আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট দাখিল

Pc The Janambhumi

আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট দাখিল

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰৰ প্ৰমাণ-পত্ৰ দাখিলৰ তথ্য পোহৰলৈ আহিছে।এবি আৰু ইউ বিৰ পৰীক্ষাত সংঘটিত হৈছিল এই জালিয়াতি।নিযুক্তি পৰীক্ষাত ৪১৪ জন প্ৰাৰ্থীৰ বিৰুদ্ধে ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে ভুৱা প্ৰমাণ-পত্ৰ জমা দিয়া ১০০ গৰাকী প্ৰাৰ্থীক চি আই ডিয়ে তলব কৰিছে।ইয়াৰে ২১জন প্ৰাৰ্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত হৈছিল আৰক্ষীৰ নিযুক্তি পৰীক্ষা।এই নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ দায়িত্বত আছিল গুৱাহাটী বিশ্ববিদ্যালয়। বৰ্তমানেও চিআইডি কাৰ্যালয়ত জেৰা অব্যাহত আছে।