আমৰাংগা বৰিহাটৰ পৰা লাডাখলৈ খোজ কঢ়া খেলুৱৈ অঞ্জলি দাসক সম্বৰ্ধনা

আমৰাংগা বৰিহাটৰ পৰা লাডাখলৈ খোজ কঢ়া খেলুৱৈ অঞ্জলি দাসক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ জিলাৰ আমৰাংগা বৰিহাটৰ হাটখোৱাপাৰাস্থিত নিজ গৃহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা নিজ গৃহৰ পৰা সুদূৰ লাডাখলৈ খোজ কাঢ়ি অভিলেখ সৃষ্টি কৰা অঞ্জলি দাসক আজি ’দক্ষিণ কামৰূপ সচেতন মঞ্চ’ৰ পৰা বিপুলভাৱে সম্বৰ্ধনা জনায়। অসমীয়া বিহুৱান, মানপত্র আৰু গছৰ পুলিৰে সম্বৰ্ধনা জনোৱা হয় । সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, শিক্ষা সম্পাদক ৰঞ্জিৎ মহন্ত, প্ৰচাৰ সম্পাদক শিৰষ দাস, সদস্য তাজনুৰ আলম চৌধুৰী, দক্ষিণ কামৰূপ ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত যোৱা দলটোৰ সম্বৰ্ধনা গ্রহণ কৰি অঞ্জলি দাসে কয়- মই খুৱেই সুখি। আজিৰ নতুন প্রজন্মৰ বিদ্যাৰ্থীসকলে ক্ৰীড়াত বেছি মনোনিৱেশ কৰিব লাগে। চৰকাৰেও যথোপযুক্ত ধৰণেৰে সহায় কৰিব লাগে। সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- অঞ্জলি দাস অসমৰ সম্পদ। তেওঁৰ দুঃসাহসিক ক্ৰীড়া শৈলীয়ে আমাৰ নতুন প্রজন্মৰ বাবে বৰ পাথেয়। ৰাজ্য চৰকাৰে অঞ্জলি দাসক যথোপযুক্ত সন্মান দিবলৈও অনুৰোধ জনায়। সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- দক্ষিণ কামৰূপলৈ ক্ৰীড়াৰ জড়িয়তে সন্মান কঢ়িয়াই অনা অঞ্জলি দাসৰ অনন্য প্ৰতিভাই আমাৰ বাবে বৰ প্ৰেৰণাদায়ক।