উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান মেলা
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উজনি মাজুলী ব্লকৰ উদ্যোগত আজি ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে বিজ্ঞান মেলা অনুষ্ঠিত হয়। পুৱা ৯ বজাৰ পৰা আকস্মিক বক্তৃতা, বিজ্ঞান মডেল, ধাৰণা আৰু পোষ্টাৰ ড্ৰয়িং প্ৰতিযোগিতা অনুষ্ঠিত হয় । আকস্মিক বক্তৃতা প্ৰতিযোগিতা সঞ্চালন কৰে অৱসৰ প্ৰাপ্ত বিজ্ঞান শিক্ষক প্ৰদীপ শৰ্মাই । আজিৰ প্ৰতিযোগিতাখনিত আকস্মিক বক্তৃতাত বিচাৰক হিচাপে বিজ্ঞানৰ সমল ব্যক্তি কুশদ্বীপ হাটীমতা আৰু গীতাৰ্থ প্ৰাণ ভৰদ্বাজ , ধাৰণা আৰু মডেল প্ৰতিযোগিতাত বিজ্ঞান সমল শিক্ষক বসন্ত বৰা আৰু মাজুলী জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ শৈক্ষিক সমন্বয়ক প্ৰাণজিত শইকীয়া, পোষ্টাৰ ড্ৰয়িং প্ৰতিযোগিতাত উৎপল কলিতা বিচাৰক হিচাপে উপস্থিত হৈ প্ৰতিযোগিতা সমূহ পৰিচালনা কৰে। দুপৰীয়া অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাখন উদ্বোধন কৰে ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণৰাম বৈৰাগীয়ে । এই সভাতে মাদ্ৰাজ আই .আই. টিৰ পৰা উত্তীৰ্ণ মেধাৱী ছাত্ৰ গীতাৰ্থ প্ৰাণ ভৰদ্বাজৱে সমবেত ছাত্ৰ ছাত্ৰীৰ সকলৰ সৈতে মত বিনিময় কৰি জীৱনৰ লক্ষ্য উদ্দেশ্যৰ ওপৰত বহুল ব্যাখ্যা দাঙি ধৰি সকলোকে মুগ্ধ কৰে। সমল শিক্ষক সুনীল বৰাই আহি থকা পৰিবেশ দিৱসৰ ওপৰত বক্তৃতা প্ৰদান কৰে । বিশিষ্ট অতিথি হিচাপে ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুবেট ঘোষ, দুৰ্গেশ্বৰ শইকীয়া আৰু নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক অতুল কলিতা উপস্থিত থাকি বক্তৃতা প্ৰদান কৰাৰ লগতে স্থানপ্ৰাপ্ত সকলক বঁটা প্ৰদান কৰে।আজিৰ মডেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন নতুন বজাৰৰ নৱজিত শইকীয়া আৰু সুমন্ত খনিকৰে , দ্বিতীয় স্থান লাভ কৰে ৰতনপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাসব শইকীয়া আৰু তৃতীয় স্থান লাভ কৰে চিৰাম হাইস্কুলৰ বেদব্ৰত দেউৰী আৰু গোবিন হাজৰিকাই ,ধাৰণা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চিৰঞ্জীত কলিতা, দ্বিতীয় ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অবিনাশ বৰা আৰু তৃতীয় স্থান লাভ কৰে নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ৰুদালি কলিতাই ।আকস্মিক বক্তৃতাত প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন নতুন বজাৰৰ নৱজিত শইকীয়া, দ্বিতীয় স্হান লাভ কৰে চিৰাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অঞ্জু কলিতা আৰু তৃতীয় স্থান লাভ কৰে শংকৰদেৱ শিশুবিদ্যা নিকেতন নতুন বজাৰৰ সমীৰণ সেনাপতিয়ে। পোষ্টাৰ ড্ৰয়িং প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু নিকেতন নতুন বজাৰৰ কপিল কৃষ্ণ বৰা , দ্বিতীয় স্হান সমীৰ দাস , শংকৰদেৱ শিশু নিকেতন ফুলনি আৰু তৃতীয় স্থান লাভ কৰে অংশু প্ৰতিম খনিকৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন নতুন বজাৰ।প্ৰতিজন স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক মান পত্ৰ আৰু বঁটা প্ৰদান কৰা হয়। সমগ্ৰ অনুষ্ঠানটো আঁত ধৰি আগুৱাই নিয়া সমন্বয়ক জয়ন্ত মাধৱ কলিতাই ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো স্তৰৰ ব্যক্তিৰ শলাগ লয়।