ঈদ-বিহুৰ পাছত বয়কত কৰিব ওলা উবেৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী ৰে’লৱে ষ্টেচনৰ ওলা উবেৰ চালক সকলে আজি ৰে’লৱে ষ্টেচনৰ ওলা উবেৰ চালক সকলৰ পাৰ্কিং স্থানত সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ সন্থাৰ সভাপতি লিয়াকত আলী, চালক ঐক্য মঞ্চৰ সভাপতি ৰিংকু কুমাৰ দাস আৰু সাধাৰণ সম্পাদক বলোৰাম শৰ্মা, সদৌ গুৱাহাটী ড্ৰাইভাৰ এ’ছচিয়েচনৰ সাধাৰণ সম্পাদক বিতোপন হাজৰিকাৰ নেতৃত্বত প্ৰায় ৩০ গৰাকী মান চালক শ্ৰমিকে এক গোট হৈ সাংবাদিকৰ আগত চৰকাৰ আৰু ওলা উবেৰ প্ৰতিষ্ঠানৰ শোষণৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। চৰকাৰৰ অতিৰিক্ত কৰৰ বোজা যি কোনো ক্ষেত্ৰত অত্যাধিক জৰিমনা আৰু ওলা ওবেৰ প্ৰতিষ্ঠান সমূহৰ শোষণ নীতিৰ বিৰুদ্ধে তেওঁলোকে এই কাৰ্য্যসূচী হাতত লয়। চৰকাৰক বাৰে বাৰে অৱগত কৰাৰ পাছটো কোনো ব্যৱস্থা নোলোৱাৰ বাবে তেওঁলোকে এই পন্থা লবলৈ বাধ্য হৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁলোকৰ দাবী যে ৮০ শতাংশ তেওঁলোকৰ প্ৰাপ্য আৰু ২০ শতাংশ এই প্ৰতিষ্ঠান সমূহৰ হ’ব লাগে। যদি চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে ঈদ আৰু বিহুৰ পাছত চালক সকলে এই ওলা উবেৰ প্ৰতিষ্ঠান সমূহ সম্পূৰ্ণ ৰূপে বয়কত কৰিব বুলি তেওঁলোকে হুংকাৰ দিয়ে।