ই-শ্ৰম পৰ্টেলত ৮ কোটি ৪০ লাখতকৈও অধিক শ্রমিকৰ নাম পঞ্জীয়ন

Pc- Krishi jagarn hindi

ই-শ্ৰম পৰ্টেলত ৮ কোটি ৪০ লাখতকৈও অধিক শ্রমিকৰ নাম পঞ্জীয়ন

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ অসংগঠিত ক্ষেত্ৰৰ ৮ কোটি ৪০ লাখতকৈও অধিক শ্রমিকে এতিয়ালৈ ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছে। প’ৰ্টলটো মুকলি কৰাৰ পৰা ১২ সপ্তাহৰ ভিতৰত অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকৰ পঞ্জীয়নৰ সংখ্যা একেৰাহে বৃদ্ধি হৈ আছে। জানিব পৰা মতে পঞ্জীয়নভুক্ত শ্রমিকসকলৰ ভিতৰত অধিকাংশই ১৮ৰ পৰা ৪০ বছৰ বয়সৰ হোৱাৰ বিপৰীতে ৪০ৰ পৰা ৫০ বছৰ বয়সৰ পঞ্জীয়নভুক্ত শ্ৰমিকৰ সংখ্যা দ্বিতীয় স্থানত আছে। শ্ৰম আৰু নিয়োগ মন্ত্রী ভূপেন্দ্ৰ যাদৱৰ অবিৰত নির্দেশ তথা সুক্ষ্ম পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে পঞ্জীয়নৰ ক্ষেত্ৰত এনে সাফল্য লাভ কৰা হৈছে। উল্লেখযোগ্য যে ই-শ্রম প’ৰ্টেলত অসংগঠিত শ্রমিকসকলে সাধাৰণ সেৱা কেন্দ্ৰ, ৰাজ্যিক সেৱা কেন্দ্ৰৰ জৰিয়তে অথবা নিজেও নাম পঞ্জীয়ন কৰিব পাৰে। বিগত ১২ সপ্তাহত এই পৰ্টেলত পশ্চিমবংগ, ওড়িশা, উত্তৰ প্ৰদেশ আৰু বিহাৰত সৰ্বাধিক পঞ্জীয়ন হৈছে।