ঈৰ্ষা – শৈলেন কুমাৰ

PC - Pythagoras.gr

( অণুগল্প )

ঈৰ্ষা 

 শৈলেন কুমাৰ
 মিৰ্জা

গোটেই জীৱন তেখেতে নিস্বাৰ্থভাবে সমাজৰ পৰা অজ্ঞানতা আৰু অন্ধকাৰ আঁতৰোৱাৰ বাবে জীৱনৰ সৰ্বস্ব উজাৰি দিলে যাৰ পৰিণতি সমাজত তেখেতৰ অনাদৰ আৰু অবহেলাৰ দৃষ্টিৰে চোৱা হ’ল ৷ জীৱনৰ অন্তিম সময়ত যেতিয়া তেখেতক প্ৰশ্ন কৰা হ’ল “আপুনি সমাজৰ বাবে সমস্ত উজাৰি দিলে কিন্তু জীৱনৰ অন্তিম সময়ত আপোনাৰ প্ৰতিপালন কৰাটো দুৰৰ কথা আপোনাক মাত এষাৰ দিবলৈ কোনো নাই আপুনি কি পালে ?’’ তেতিয়া তেখেতে উত্তৰ দিলে “ ভাৰতবৰ্ষ এখন দাসত্ত্বৰ দেশ, এই দাসত্ত্বপ্ৰথাই এদিন সকলোৰে পতন আনিব,দাসত্ত্বৰ বন্দী জাতিটোৱে কেৱল ঈৰ্ষা কৰিব জানে,সত্যক হত্যা কৰিব নোৱাৰিলে বিভিন্ন প্ৰকাৰেৰে দমন কৰিবলৈ চেষ্টা কৰা হয় কিন্তু মোৰ বিশ্বাস মোৰ পাছতও সমাজৰ পৰা অজ্ঞানতা আৰু অন্ধকাৰ আঁতৰোৱাৰ বাবে সময়েসময়ে নতুন পুৰুষৰ জন্ম হ’ব ৷”