ইন্ডফিল ইণ্ডাষ্ট্ৰি লিমিটেডৰ  উদ্যোগত বিশ্ব চাহ দিৱস পালন

ইন্ডফিল ইণ্ডাষ্ট্ৰি লিমিটেডৰ  উদ্যোগত বিশ্ব চাহ দিৱস পালন
এম হাছিম  আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ অন্যান্য ঠাইৰ  লগতে  পানীতোলাত ইন্ডফিল  ইণ্ডাষ্ট্ৰি লিমিটেডৰ উদ্যোগত  দিনজোৰা কাৰ্যসূচীৰে যোৱা ২১ মে’ তাৰিখে পানীতোলাত বিশ্ব চাহ দিৱস পালন কৰা হয়।  এই উদ্দেশ্যে প্ৰায় ৫০ গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কক চাহ খেতিত হব পৰা আৰু বিভিন্ন ধৰণৰ কীট পতংগই অনিষ্ট কৰিব পৰা লগতে ইয়াৰ  প্ৰতিৰোধৰ ক্ষেত্ৰত  সাৱধানতা লব লগা সম্পৰ্কত বিশদ আলোচনা কৰা হয়। বিশেষকৈ ‘ৰঙা চাহি’ জাতীয় পোকবিধৰ বিৰুদ্ধে নতুনকৈ উদ্ভাৱন কৰা ইন্ডফিলৰ ঔষধ চিজমাইট যিটো পিপিচিৰ অনুমোদিত ঔষধৰ ওপৰত বিতং আলোচনা কৰা হয়। চাহ সুৰক্ষাৰ বাবে অনুমোদিত দৰৱবোৰ ব্যৱহাৰ কৰাৰ বাবে চাহ খেতিয়কৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে এই দিৱসটি পালন কৰা হয়।এই সভাত  উপস্থিত থাকে ইন্ডফিল  ইণ্ডাষ্ট্ৰি লিমিটেডৰ জ’নেল ডিমান্ড জেনেৰেচন মেনেজাৰ সৃজনশীল চৌধুৰী,ৰিজিওনেল ডিমাণ্ড জেনেৰেচন মেনেজাৰ পল্লৱ ভাগৱতী, টেৰীটৰী মেনেজাৰ  নফিছা নাচৰিন মজিদ আৰু ডিমাণ্ড জেনেৰেচন বিষয়া বিপুল গুপ্তা।