উজানবজাৰ ঘাটত ব্ৰহ্মপুত্ৰত ডুব যোৱা যুৱকক উদ্ধাৰ এন ডি আৰ এফৰ

উজানবজাৰ ঘাটত ব্ৰহ্মপুত্ৰত ডুব যোৱা যুৱকক উদ্ধাৰ এন ডি আৰ এফৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ উজানবজাৰ ঘাটত আবেলি ব্ৰহ্মপুত্ৰত ডুব যোৱা এজন যুৱকক এন ডি আৰ এফ বাহিনীৰ এটা দলে তৎপৰতাৰে উদ্ধাৰ কৰি আসন্ন মৃত্যুৰ পৰা ৰক্ষা কৰে । যুৱক জনক উজানবজাৰ অঞ্চলৰ সুহিল বৰ্মন (২৫) বুলি চিনাক্ত কৰা হৈছে । পাছত যুৱক জনক সুস্থ অৱস্থাত এন ডি আৰ এফৰ দলে স্থানীয় লতাশিল আৰক্ষী থানাত গতাই দিয়ে । প্ৰাপ্ত খবৰ মতে উজানবজাৰ ঘাটত থকা এন ডি আৰ এফ বাহিনীৰ শিবিৰৰ পৰা ৫০ মিটাৰ মান নিলগত আবেলি ২.৩০ বজাত হঠাতে সুহিল বৰ্মন নামৰ যুৱকজনক ব্ৰহ্মপুত্ৰৰ পানীত পৰি যোৱা প্ৰত্যক্ষ কৰে শিবিৰত থকা এন ডি আৰ এফৰ লোক সকলে । লগে লগে বাহিনীটোৰ পৰিদৰ্শক পিন্টু কুমাৰ শীলৰ নেতৃত্বত বাহিনীটোৰ এটা দলে অত্যাধুনিক বোট লৈ যুৱকজন পানীত পৰি যোৱা স্থানলৈ অগ্ৰসৰ হয় । দলটোৱে যুৱকজনক সলিল সমাধি হোৱাৰ পৰা অতি তৎপৰতাৰে উদ্ধাৰ কৰি শিবিৰলৈ লৈ আহে । শিবিৰত কিছু প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত সুহিলক আৰক্ষীক গতাই দিয়া হয় ।