ইউক্ৰেইনত নিহত ২১ বছৰীয়া ভাৰতীয় ছাত্ৰৰ মৃতদেহ বেংগালুৰুত উপস্থিত

pc Hindustan Times

ইউক্ৰেইনত নিহত ২১ বছৰীয়া ভাৰতীয় ছাত্ৰৰ মৃতদেহ বেংগালুৰুত উপস্থিত

ৰঙিলী বাৰ্ত্তাসেৱা-   যুদ্ধবিধ্বস্ত ইউক্ৰেইনত ৰাছিয়াৰ গুলীবৰ্ষণত নিহত হোৱা ২১ বছৰীয়া ভাৰতীয় ছাত্ৰজনৰ মৃতদেহ সোমবাৰে পুৱতি নিশা বাংগালুৰুত উপস্থিত হয়। খাৰকিভ ৰাষ্ট্ৰীয় চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা নবীন শেখৰাপ্পা জ্ঞানগৌদাৰৰ ১ মাৰ্চত মৃত্যু হয়। জ্ঞানগৌদাৰৰ পৰিয়ালৰ সদস্য আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই মৃতদেহটো গ্ৰহণ কৰিবলৈ বেংগালুৰু বিমানবন্দৰত উপস্থিত আছিল।