আৰ্তনাদ-সবিতা বেগম

আৰ্তনাদ
সবিতা বেগম,পাকাবেত বাৰী পাম
জন্ম লগ্নৰে পৰা
প্ৰশ্নৰ শিল
ভঙা হাতুৰীৰ কোব
চেঁচা চেঁচা আঙুলি
প্ৰতিটো সমিধান বিচাৰি
বিচ্যুতিৰ বিশাল এভাৰেষ্ট
লাঞ্চনাৰ গোল…।
বিচ্ছুৰিত ঘোৰ অমানিশা
নেদেখিলোই জোনাক
নহওঁতো অন্ধ
মিছাই ডাৱৰৰ আঁৰত
দুপাৰি ডালিমী গুটি।
সময়ৰ বিদ্ৰুপ দৃষ্টিত
অনবৰতে উৎফুল্লিত
যদিও
সুখবোৰ মোৰ খজুৱতি
কাৰণ দুখবোৰ জন্ম চিনাকি।
প্ৰতিটো নিশাৰ অন্তিমত শুনো
অশৰীৰি আত্মাৰ অগণন
আৰ্তনাদ কন্ঠধ্বনি।
প্ৰতিটো সপোনৰ
অন্তিম ভয়ংকৰ দাহৰ
অপমৃত্যুৰ নিৰ্মম সমাধি।
বৰষুণৰ আশা নাছিল
আৰু কেতিয়াও নকৰোঁ
মিছাই অপৰাধ
ছাহাৰা মৰুভূমিত
নাওবোৰ কিনিব কোনে …।