তৰ-পূবত আয়ুষভিত্তিক উদ্যোগৰ যথেষ্ট সম্ভাৱনা আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সােণােৱাল

pc wikipedia

 উত্তৰ-পূবত আয়ুষভিত্তিক উদ্যোগৰ যথেষ্ট সম্ভাৱনা আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সােণােৱাল

ৰঙিলী বাৰ্ত্তাসেৱা – কেন্দ্রীয় আয়ুষ তথা কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সােণােৱালে আজি মেঘালয়ৰ ৰিভয় জিলাৰ বৰাপানীৰ সমীপত উত্তৰ-পূর্বাঞ্চলীয় আয়ুর্বেদ আৰু হােমিঅ’পেথী প্রতিষ্ঠানৰ এক অনুষ্ঠানত অংশগ্রহণ কৰে। বন্তি প্রজ্বলনেৰে শুভাৰম্ভ হােৱা এই অনুষ্ঠানত উপস্থিত থাকে। মেঘালয় চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্রী ৰেনিকটন লিংডহ, আয়ুষ মন্ত্ৰালয়ৰ হােমিঅ’পেথী উপদেষ্টা সংগীতা গুগল, এন ই আই জি আৰ আই এইচ এম এছৰ সঞ্চালক ড° নলীন মেহতা, নেচনেল কমিছন ফ’ৰ ইণ্ডিয়ান ছিষ্টেম অৱ মেডিচিনৰ উচ্চপদস্থ বিষয়া ভি এছ মেহতা,উত্তৰ-পূর্বাঞ্চল পার্বত্য বিশ্ববিদ্যালয়ৰ উপাচার্য প্রভাশংকৰ শুক্লা প্রমুখ্যে প্রতিষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্রী আৰু বিশিষ্ট ব্যক্তিসকল। ২০১৬ চনত স্থাপিত এই প্রতিষ্ঠানখনৰ অধীনস্থ ২ খন আয়ুর্বেদিক তথা হােমিঅ’পেথী মহাবিদ্যালয়ত উচ্চশিক্ষাৰ ব্যৱস্থা থকাৰ লগতে দুখন চিকিৎসালয়ে জনসাধাৰণৰ প্রতি সেৱা আগবঢ়াই আহিছে।কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে আজি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কয় যে- উত্তৰ-পূর্বাঞ্চলে দেশৰ অর্থনৈতিক বিকাশৰ নিৰন্তৰ যাত্ৰাত এক গুৰুত্বপূর্ণ সম্ভাৱনা বহন কৰিছে। আয়ুষ খণ্ডতাে যথেষ্ট চহকী এই উত্তৰ-পূব ক্ষেত্ৰত মজুত আছে দেশৰ হিতৰ বাবে ব্যৱহাৰ হ’ব বিভিন্ন সুযােগ-সম্ভাৱনা। পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু সমৃদ্ধ ঔষধি উদ্ভিদৰ বৈচিত্র্যই অঞ্চলটোত আয়ুষ আধাৰিত উদ্যোগসমূহৰ বিকাশৰ বাবে অনুঘটক হিচাপে কাম কৰাৰ যথেষ্ট থল আছে। লগতে তেওঁ কয় যে- প্রকৃতি আৰু আয়ুষৰ সম্পর্ক ওতঃপ্রােত। প্রকৃতিৰ মাজত আয়ুষ চিকিৎসা প্রণালীৰ বিভিন্ন সম্ভাৱনা মজুত হৈ আছে। সেয়েহে ঔষধি বৈচিত্র্যতাৰে সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ খণ্ডক ত্বৰান্বিত কৰাত আয়ুষ মন্ত্রণালয়ে বিশেষ গুৰুত্ব আৰােপ কৰিছে।সহস্র বছৰজোৰা পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰােপ কৰি সােণােৱালে প্রতিষ্ঠানখনত ছাত্র-ছাত্ৰী আৰু শিক্ষার্থীসকলক আধুনিক ধ্যান-ধাৰণাৰে আয়ুষ সম্পর্কীয় গৱেষণা, অধ্যয়ন আৰু সুযােগ-সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ আহ্বান জনায়। প্রতিষ্ঠানখনত শীঘ্ৰে স্নাতকোত্তৰ মহলা আৰম্ভ কৰাৰ লগতে অত্যাধুনিক আন্তঃগাঁথনি গঢ় দিয়া হ’ব বুলি সােণােৱালে ভাষণ প্রসংগত উল্লেখ কৰে। লগতে আয়ুর্বেদৰ ইণ্টাৰনীৰ সমানেই হােমিঅ’পেথী ইণ্টাৰনীসকলৰ দৰমহা বৃদ্ধি কৰা হ’ব বুলিও তেওঁ এক গুৰুত্বপূৰ্ণ ঘােষণা কৰে। প্রতিষ্ঠানখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আয়ুষ মন্ত্ৰণালয়ৰ তৰফৰ পৰা যাৱতীয় সকলাে সহযােগিতা আগবঢ়োৱা হ’ব বুলি তেওঁ আশ্বাস দিয়ে।অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমক সম্বােধন কৰি সােণােৱালে প্রতিষ্ঠানখনৰ শিক্ষার্থীসকলৰ বাবে সর্বশ্রেষ্ঠ মানদণ্ডৰ শিক্ষাৰ প্রয়ােজনীয়তাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। আয়ুর্বেদ নার্চিং আৰু ফার্মাচীৰ সর্বশ্রেষ্ঠ শিক্ষাৰ লগতে পঞ্চকর্মা থেৰাপীত পেছাদাৰী হ্রস্বম্যাদী পাঠ্যক্রম যাতে উত্তৰ-পূব আৰু দেশৰ আন প্ৰান্তৰ শিক্ষার্থীসকলে লাভ কৰিব পাৰে, তাৰ ওপৰতাে তেওঁ গুৰুত্ব আৰােপ কৰে। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে- উত্তৰ-পূবক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্রতিশ্রুতিবদ্ধ হৈ আছে। এই ক্ষেত্ৰত তেওঁ প্ৰকৃতিয়ে প্রদান কৰা সমৃদ্ধিশালী ঔষধি উদ্ভিদৰ ওপৰত এক সম্যক আলােকপাত কৰে। তদুপৰি, প্রতিষ্ঠানখনৰ শিক্ষার্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে আৰু আয়ুষ খণ্ডত পেছাদাৰীত্ব আৰু জনসেৱাক অগ্রাধিকাৰ দি ইয়াৰ প্ৰসাৰৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়।