আমাৰ সামাজিক দায়বদ্ধতা – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Wallpaper Flare

আমাৰ সামাজিক দায়বদ্ধতা

আমি যেতিয়া দেৱভূমি ভাৰতত বসবাস কৰি আহিছোঁ তেন্তে আমাৰ সকলোৰে প্ৰথম পৰিচয় এজন ভাৰতীয় ৰূপে হ’ব লাগে। আনহাতে ভাৰতবৰ্ষক বিভিন্ন ৰাজ্য হিচাপে ভাগ কৰি যিখন ৰাজ্যত আমি বসবাস কৰোঁ সেয়া হ’বগৈ আমাৰ দ্বিতীয় পৰিচয়। ইয়াৰ পাছতেহে আমি বাস কৰা জিলাৰ,মৌজা লগতে আৰু অন্যান্য পৰিচয় আমাৰ লগত সাঙোৰ খাই পৰে। কাৰণ নিজ জিলাৰ পৰা ওলাই অন্য এখন জিলা পোৱাৰ লগে লগে আমি নিজ জিলাৰ জৰিয়তে নিজ পৰিচয় দিওঁ। সেইদৰে নিজ ৰাজ্য এৰি অন্য এখন ৰাজ্যত উপস্থিত হ’লে আমি বসবাস কৰা ৰাজ্যৰ ৰূপত নিজা পৰিচয় দাঙি ধৰো। আৰু অন্তিমত যেতিয়া আমি নিজ দেশৰ পৰা অন্য এখন দেশৰ অভিমুখে যাত্ৰা কৰো তেন্তে আমাৰ পৰিচয় এজন ভাৰতীয় ৰূপে দিবলৈ নিশ্চয় সকলোৱে বাধ্য হৈ পৰো নহয়নে ?। ইয়াৰ উপৰিও যদি ভবিষ্যতে পৃথিৱীৰ পৰা আমাৰ মহাকাশত উপস্থিত থকা নানান গ্ৰহ আৰু উপগ্ৰহ সমূহত যদি কিবা কাৰণত বসবাস কৰিবলৈ সম্ভৱপৰ হৈ উঠে তেন্তে আমাৰ পৰিচয় হবগৈ গোটেই ভূমণ্ডল বা পৃথিৱীখনে নহয়নে ?এতিয়া কথা হ’ল আমি মানু্হ হিচাপে জন্মগ্ৰহণ কৰাৰ লগে লগে আমাৰ সামাজিক দায়বদ্ধতা কিছু হ’লেও প্ৰতিজন মানুহৰ লগতে জড়িত হৈ থাকে। গতিকে সকলোৱে নিজে এই কথা উপলব্ধি কৰিব পাৰিব লাগিব যে এখন ভাৰতীয় সমাজত বসবাস কৰাৰ লগে লগে আমি প্ৰথমতে ভাৰতত বহুলভাৱে প্ৰচলিত ভাষা, ধৰ্ম,ক’লা, সংস্কৃত আদি জৰিয়তে বিশেষভাৱে প্ৰভাৱিত হৈ আছোঁ। আৰু ঠিক সেইদৰে আমাৰ ৰাজ্যভেদে আকৌ নিজ নিজ জাতিৰ এক সূকীয়া বৈশিষ্ট্য আছে। সেয়েহে নিজে নিজে বসবাস কৰি অহা ৰাজ্যৰ বিভিন্ন ধৰণৰ ভাষা,ক’লা, সংস্কৃতিৰ আদি জৰিয়তে আমি প্ৰত্যকজন ব্যক্তিয়ে প্ৰভাৱিত হৈ আছোঁ নহয়নে?। আমি যিহেতু প্ৰথমে এজন ভাৰতীয়। সেয়েহে ভাৰতবৰ্ষত বহুলভাৱে প্ৰচলিত ধৰ্ম ,ভাষা লগতে ৰাজ্যভেদে প্ৰচলিত ভাষা,ক’লা, সংস্কৃতিক আদি অন্যান্য সকলোখিনি বিষয় বস্তুবোৰক আকোঁৱালি লোৱাৰ লগে লগে দেশ আৰু ৰাজ্যৰ অস্তিত্ব ৰক্ষাৰ বাবে আমাৰ দায়বদ্ধতা সমূহ নিজে উপলব্ধি কৰিব লাগে।চাওঁক প্ৰথমে আমি নিজে বসবাস কৰা ঘৰখন ঠিক ঠাক কৰাৰ লগে লগে আমাৰ গাওঁ বা অঞ্চলৰ উপৰিও আমাৰ ৰাজ্য আৰু আমাৰ দেশ ভাৰতবৰ্ষক উন্নতিৰ মাৰ্গত আগুৱাই লৈ যাবলৈ প্ৰতিজন ভাৰতীয় লোকৰ নিজ নিজ সামৰ্থ্য অনুসৰি সহযোগ কৰি যোৱাত কিছু দায়বদ্ধতা নিশ্চয় থাকে নহয়নে ?। এতিয়া কথা হ’ল আমি কেৱল এজন প্ৰভাৱশালী বা ক্ষমতাসম্পন্ন ব্যক্তি হ’লে হে আমাৰ সমাজৰ প্ৰতি দায়িত্ব আহি পৰে, এনে নহয় । আচলতে আমি একেবাৰে সাধাৰণ ব্যক্তি হৈয়ো সমাজৰ প্ৰতি নিজৰ অৱদান আৰু অৰিহণা আগবঢ়ায় যাবলৈ সক্ষম। আমি প্ৰত্যকজন মানুহে নিজ নিজ সাধ্য অনুসৰি সঠিকভাবে নিজ ঘৰ ,গাওঁ বা অঞ্চলৰ প্ৰতি সামান্য অনুসৰি দায়িত্ব গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰি থাকিলেই আমাৰ গোটেই অসম তথা ভাৰতৰে মানচিত্ৰয়ে লাহে লাহে সলনি হৈ পৰিব। কিন্তু এতিয়া আমাৰ সমাজত ‘খাই পাত ফলা’ মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ ফলত আমাৰ ধৰ্ম,জাতি লগতে আমৰ ক’লা, সংস্কৃতিৰ উপৰিও আমাৰ ৰাজ্য বা দেশৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ পৰিছে । ঘৰ এখন ধ্বংস হয় পোনপ্ৰথমে ঘৰৰ মানুহৰ মূৰ্খতাৰ বাবে। বাহিৰৰ বেচিভাগ মানুহে কেৱল জ্বলি উঠা জুই দেখিলেই ঘিঁ ঢালি দিয়াৰ অপেক্ষা কৰি থাকে।

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি