ইউনিকোডৰ এক চমু বিৱৰণ- আস্কৰ আলী

Pc Wikipedia

ইউনিকোডৰ এক চমু বিৱৰণ

আমি সততে শুনি পোৱা এটি শব্দ ইউনিকোড৷ শব্দটোৰ লগত হয়তো বৰ্তমান সময়ত বহুতেই পৰিচিত৷ ডি টি পি কৰ্মৰ সৈতে জড়িত ব্যক্তি এজনে সহজেই ইউনিকোড শব্দটোৰ সৈতে পৰিচিত ইয়াৰোপৰি বৰ্তমানৰ যান্ত্ৰিকতাৰ জীৱনত কম্পিউটাৰ আমি সকলোৱে নিজৰ দৈনন্দিন জীৱনৰ কাম-কাজ সমূহ দ্ৰুত আৰু সহজসাধ্য কৰি তুলিবলৈ ব্যৱহাৰৰ কৰোঁ৷ কম্পিউটাৰৰ সৈতে জড়িত ব্যক্তি এজনে ইউনিকোডৰ বিষয়ে হয়তো নি(য় অৱগত বা সম্যক জ্ঞান হলেও থাকিব৷

প্ৰথমে আমি জানিব চেষ্টা কৰোঁ ইউনিকোড কি?

ইউনিকোড হৈছে এটি আন্তৰ্জাতিক বৰ্ণ সংকেত নিৰ্ধাৰণি ব্যৱস্থা৷ সকলো ভাষাক এটি সাৰ্বজনীন মানদণ্ড প্ৰধান কৰাই হৈছে ইউনিকোডৰ মূল লক্ষ্য৷ ইউনিকোড বিশ্বৰ প্ৰত্যেকটো ভাষাৰ প্ৰতিটি বৰ্ণৰ বাবে এটিকৈ সংখ্যা প্ৰদান কৰে যাৰ ফলত কম্পিউটাৰত এটি ভাষা অন্য এটি ভাষাৰ সৈতে সংঘৰ্ষ নহয়৷

যিহেতু কম্পিউটাৰে  মাত্ৰ বুজিব সক্ষম সংখ্যাহে সেয়ে ইউনিকোডৰ সাহায্যত ভাষাক সংখ্যাত ৰূপান্তৰ কৰা হয়, যাৰ ফলশ্ৰুতিত কম্পিউটাৰৰ সৈতে আমি যি কোনো ভাষাত বাৰ্তালাপ কৰিব সক্ষম৷ কম্পিউটাৰত ভাষাৰ বিভিন্ন আখৰৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাসমূহক কেন্দ্ৰ কৰি ১৯৮৭ চনত গঠিত হৈছিল ইউনিকোড কনছ’ৰ্টিয়াম নামৰ সংগঠনটোৰ৷ ইউনিকোড কনছ’ৰ্টিয়াম নামৰ সংগঠনটোৰ  উদ্দেশ্য আছিল সকলাে ভাষাৰ আখৰৰ বাবে সংকেতসমূহ তৈয়াৰ কৰা৷ ১৯৮৭   চনত জিৰক্স (Xerox) কম্পানিৰ জো বেকাৰ৷(Joe Becker) আৰু এপ্পল (Ahple) কম্পানিৰ লি কলিনঞ্জচ (Lee Collins) ও মাৰ্ক ডেভিচ (Mark Davis) য়ে একত্ৰিতভাৱে ি ইউনিকোডৰ কামৰ শুভাৰম্ভ কৰিছিল৷ তেওলোকৰ মূল লক্ষ্য আছিল সকলো ভাষাক এটিমাত্ৰ সাৰ্বজনীন সংকেতায়নৰ  মানদণ্ডতৰ আওতালৈ লৈ যোৱা৷ ফলশ্ৰুতিত পৰৱৰ্তী বছৰৰ অৰ্থাৎ ১৯৮৮ চনৰ আগষ্ট মাহত জো বেকাৰ ক্টInternational/multilingual text character encoding system, tentatively called Unicode.ক্ট  শ্চ যি  বৰ্তমান  ক্টইউনিকোডক্ট নামে পৰিচিত গ্গ নামত এটি খচৰা প্ৰস্তাৱনা তৈৰী কৰে৷ এই প্ৰস্তাৱনাটি  আছিল এটি ১৬ বিটৰ প্ৰতীক সংকেতায়ন পদ্ধতি শ্চ Character Encoding গ্গ ১৬ বিটৰ প্ৰতীক সংকেতায়ন পদ্ধতি
শ্চ Character Encoding গ্গ পছন্দ কৰাৰ কাৰণ এয়াই যে তেওঁলোকে ভাবিছিল যে ইয়াত মাত্ৰ আধুনিক ভাষাৰ হে বৰ্ণসমূহ ব্যবহৃত হক্সব৷ পৰৱৰ্তীকালত অন্য অনেক পুৰণি ভাষাৰ বাবেও অন্যান্য বহু প্ৰতীক বা সংকেত তালিকাভুক্ত কৰাৰ প্ৰয়োজন হয়৷ ইয়াৰ ভিতৰত এনে বহু ভাষাও আছে যিসমূহ বৰ্তমান অব্যবহৃত ৷ উদাহৰণস্বৰূপেঃ মিছৰীয় চিত্ৰলিপি, লিনিয়াৰ-এ, লিনিয়াৰ-বি ইত্যাদি৷

১৯৮৯ চনত মেটাফোৰ (Metaphor) কম্পানিৰ কেন হুইছলাৰ (Ken Whistler) ও মাইক কাৰ্নাগান (Mike Kernaghan), আৰ.এল.জি (RLG) কম্পানিৰ কাৰেন স্মিথ-ইয়োশ্বিমুৰা (Karen Smith-Yoshimura) ও জোন আলিপ্ৰঞ্জযান্ড (Joan Aliprand) আৰু চান মাইক্ৰমাইক্ৰচিচটেমচ(Sun Microsystems) কম্পানিৰ গ্লেন ৰাইট (Glenn Wright) ইউনিকোড উন্নয়ন গোটত যোগদান কৰে৷ পৰৱৰ্তীকাল অৰ্থাৎ ১৯৯০ চনত মাইক্ৰোছফট (Microsoft) কম্পানিৰ মিশ্বেল চুইগনাৰ্ড (Michel Suignard) ও আস্মাচ ফ্ৰাইট্যাগ (Asmus Freytag) আৰু নেক্সট (ত্ত্বঙ্গXT) কম্পানিৰ ৰিক মাকগোয়ান (Rick ত্তন্তুGowan) যোগদান কৰে৷ ১৯৯০ চনৰ শেষৰফালে  ইউনিকোডৰ খচৰা প্ৰস্তাৱনা সম্পন্ন হয়৷ ১৯৯১ চনৰ অক্টোবৰ মাহত ইউনিকোড মানৰ প্ৰথম খণ্ড ও ১৯৯২ চনৰ জুন মাহত ইয়াৰ দ্বিতীয় খণ্ড প্ৰকাশিত হয়৷

বৰ্তমানলৈ ইউনিকোডে পৃথিৱীৰ প্ৰায় ১৫০ টা ভাষাৰ ৰ,৩৭,৯৯৪ টা আখৰৰ সংকেত তৈয়াৰ কৰিছে৷ ইউনিকোডে আখৰৰ সংকেত নিৰ্ধাৰণ কৰে এই আখৰবাৰে আকৌ Font বা লিপি অনুসৰি ভিন্ন ভিন্ন শৈলীৰ হয়৷ ব্যক্তিৰ নিজৰ কম্পিউটাৰখনত এই Font বা লিপিবোৰ সংযুক্ত হৈ থাকিব লাগিব, নহলে এটা কম্পিউটাৰত মুদ্ৰিত এটা যুক্তাক্ষৰ অন্য এটা কম্পিউটাৰত স্পষ্টৰূপত দেখা নাযাব পাৰে বা ফাটি যাব পাৰে৷ মনকৰিবলগীয়া যে, ইউনিকোডে মাথো আখৰৰহে সংকেত প্ৰদান কৰে,যুক্তাক্ষৰৰ সংকেত ইউনিকোডে প্ৰদান নকৰে ৷

আস্কৰ আলী
অসমীয়া বিভাগ, দৰং মহাবিদ্যালয়, তেজপুৰ