আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল মৈৰাবাৰীত

আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল মৈৰাবাৰীত

মৈৰাবাৰী ,ৰঙিলী বাৰ্ত্তাসেৱা- যি সময়ত অসম আৰক্ষীয়ে জন সাধাৰণক ন্যায় দিবলৈ একত্ৰিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিৰ্দেশ অনুসৰি এখন নিকা আৰু সুস্থ সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে তেনে সময়তে মৰিগাঁও জিলাৰ মৈৰাবাৰীত সংগঠিত হৈছে ভুক্তভোগীক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনা। জানিব পৰা মতে কেইবামাহ পূৰ্বে মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গুণাইবড়ি গাঁৱৰ শ্বহীদুল ইছলাম নামৰ এজন যুৱকে ভেলবড়ি গাঁৱৰ আবুল হেকীম নামৰ এজন দালালৰ হাতত চাৰি লাখ(৪) টকা বহিঃ ৰাষ্ট্ৰ কুৱেটত কাম দিয়াৰ বাবে জমা দিছিল। দালাল আবুল হেকীমে কাম দিয়াৰ চলেৰে ভুক্তভোগী যুৱক জনৰ পৰা চাৰি লাখ টকা ছলনাৰে লুটি লয় যদিও যুৱক জনক উপযুক্ত কাম নিদিয়াত যুৱক জন কুৱেটৰ পৰা ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হয়।পেছাত চুলি কটা (নাপিত) যুৱক জনক এনেদৰে কাম দিয়াৰ ছলেৰে কুৱেটত উট আৰু ছাগলী এৰাল দিয়া কামত নিয়োগ কৰিছিল দালাল জনে।দালাল জনৰ এনে কৰ্মত অতিষ্ঠ হৈ যুৱক জনে ঘৰলৈ ঘূৰি আহি দালাল জনৰ ওপৰত ৰাইজ মেল পতাত উক্ত ধনৰাহি খিনিৰ আধা অৰ্থাৎ দুই লাখ টকা ঘূৰাই দিবলৈ ৰাইজ মেলত সিদ্ধান্ত গ্ৰহণ কৰে।যদিও উক্ত ৰাইজ মেলত উপস্থিত থকা ভেলবড়ি গাঁৱৰ গাঁও প্ৰধান আজিজুৰ ৰহমানে এক নিৰ্দিষ্ট সময় সীমা বান্ধি দিয়ে কিন্তু দালাল জনৰ পৰিয়ালৰ লোকে সময় মতে ধন খিনি ঘূৰাই নিদিয়াত ভুক্তভোগী শ্বহীদুল ইছলামে মৈৰাবাৰী আৰক্ষী থানাত ১৮ জুন তাৰিখে এখন এজাহাৰ দাখিল কৰে।এজাহাৰ খন মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সহকাৰী উপ পৰিদৰ্শক মনেশ্বৰ বৰাৰ হাতত হস্তান্তৰ কৰে।আনহাতে পোন্ধৰ দিন উকলি যোৱাৰ পিছতো মনেশ্বৰ বৰাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ভুক্তভোগী যুৱক জনে মৈৰাবাৰী আৰক্ষী থানাত উপস্থিত হৈ বিষয়া জনক কেইবাদিনো অনুৰোধ জনায় যদিও কোনো ধৰণৰ সুফল লাভ নকৰিলে।যোৱা ১জুন তাৰীখে ৰাতি ন বজাত আৰক্ষী বিষয়া জনে ফোন যুগে যুৱক জনক পিছদিনা পুৱা থানালৈ মাতি আনি যুৱক জনক শাৰীৰিক বাবে আক্ৰমন কৰাৰ উপৰিও নানান ধৰণৰ গালি গালাজ পাৰে।ভুক্তভোগী যুৱক জনে কৰা অভিযোগ অনুসৰি আৰক্ষী বিষয়া জনে যুৱক জনক এনেদৰে বিনা কাৰণত শাৰীৰিক আক্ৰমণ কৰাত আৰক্ষী থানা খনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনে যুৱক জনক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলে।আনহাতে যুৱক জনে আৰক্ষী বিষয়া জনৰ এনে বৰ্বৰতাৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষী থানাত ১৫৩/২৩ নম্বৰত ৩২৫/২৯৪ ধাৰাত এখন এজাহাৰ দাখিল কৰিছে।যুৱক জনে উল্লেখ কৰা মতে থানাৰ চি চি টি ভি ফুটেজ চালেই সকলো তথ্য পোহৰলৈ আহিব।এজন আৰক্ষী বিষয়াই নিৰ্দোষী ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপা ভুক্তভোগীক এনেদৰে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ মৈৰাবাৰী অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।