আমেৰিকাত অপহৃত ৮ মহীয়া শিশুসহ ৪ জনীয়া ভাৰতীয় পৰিয়ালক হত্যা

Pc The Week

আমেৰিকাত অপহৃত ৮ মহীয়া শিশুসহ ৪ জনীয়া ভাৰতীয় পৰিয়ালক হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  আমেৰিকাত সন্ধানহীন হোৱা ৮ মহীয়া শিশুৰ সৈতে চাৰিজনীয়া ভাৰতীয় পৰিয়ালটোৰ আটাইকেইজনকে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।অপহৃত ভাৰতীয় বংশোদ্ভূত চাৰিজনীয়া শিখ পৰিয়ালটো কেলিফৰ্ণিয়াত মৃত অৱস্থাত পোৱা গৈছে।৮ মহীয়া শিশুৰ সৈতে ৪ জনীয়া পৰিয়ালটোক দুৰ্বৃত্তই প্ৰথমে কেলিফৰ্ণিয়াৰ মাৰ্কেড কাউণ্টিৰ পৰা অপহৰণ কৰি পৰৱৰ্তী সময়ত হত্যা কৰিলে।৩৬ বছৰীয়া জছদীপ সিং, ২৭ বছৰীয়া জছলীন কৌৰ, তেওঁলোকৰ আঠ মাহৰ সন্তান আৰুহী ধেৰী আৰু কেঁচুৱাটোৰ খুৰাক ৩৯ বছৰীয়া অমনদীপ সিঙৰ মৃতদেহ বুধবাৰে সন্ধিয়া ইণ্ডিয়ানা ৰোড আৰু হাচিনচন ৰোডৰ ওচৰৰ এখন বাগিচাত উদ্ধাৰ হৈছিল।আটাইকেইজনৰে মৃতদেহ একেটা অঞ্চলতে পোৱা গৈছিল।বাগিচাৰ ওচৰৰ এজন খেতিয়কে মৃতদেহবিলাক বিচাৰি পাইছিল আৰু লগে লগে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিল।