আহা, আমি সৱে মিলি সেউজীয়া পোছাক পৰিধান কৰো- নাছিৰ আহমেদ

Pc Brahma Kumaris
আহা, আমি সৱে মিলি সেউজীয়া পোছাক পৰিধান কৰো
নাছিৰ আহমেদ, গোৱালপাৰা
( বিশ্ব পৰিবেশ দিৱস উপলক্ষে)
আহা ,আমি সৱে মিলি সেউজীয়া পোছাক পৰিধান কৰোঁ।
সিহঁতৰ বিষাক্ত দাঁতবোৰ উভালি পেলাওঁ ;
যি দাঁতে খান্দি খান্দি নাঙঠ কৰিছে
সেউজ বননিৰে ভৰপূৰ আমাৰ পৃথিৱীৰ বুকুখন ।
চাৰিওপিনে মৰুভূমি সদৃশ পৰিবেশ  ;
এজাক বৰষুণ আৰু নিৰ্মল বতাহৰ বাবে হাহাকাৰ!
সিহঁতে ব্যৱহাৰ কৰা ইন্ধনৰ অপৰ্যাপ্ত  পদাৰ্থৰ বাবে
 আজি ৰাজপথবোৰ পুতি দুৰ্গন্ধময় , ধুঁৱলি কুঁৱলি
বৃহৎ বৃহৎ কলখানাই কৰিছে শব্দ প্ৰদূষণ!
বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ  পৰীক্ষাৰ বাবে
নীলিম আকাশ আজি মৃগী ৰোগীৰ দৰে শেঁতা পৰা ওঁঠ!
সেউজ গৃহত হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গহ্বৰ
আৰু এই ধৰিত্ৰীৰ বুকুত নামি আহিছে   ধ্বংসাত্মক তেজস্ক্ৰিয়তাৰ ভয়াৱহতা !
 অনবৰতে চল্লিশ ডিগ্ৰী চেলচিয়াছ উত্তাপত
 ভূমণ্ডল হৈ পৰিছে এক জীৱন্ত  আগ্নেয় লাভা !
 আজি গৃহহাৰা হৈছে পক্ষীকুল আৰু জন্তুৰ দল
সিহঁতে শান্তিৰ আলয় বিচাৰি হৈছে ব্যাকুল।
নদীৰ সোঁত হৈ পৰিছে চিৰ স্তব্ধ,
 নানা ৰং বিৰঙৰ সৌন্দৰ্য্যময় ৰূপ হৈছে চিৰ ৰুদ্ধ!
মৰীচিকা খেদি খেদি মানুহ হৈছে দিক্ ভ্ৰান্ত।
ধৰাৰ বুকুত নামি আহিছে অন্ধকাৰ অঁমানিশা
প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ প্ৰকোপত
দমে দমে মানুহৰ মৰা শ উটি ভাঁহি যায় !
হে বন্ধু! এতিয়া পৃথিৱীৰ আৰম্ভ হৈছে শ্মশান যাত্ৰা
আহা ,আমি সৱে মিলি সেউজীয়া পোছাক পৰিধান কৰোঁ ।
নিজ হাতে নিৰ্মাণ কৰোঁ শাৰী শাৰী পৰ্বতমালা ।
এইখন আমাৰ পৃথিৱী,
ইয়াত জীয়াই থকা আমাৰ জন্মগত স্বত্ব !
মুষ্টিমেয় শোষকৰ সুখ- সমৃদ্ধিৰ বাবে
আমাৰ  পৃথিৱীক ধ্বংসৰ গৰাহত নিদিওঁ পৰিব  ;
আহা, আমি সিহঁতৰ বিৰুদ্ধে  ঘোষণা কৰোঁ  কুৰুক্ষেত্ৰ ৰণ !
আহা , আমি সৱে মিলি সেউজীয়া পোছাক পৰিধান কৰোঁ !!