আৱেগক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন— ববিতা বৰা

কেতিয়াবা কোনোবা ব্যক্তিক আমাৰ খুউব ভাল লাগে।
ভাল লাগে তেওঁলোকে আমাৰ প্ৰতি দেখুওৱা আন্তৰিকতা,মৰম বা ভালপোৱা..আমি ভাৱিবলৈ বাধ্য হওঁ যে এইজনেই নেকি আমাৰ আটাইতকৈ পৰম মিত্ৰ,কল্পনাৰ পুৰুষ বা নাৰী গৰাকী নাইবা এইজনেই নেকি আমাৰ আটাইতকৈ আপোন!
স্বভাৱিক।কোনো ব্যক্তিৰ প্ৰতি অহা এনে মনোভাৱ বা বিপৰীত লিংগৰ প্ৰতি অহা এনে অনুভৱবোৰ প্ৰাকৃতিক।
কিন্তু কিমান সচাঁ এইবোৰ অনুভৱ?বাস্তৱত সচাঁকৈয়েই সেই ব্যক্তিজন আপুনি ভৱাৰ দৰে একেই নে আপোনাৰ কল্পনাৰ সম্পূৰ্ণ বিপৰীত?বিপৰীতপক্ষৰ আপোনাৰ প্ৰতি দেখুৱা মিহি আচৰণ
কেইটামান মিঠা কথা,আন্তৰিকতা বা নিৰ্দিষ্ট কিছুমান আপুনি কল্পনা কৰা ফৰমাইচ্ কোনো এজনৰ ওচৰত দেখা পালে মাত্ৰকে সেই ব্যক্তিজনৰ প্ৰতি অহা আকৃষ্টতাত মনত গজি উঠা আপোনাৰ অনুভৱবোৰ আপোনাৰদৰেই বিপৰীতপক্ষৰ প্ৰতিও অন্তৰৰ একাত্ম নে?
 তেওঁ সচাঁকৈয়েই আপোনাৰ মনৰ আত্মীয় হোৱাৰ যোগ্য নে,নে ক্ষন্তেকীয়া কিছুমান ছলনাৰে আপোনাক আকৃষ্ট কৰাৰ এইবোৰ তেওঁৰ সস্তীয়া ‌কৌশল?
আপুনি কেনেকৈ ভাৱিৱ,জানিব বা বিশ্বাস কৰিব পাৰে,যে তেওঁৰ আপোনাৰ প্ৰতি দেখুওৱা আচৰণবোৰ বাস্তৱিক বা অভিনয়?
বহুত কঠিন।
আমি কাক বিশ্বাস কৰিম বা কাক নকৰিম,কোনজন আমাৰ শত্ৰু বা বন্ধু এইটো চিনা বহুত টান।
আপোনাৰ আপোনজনেও কেতিয়াবা আপোনাক কুঠাঘাত কৰে বা কৰিবই।
আজিৰ আধুনিক ব্যস্ত জগতত কোনো কাৰো বিশ্বাসী নহয়।সেই যে কথাতে কয়,’হাজাৰ তৰাৰ‌ মাজত এটা জোন’ কথাবোৰ তেনেকুৱা।বহুতে তৰা বিচাৰে আৰু বিচাৰি বিচাৰি জোনলৈ পাহৰি যায়।
ব্যস্ততা,সময় নোহোৱা,পাহৰি যোৱা..এইবোৰ মাত্ৰ কিছুমান অজুহাত এটা সম্পৰ্ক ভাগি যোৱাৰ।
বাস্তৱত আমাৰ হাতত পৰ্যাপ্ত সময় থাকেই।
কোনো সদাশয় ব্যক্তিয়ে আপোনাৰ মনটো তেওঁলৈ কাঢ়ি নিব ঠিকেই,কিন্তু নিজৰ হাবিয়াস বোৰ পুৰণ হোৱাৰ পিছত দলিয়াইও দিব আপুনি/মই নজনাকৈ।
উদাহৰণস্বৰূপে আপুনি নিজৰ ক্ষেত্ৰতেই চাব পাৰে।কোনো দিন ভাল-বেয়াৰ খা-খবৰ লৈ নোপোৱা কোনো এজন আপোনাৰ বন্ধু,কোনো এচোৱা সময়ত ঘপককৈ আহি ওলাই আপোনাৰ খবৰ ল’লে,যোগাযোগ কৰিলে।কথাৰ অন্তত তেওঁৰ উদ্দ্যেশ্য গম পোৱা গ’ল যে তেওঁ নতুনকৈ খোলা ইউটিউব চেনেলটোত আপোনাৰ চাবক্ৰিপচন বিচাৰি আহিছে।!আচৰিত।নহয়নে?
সুখ বা দুখত খবৰ নোলোৱা পৰিয়ালৰ কোনো এজনে আপোনাক ভালৰি লগাইছেহি।উদ্দেশ্য,আপোনাৰ ঘৰৰ বস্তু সৰকোৱা,মাটিৰ এভাগৰ আশা বা ধনৰ ভাগ বতোৱাৰা।
পূৰণা প্ৰেমিক/প্ৰেমিকা গৰাকী আচম্বিতে আপোনাৰ লগত যোগাযোগত আহিছে,আপোনালৈ মনত পেলাইছে।উদ্দেশ্য,সেইসকল অভাৱত আছে,বিপদত পৰিছে আৰু উদ্ধাৰৰ বাবে সহায় বিচাৰিছে আপোনাৰ পৰা।
যোগাযোগৰ প্ৰথমস্তৰত আপুনি হয়তো গমেই নাপাব আৰঁৰ ৰহস্য।আপুনাৰ মন কুমলিব,আত্মিকভাৱৰ উদয় হ’ব বা পুৰণি কথা ৰোমন্থন কৰি আপুনি হৈ পৰিব দানী।
আপোনাৰ সহায়ৰ হাতখন আগবাঢ়িব ঠিকেই।সহায় কৰাতো মহৎ কাৰ্য্য।কিন্তু তাৰ পিছত?আনজনে নিজৰ সুবিধা পুৰাই লোৱাৰ পিছত ক’ত থাকে আপোনাৰ অস্তিত্ব?কালিলৈকে আপোনাক আদৰ কৰা বা ভালপোৱা এজনে নিজৰ স্বাৰ্থৰ শেষত আপোনাক ত্যাগ কৰাৰ বিষাদ সহ্য কৰিব পাৰেনে আপুনি?
বহুত কষ্ট হয় এনে বাস্তৱক মানি চলাত।
কাৰণ মানুহৰ মন কাৰো একেই নহয়।
যদিওবা বতৰৰ মহিমা অনুমান কৰিব পাৰি,মানুহৰ মনৰ বতৰা অনুমান কৰাটো খুউব কঠিন।যাক আমি জীৱশ্ৰেষ্ঠ বুলি পূজা কৰো,সেই শ্ৰেষ্ঠজনেই প্ৰতৰাৰণাৰে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাত সবাটোতকৈ ওপৰত।
আপোনজনৰ পৰা পোৱা এইবোৰ অৱহেলা সহ্য কৰাটো বহুত টান।
এবাৰ বিশ্বাস ভগাৰ পিছত পুনৰ বিশ্বাস কৰাটোও বহু টান।সেইবাবে আপুনি/মই ব্যক্তিকেন্দ্ৰিক হৈ পৰো।এনে ব্যক্তিকেন্দ্ৰিক হোৱাটোও কোনো কোনো পৰিস্থিতত দৰকাৰ কাৰণ অত্যাধিক সহজ হ’লে,মানুহে সুবিধা লয়।
আচলতে আমি আমাৰ অনুভৱক নিয়ন্ত্ৰণ কৰিব নাজানো।অন্য কথাত আমি Emotional fool.
আৱেগৰ বশৱৰ্তী হৈ আমি বহু ভূল সিদ্বান্ত লওঁ,বাস্তৱক বিশ্বাস নকৰো,নিজৰ খেয়ালী দুনিয়াখনৰ দৰেই দেখা পাওঁ সকলোবোৰ।
সেইবাবেই আমি বাৰম্বাৰ প্ৰতাৰিত হওঁ,ভাগি পৰো।
সুখ-দুখ,ভাল-বেয়া বা ওখোৰা মোখোৰা
এইবোৰ জীৱনৰ এটা অংশ যদিও আমি বহুতেই এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব নাজানো।
আমি বিচাৰো যে আমাৰ কৰণীয় আৰু অনুভৱৰ বিপৰীতে আনজনৰ পৰাও যাতে পাওঁ একেই অনুভৱ,দ্বায়িত্বৰ বিনিময়।
যেতিয়াই এই কল্পনা বাস্তৱত পৰিণত নহয়,আমি ভাগি পৰো, চকুপানীৰে নেদেখা হওঁ বাট।
কি কৰিম?কেনেকৈ নিজকে স্থিৰ কৰি ৰাখিম?
চাবলৈ গ’লে সকলো নিজৰ ঠাইত শুদ্ধ।স্বাৰ্থপৰ হোৱাটোও গ্ৰহণযোগ্য। আপুনি বা মই যে চৰম উদাৰ তেনে নহয়।কম বেছি পৰিমাণে সকলোৱেই নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰেই।কিন্তু স্বাৰ্থৰ খাটিৰত কাৰোবাৰ অন্তৰত আঘাত হনাটো পাপ।
কোনোবাই স্বাৰ্থতেই হওঁক বা প্ৰয়োজনতেই..আপোনাক যদি বিচাৰিছে,আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি সহায় কৰক,ঈশ্বৰে মংগল কৰিব।কিন্তু বিনিময়ত নিজৰ অনুভৱক আত্মজাহ নিদিব।সেইটো ভূল।বুজা উচিত যে যিয়েই আপোনাক অৱহেলা কৰি এবাৰ আতঁৰি গৈছে,সি দ্বিতীয় বাৰো সুবিধা আদায় কৰি নিশ্চয়কৈ আতঁৰি যাবই লাগিলে আপুনি যিমানে আঘাতপ্ৰাপ্ত নহওঁক কিয়।
আৱেগক নিয়ন্ত্ৰণ কৰাতো দৰকাৰ।
সিদ্ধান্ত লোৱাৰ সময়ত সষ্টম হোৱাৰ দৰকাৰ আপোনাৰ ষষ্ঠ ইন্দ্ৰিয়ৰ, Sixsence ৰ।আমি প্ৰতাৰণাৰ বলি হওঁ কাৰণ
আমি আৱেগিক সিদ্ধান্ত বোৰ লোৱাৰ সময়ত হৃদয়ৰ কথা বেছিকৈ শুনো আওকাণ কৰো মগজুৰ শক্তিক।
বি:দ্ৰ: বাস্তৱিক হ’বলৈ হ’লে আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব। বিনিময় বিচাৰি থাকিলে,কষ্টৰ বাদে আন একো পোৱা নাযাব। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যদি মন-মগজু উভয়কে প্ৰাধান্য দিয়ে,আৱেগত আউল লাগি ভগ্ন হোৱাৰ বিষাদে কেতিয়াও আপোনাক বিষাদগ্ৰস্ত কৰিব নোৱাৰে।
ববিতা বৰা