আৱাহন – ডেকা ল’ৰালৈ
যোগেশ্বৰ কলিতা
ঐ ডেকা ল’ৰা
ক’ৰপৰা আহিলা
কলৈ বাৰু যোৱা
কথা এটি কওঁ
আহা শুনি যোৱা
মমতাহীন মানৱৰ
পাষাণ কলিজাবোৰ,
শুকাই গ’ল
কৌটি কৌটি অশ্ৰুকণা
বাধাহীন ভাবে অৰ্হনিশে
ধবংস যজ্ঞ চলিছে প্ৰকৃতিৰ চোঁৱা
চৰাই চিৰিকটি
পশু- পক্ষী নিধন
পাহাৰ পৰ্বতৰ খনন
হূদয়হীনাৰ আজি বিপথ গমন
ঐ ডেকা ল’ৰা
কৰ পৰা আহিলা
কলৈ বাৰু যোৱা
কথা এটি কওঁ
আহা শুনি যোৱা
ৰাণী ৰাষ্টীয় উদ্যানলৈ চোঁৱা
উচুপি কান্দিছে
তলমূৰ কৰি শাল গছৰ মূৰা
কাজিৰঙালৈ যোৱা
গচকিবা কিমান
গড়-হাতী, হৰিণাৰ তেজৰ চেকুঁৰা
এনেকৈয়ে হেৰাই যা’ব নেকি সকলো এদিন
বিলীন হ’ব নেকি প্ৰকৃতিৰ সেউজীয়া সোৱৰণ
ঐ ডেকা ল’ৰা
কৰ পৰা আহিলা
কলৈ বাৰু যোৱা
কথা এটি কওঁ
আহা শুনি যোৱা
নতুন উচাহে
দুচকুত অগ্নিসম দৃষ্টি আনি
বিপথগামি মানৱক
বজ্ৰ নিনাদে সাৱধান বাণী শুনোৱা
ঐ ডেকা ল’ৰা
সবান্ধবে সমস্তজনে
সংকল্প লওঁ আহা অটুট ৰখাৰ
প্ৰকৃতিৰ ৰূপ লাৱন্য৷