আৱেগক নিয়ন্ত্ৰণ কৰক – কল্পনা দত্ত
এখন পৰিষ্কাৰ বুলি দাবী কৰা ঘৰটো গৃহস্থই গম নোপোৱাকৈ কিছুমান দূষিত, ধুলি-মাকতি বা লেতেৰা বস্তু সোমাই থাকে। ঠিক তেনেকৈ সৎ মনোভাবৰ মাজতো খং, হিংসা, দুখ, উদ্বিগ্নতা আদিয়ে মনটো প্ৰদূষিত কৰি ৰাখে আৰু স্বাস্থ্যৰ ক্ষতি কৰে। মানৱ শৰীৰটো মনৰ দ্বাৰা পৰিচালিত হয় আৰু মনটো চলিত হয় আৱেগৰ দ্বাৰা। আমি সেয়ে কিছুমান আৱেগ নিয়্ন্ত্ৰণ কৰি ৰাখিব লাগে। যেনে- খং বা ক্ৰোধ আমাৰ চেতন মনৰ অতি ভয়ানক আৱেগ। ই সদায় নিজৰ লগতে আনৰো ক্ষতি কৰে।
প্ৰতিটো মানৱ শিশু পৃথিৱীত ভৰি দিয়ে কান্দে। এই কান্দোনৰ অপেক্ষাত থাকে পৰিয়ালৰ লোকসকল। মানৱ জীৱনৰ এইটোৱেই একমাত্ৰ কান্দোন যি কান্দোনেই সকলোকে হঁহুৱাব পাৰে। ইয়াৰ পিছৰ কান্দোন কাৰো কাম্য নহয় বাবে শিশুটিক মাকে নিচুকায়। ভাৰতীয় দৰ্শনৰ মতে এটা শিশুৱে কান্দি কান্দি আগমনৰ যি সংকেত দিয়ে তাৰ অৰ্থ হʼল এই সংসাৰত মানৱে কান্দিবই লাগিব। কিন্তু ইয়াৰ পৰিসমাপ্তিত আছে আশাবাদ বা সুখবাদ। ইয়াৰ বাবে মানৱ জাতিক লাগিব সাহস, ধৈৰ্য, সততা, কৰ্মস্পৃহা ইত্যাদি গুণ।
আনন্দদায়ক আৱেগসমুহ প্ৰেম, শ্ৰদ্ধা, স্মৃতি, আনন্দ বিশ্বাস, নিৰাপত্তা আদিয়ে মানসিক উৎকৰ্ষ সাধন কৰে। এইক্ষেত্ৰত পৰিৱেশৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ। আমাৰ পঞ্চ ইন্দ্ৰিয়কে ধৰি মস্তিষ্কটো হৈছে চলন্ত অৱস্থাত থকা এটা কেমেৰা, এই কেমেৰাই অহৰহ সমগ্ৰহ কৰি থকা দৃশ্যৰাদিয়ে শিশুৰ মানসিকতা গঢ় দিয়ে।
বেদনাদায়ক আৱেগসমুহে আমাৰ সানসিক আৰু শাৰীৰিক দিশত বিপৰীতধৰ্মী প্ৰভাৱ পেলায়। ইয়াৰ ইতিবাচক দিশটো হʼল প্ৰফুল্ল চিত্ততা, ৰঙিয়াল অন্তৰ এখনে মহৌষধৰ দৰে কাম কৰে। আনন্দদায়ক আৱেগসমুহে জীৱনটো উপভোগ কৰাৰ শিক্ষা দিয়ে। প্ৰেম, শ্ৰদ্ধা, আনন্দ, বিনয়ী গুণে মনৰ প্ৰদূষণ দূৰ কৰি জীৱনটো আনন্দদায়ক কৰি তোলে।আৱেগসমুহৰ মাজত সকলোৰে কাম্য হʼল প্ৰেম। খং ঈৰ্ষা, হিংসা, ভয়, আদিয়ে শৰীৰত নেতিবাচক প্ৰভাৱ পেলায়।নেতিবাচক আৱেগসমুহ সেয়েহে সদায় দমন কৰাৰ প্ৰচেষ্টাত থকা উচিত। কাৰণ বহু সময়ত আৱেগ নিয়ন্ত্ৰণৰ অভাৱত Psycosomatic ৰোগে দেখা দিব পাৰে।
মানুহৰ মনৰ আন এক আৱেগ হৈছে অহংকাৰ।অহংকাৰে মানুহক অন্ধ কৰি পেলায়। অহংকাৰ ত্যাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগে। তদুপৰি কʼলা ধন স্পৰ্শ নকৰা, কাৰো প্ৰতি কটুবাক্যৰ প্ৰয়োগন কৰা আদিয়ে মনটো পৱিত্ৰ কৰি ৰাখে।
মানুহৰ মনৰ দুখ-বেজাৰ আদি সম্পূৰ্ণ নোহোৱা কৰিব নোৱাৰি, মানুহেই একমাত্ৰ প্ৰাণী যি হাঁহিব আৰু কান্দিব পাৰে। আমাৰ কৰ্মেন্দ্ৰিয়সমুহক নৈতিকতাৰ জৰীৰ বান্ধি ৰাখিব পাৰিলে অশান্তিৰ পৰিৱৰ্তে শান্তি লাভ কৰিব পাৰি।
বাহিৰৰ প্ৰদূষণতকৈ মনৰ প্ৰদূষণে শৰীৰ, মন দুয়োটাকে অধিক ৰুগীয়া কৰি তোলে। প্ৰতিজন ব্যক্তিয়ে আত্মসংযম, আত্মবিশ্লেষণ, আত্মনিয়ন্ত্ৰণ আৰু আত্মবিশ্বাসক ঔষধ হিচাপে লৈ দূৰ কৰিব পাৰে মনৰ প্ৰদূষণ।
(R.T)