আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউচত দেৱালী উদযাপন

Pc Hindustan Times

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউচত দেৱালী উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউচত উদযাপন হ’ল পোহৰৰ উৎসৱ দেৱালী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু পত্নী জিল বাইডেনে হোৱাইট হাউচত দেৱালী অভ্যৰ্থনাৰ আয়োজন কৰে। হোৱাইট হাউচৰ ইষ্ট ৰূপত উদযাপন হোৱা দেৱালী অনুষ্ঠানলৈ ৰাষ্ট্ৰপতি বাইডেনে দুই শতাধিক ভাৰতীয়-আমেৰিকানক আমন্ত্ৰণ জনাইছিল। হোৱাইট হাউচৰ দেৱালী উদযাপনত চিতাৰবাদক ঋষভ শৰ্মা আৰু নৃত্য দল দ্য চা ডান্স কোম্পানীৰ প্ৰদৰ্শনো অনুষ্ঠিত হৈছিল।