ইতিহাস প্ৰসিদ্ধ পুৰণিগুদামৰ দুৰ্গাপূজা – মৃদুস্মিতা শৰ্মা গোস্বামী

pc Oneindia Bengali

ইতিহাস প্ৰসিদ্ধ পুৰণিগুদামৰ দুৰ্গাপূজা

মৃদুস্মিতা শৰ্মা গোস্বামী, যোৰহাট

হেৰৌ, তহঁতমখাই যে চিঞৰ-বাখৰখন কৰি আছ, আজি মহাসপ্তমী পূজা নহয় জানো ? পূজা চাবলৈ যাবি নে নেযাৱহঁত । কালিলৈ ৰাতিপুৱা সোনকালে গা-পা ধুই আজৰি হ’বি, মই তহঁতক পুৰণিগুদামৰ কাঠৰ গোসানীৰ পূজা দেখুৱাবলৈ লৈ যাম, যাবিনে ? মাহী-আইতাৰ কথাত কিছুসময় তলকা মাৰি থকাৰ পিছত কৈছিলো- “মাহী-আইতা, পুৰণিগুদামত পূজা চাবলৈ হ’লে ইমানদূৰ খোজকাঢ়ি কেনেকৈ যাম, ভৰি বিষাই জাব দেখোন” । আশীৰ দশকৰ প্ৰায় প্ৰথম ভাগৰে কথা । সেই সময়ত, বিশেষকৈ গাঁৱত, যাতায়ত ব্য়ৱস্থা বৰ সুচল নাছিল । ব্য়ক্তিগত বাহনো খুবেই কম আছিলে । দেউতাৰ গাৱঁৰ ঘৰখনলৈ গ’লে পুৰণিগুদামৰ মামা-ককাহঁতৰ ঘৰলৈ প্ৰায় ৩ কিলোমিটাৰ পথ খোজকাঢ়িয়েই গৈছিলোঁ কিন্তু কাঠৰ গোসানীৰ পূজা ক’ত বা হয়, কিমান দূৰ বা খোজকাঢ়িব লাগিব একো নাজানো। একোটা গুৰুত্বপূৰ্ণ কথা নিয়াৰীকৈ বুজি-বাজি ল’ব পৰাকৈ সেইসময়ত মন-মগজু পৰিপক্ক হৈ উঠাই নাছিলে ।

পিছদিনা মাহী-আইতাই আকৌ ক’লে, ওলালিহঁতনে ? নিজৰ নিজৰ ১১ নম্বৰ গাড়ীকেইখন থাকোঁতে পূজা চাবলৈ আকৌ বেলেগ গাড়ীৰ কথা চিন্তা কৰিব লাগেনে ? মোৰ হাতত ধৰি গৈ থাকিবি, চাবিচোন কেতিয়ানো গৈ জেগা পামগৈ গমকে নাপাবি । মাহী-আইতাৰ কথাত এজনীয়েও গুৰুত্ব দিয়া নাছিলোঁ । ইমানদূৰ খোজকাঢ়িবলৈ নাই দেই। তাতকৈ বাৰীৰ পৰা নেমুটেঙা ছিঙি আনি চকলা-চকলকৈ কাটি নিমখ তেল লগাই পুখুৰীৰ পাৰত বহি খোৱাই ভাল হ’ব, মন গ’লে তেতেলীও দুচিৰামান খাব পাৰিম। পূজা চাবলৈ নগ’লেও হ’ব।
আমাৰ অনীহা দেখি আইতাই খঙতে বকিবলৈ ধৰিলে, এজনীয়েও যাওঁ বুলি মন নেমেলিলি নহয়নে । এতিয়া নুবুজ, তহঁতে – এটা দিন আহিব তেতিয়া তহঁতি জানিবলৈ বিচাৰিলেও এই বুঢ়ীমাৰ সংসাৰত নাথাকে । এইবোৰ কথা ইতিহাস হ’বগৈ বুইছ ।

আইতাহঁতৰ মুখত শুনামতে বহুবছৰৰ আগতে পুৰণিগুদামত লেখধৰ শৰ্মা নামৰ এজন মাটিৰ প্ৰতিমা গঢ়া খনিকৰ আছিলে, যিজনক সকলোৱে লেৰেলা খনিকৰ বুলি চিনি পাইছিলে । প্ৰতি বছৰে তেওঁ কষ্ট কৰি নিৰ্মাণ কৰা মাটিৰ প্ৰতিমাক পুজাৰ বিসৰ্জনৰ অন্তত উটুৱাই দিয়া কাৰ্যই তেওঁৰ অন্তৰত বৰ দুখ দিছিল । সেইবাবে তেওঁ নিজৰ বাৰীৰ এজোপা বেলগছ কাটি তাৰপৰা পোৱা কাঠেৰে দশভূজাৰ লগতে লক্ষ্মীদেবী, সৰস্বতী, গণেশ, কাৰ্ত্তিকৰ মূৰ্ত্তি সাঁজি উলিয়াইছিল যদিও  কাঠ কম হোৱাৰ বাবে মহিষাসুৰৰ মূৰ্ত্তি সাঁজিব পৰা নাছিলে। তেনেতে হেনো তেওঁ এদিন সপোনত দেখিলে যে কলং নৈয়েদি বেলগছৰ কাঠ এদাল উটি আহিছে আৰু ইদালেৰে মহিষাসু্ৰৰ মূৰ্ত্তি সাঁজি উলিয়াব পাৰিব । পিছদিনা পুৱা তেওঁ গা-পা ধুই ভাবে-ভক্তিৰে সপোনত দেখা স্থানত উপস্থিত হৈ দেখিলে যে সঁচাকৈ সেই স্থানতে সপোনত দেখাৰ দৰে এদাল কাঠ পাৰতে লাগি আছে । তেওঁ সেইদাল ডাঙি আনি ঘৰলৈ লৈ গ’ল আৰু তাৰে মহিষাসুৰৰ মূৰ্ত্তি সাঁজি উলিয়ালে। তাৰপাছত সেই মূৰ্ত্তিত ৰং কৰি, প্ৰাণ প্ৰতিস্থা কৰাই পূজাৰ বাবে আগবঢ়ালে। সেই গোসানীক পূজাৰ অন্তত উটুৱাই দিয়া নহয়। প্ৰতি বছৰে শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ৰং কৰি,নতুন কাপোৰ পিন্ধাই পূজা-অৰ্চনা আগবঢ়োৱা হয় । পুৰণিগুদামৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা সাৰ্বজনীন পূজা মন্দিৰৰ মহিমামণ্ডিত কাঠৰ গোসানীলৈ দূৰণিৰ পৰাই শাৰদীয় দুৰ্গোৎসৱৰ ভক্তিপূৰ্ণ সেৱা জনালোঁ ।