আয়ুৰ্বেদ দিৱস উপলক্ষে দক্ষিণ কামৰূপ পশ্চিম বন সংমণ্ডলৰ অন্তৰ্গত কুলশী বনাঞ্চলত ওষধি গুণযুক্ত গছৰ পুলি ৰোপণ

আয়ুৰ্বেদ দিৱস উপলক্ষে দক্ষিণ কামৰূপ পশ্চিম বন সংমণ্ডলৰ অন্তৰ্গত কুলশী বনাঞ্চলত ওষধি গুণযুক্ত গছৰ পুলি ৰোপণ 

মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা-  নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে দক্ষিণ কামৰূপৰ পশ্চিম বন সংমণ্ডলৰ অন্তৰ্গত কুলশী বন সংমণ্ডলত ৰেঞ্জ অফিচাৰ কংকণ জৌতি কৌশিকৰ তত্ত্বাৱধানত কুলশী ৰেঞ্জৰ কৰ্মচাৰী বৃন্দই ৫০ ডালতকৈয় অধিক ওষধি গুণযুক্ত গছৰ পুলি ৰোপণ কৰাৰ লগতে সমগ্ৰ পশ্চিম কামৰূপ বন সংমণ্ডলত ২০০ ডালতকৈ অধিক গছ পুলি ৰোপণ কৰা হয় ৷ আনহাতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ APFBC (Assam Project on Forest and Biodiversity Conservation) ৰ পৃষ্ঠপোষকতাত PISA (Project Implementation Support Agency) ৰ দ্বাৰা কামৰূপ পশ্চিম সংমণ্ডলৰ অন্তৰ্গত কুলশী বনাঞ্চলৰ বৰগুৰুং জে এফ এম চিৰ ১৫ জন হিতাধিকাৰীক “মাছৰুম আৰু মূল্য সংযোজন”ৰ ওপৰত ৭ দিনীয়া প্ৰশিক্ষণ উদ্বোধন ২৫-১০-২০২৪ তাৰিখে বৰগুৰুঙত কুলশী ৰেঞ্জৰ ৰেঞ্জ অফিচাৰৰ উপস্থিতিত আৰম্ভ হয় ৷