আৰ এছ এছৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰকৰ উপস্থিতিত ধুবুৰীত কেশৱ সেৱা সমিতিৰ বহুমুখী প্ৰকল্প ভৱন উদ্বোধন

আৰ এছ এছৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰকৰ উপস্থিতিত ধুবুৰীত কেশৱ সেৱা সমিতিৰ বহুমুখী প্ৰকল্প ভৱন উদ্বোধন

নয়নজ্যোতি তালুকদাৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাসজী কূলকাৰ্নিৰ উপস্থিতিত ১৭ আগষ্টত ধুবুৰীত অসম চৰকাৰৰ আনটাইড ফাণ্ডেৰে নিৰ্মাণ কৰা কেশৱ সেৱা সমিতিৰ এটা বহুমুখী প্ৰকল্প ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলাখনৰ উপায়ুক্ত অন্বামুথন এম পিয়ে । চহৰখনৰ ২ নং ৱাৰ্ডত নৱনিৰ্মিত এই বহুমুখী প্ৰকল্প ভৱনৰ উদ্বোধন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন সভাও অনুষ্ঠিত হয় । কেশৱ সেৱা সমিতিৰ সভাপতি তথা ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ দ্বীপেন অধিকাৰীৰ সভাপতিত্বত হোৱা সেই সভাখনত মুখ্য বক্তাৰূপে উল্লাসজী কূলকাৰ্নিয়ে দিয়া নিজৰ চমু ভাষণত এই বহুমুখী প্ৰকল্পৰ যোগেদি জিলাখনৰ দৰিদ্ৰ পৰিয়ালৰ নিৱনুৱা যুৱক-যুৱতীসকলে কৌশল বিকাশৰ যোগেদি স্বাৱলম্বনৰ বাট মোকলাবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে। ভাৰত মাতা পূজন আৰু বহুমুখী প্ৰকল্প ভৱনৰ স্থানডোখৰ কেশৱ সেৱা সমিতিক দানৰূপে দিয়া প্ৰয়াত মায়াৰাণী দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত এই সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে বিশিষ্ট সমাজসেৱক তথা কেশৱ সেৱা সমিতিৰ মুখ্য উপদেষ্টা পৰিতোষ ঘোষে । সভাখনত নিজৰ ভাষণত জিলা উপায়ুক্ত অন্বামুথনে বহুমুখী প্ৰকল্পৰ এই ভৱনটো জিলাখনৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ বুলি মন্তব্য কৰে আৰু নিবনুৱা সকলে ৰাজমিস্ত্ৰী ,পাইপ মিস্ত্ৰী,জ্বালাইকৰণ,মোবাইল মেৰামতি আদি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ লৈ স্ব-নিয়োজনৰ বাট মোকাবলৈ সক্ষম হব বুলি কয় । উল্লেখ্য যে সভাত ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱেও চমু মনোগ্ৰাহী ভাষণ ৰাখে । কেশৱ সেৱা সমিতিৰ এই বহুমুখী প্ৰকল্প ভৱনটো অতি সুন্দৰ আৰু মনোগ্ৰাহী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশিষ্ট নিৰ্মাণ বি কে জৈনক সমিতিৰ সভাপতি ড৹ দ্বীপেন অধিকাৰীয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰ উপৰিও কেশৱ সেৱা সমিতিৰ কোষাধ্যক্ষ অমৰ দীপ ভাৰ্মাৰ শলাগৰ শৰাইৰ পিছত কল্যাণ মন্ত্ৰ পাঠেৰে সভাৰ সামৰণি পৰে । ইফালে এই কাৰ্যসূচীত ধুবুৰীৰ উন্নয়ন আয়ুক্ত কান্তা দাস,ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ড৹ দেৱময় সান্ন্যাল,বিশিষ্ট সমাজকৰ্মী দিলীপ অৰ্জেল,কেশৱ সেৱা সমিতিৰ উপদেষ্টা শতদল শতদল কুণ্ডুকে ধৰি ভৱনটোৰ নিৰ্মাতা বি কে জৈন প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তিয়ে উপস্থিত থাকে । আনহাতে সভাত বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জিলাখনৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰথম গৰাকী প্ৰচাৰক ১৪ বছৰীয়া পৰেশ চন্দ্ৰ দাসক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় । লগতে বহুমুখী প্ৰকল্প ভৱন নিৰ্মাণৰ সৈতে জড়িত তত্বাৱধায়ক দেৱজিৎ দাসগুপ্ত, হেড ৰাজমিস্ত্ৰী,মিস্ত্ৰীক সমিতিয়ে সম্বৰ্ধনা জনায় ।