আমাৰ মানৱ জীৱন কিমান যে মনোৰম – চন্দ্ৰ শেখৰ পৰাজুলী

Pc The Hans India

আমাৰ মানৱ জীৱন কিমান যে মনোৰম

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আমি বেচিভাগ মানুহে নিজৰ জীৱনক লৈ বৰ উদাসীন হৈ পৰোঁ। ইয়াৰ একমাত্ৰ কাৰণ হল আমি নিজৰ মাজতে ব্যস্ত হৈ থকাতকৈ বা নিজকে আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত নকৰাকৈ কেৱল আমি আনৰ জীৱন বা অন্যান্য মানুহে জীৱনত পোৱা সফলতাবোৰৰ পৰা এক নকাৰাত্মক মনোভাৱৰ সৃষ্টি কৰি লওঁ । ইয়াৰ ফলত আমি প্ৰতিজন মানুহৰ জীৱনত সফলতাৰ মাৰ্গত তথা এক সুখী জীৱন মাৰ্গত বহুত ডাঙৰ বাধা উৎন্ন হোৱা দেখা যায়। কিন্তু আমাৰ মানৱ জীৱন কিমান যে মনোৰম ইয়াক সামান্য এক সৰু এক উদাহৰণ সহকাৰে বুজিবলৈ চেষ্টা কৰোঁ আহক। এবাৰ এজনী অংগচ্ছেদ অৰ্থাৎ দুয়োখন ভৰিয়ে বিচ্ছেদ হোৱা ছোৱালী এজনী নগৰৰ মাজৰ ৰাস্তা এখন পাৰ হৈ অন্যকাষে পাবলৈ চেষ্টা আৰম্ভ কৰিলে। কিন্তু ৰাস্তাৰ মাজেৰে যানবাহন ইমানেই সঘনাই আৰু বহু বেগেৰে গতি কৰি থকাৰ ফলত তাই কিছুপৰ থকমি থাকিব লগিয়া হল। তাৰেই কিছুসময় ব্যতিত হোৱাৰ পিছত আকৌ ৰাস্তাৰ সিপাৰলৈ যাবলৈ চেষ্টা কৰিলে।কিন্তু ঠিক তেতিয়াই সেই আগৰ দৰে দ্ৰুত গতিত গাড়ী, মটৰ চাইকেল ৰাস্তাত চলাচল কৰি থকা দেখি পুনৰ এবাৰ থমকি ৰব লগা হল। অতি মাত্ৰাত গৰম পৰাৰ ফলত ছোৱালী গৰাকীৰ সমস্ত শৰীৰ ঘামি দূৰ্গন্দ হৈ পৰিছে। লগতে অতিমাত্ৰাত পিয়াহ লগাৰ ফলত হাত,মুখ শুকাই পৰিছে। ছোৱালী গৰাকীৰ এনে অবস্থা ৰাস্তাত খোজকাঢ়ি অহা যোৱা কৰা কিছুমান মানুহে লক্ষ্য কৰিছে যদিও আওকাণ কৰি নিজ নিজ লক্ষ্যৰ দিশে আগুৱাই গৈছে। তথাপিও ছোৱালী গৰাকীয়ে ৰাস্তা সিপাৰে পাবলৈ অপ্ৰাণ চেষ্টা চলাই গৈছে। এইবাৰ আকৌ এবাৰ আগতকৈ দুগুণ সাহসেৰে চুচুৰি,চুচুৰি কিছুদূৰ অতিৰিক্ত কৰিবলৈ সক্ষম হৈছিলেহি এনেতে ছোৱালী গৰাকীৰ সন্মুখৰ পৰা অতি প্ৰচণ্ড বেগেৰে ডাঙৰ এটা বাছ গাড়ী অহা দেখি পিছুৱাই আগৰ ঠাইখনতে উভতি আহিবলৈ বাধ্য হল। ছোৱালী গৰাকীয়ে বহু চেষ্টাৰ অন্ততো ৰাস্তা পাৰ হবলৈ সফল নোহোৱাত ৰাস্তাৰে খোজা কাঢ়ি চলা-ফুৰা কৰা মানুহবোৰৰ পৰা সহায়ৰ হাত বিচাৰিবলৈ প্ৰয়ত্ন কৰিলে। কিন্তু ইমানেই স্বাৰ্থপৰ মানুহবোৰ কোনো এজনে ছোৱালী গৰাকীৰ কথাত গুৰুত্ব প্ৰদান নকৰিলে। ইফালে আকৌ প্ৰচণ্ড মাত্ৰাত পিয়াহ বাঢ়িবলৈ ধৰিছে। ছোৱালী গৰাকীৰ মুৰৰ ঠিক ওপৰতে সূৰ্য দেবতায়ে যেন এক নৃত্য নাটিকা কৰিছে। অসহায় ছোৱালী গৰাকীৰ তাতেই কিছু চকু বন্দ কৰি জিৰণি ললে।কিন্তু যি যেনেকৈ হয় তেখেতে সিপাৰলৈ পাবগৈ লাগিব কাৰণ নিজ আশ্ৰয় থলিত সেই মাৰ্গৰে গতি কৰি যাব লাগিব। কিছুপৰ জিৰণি লোৱাৰ পিছত আকৌ এবাৰ ৰাস্তাৰে অহা যোৱা গাড়ীবোৰক লক্ষ্য কৰি আগুৱাই যোৱাৰ চেষ্টা কৰিবলৈ ধৰিলে। চব ঠিকেই আছে ছোৱালী গৰাকীয়ে ভবা মতেই তেতিয়া গাড়ীবোৰ কিছু পাতলকৈ চলিছে। কিন্তু এনেতে ১০৮ গাড়ী এটা ৰঙা বাতি জ্বলাই ডাঙৰ ডাঙৰ শব্দ কৰি ছোৱালী গৰাকীৰ সন্মুখেদি আহি থকা দেখিলে। তেতিয়া আৰু প্ৰাণৰ ভয়তে আগুৱাই যাবলৈ অসুবিধা হোৱাত পুনৰ এবাৰ আগৰে ঠাইখনতে ঘুৰি আহিব লগিয়া হল। ছোৱালীয়ে এইবাৰ হুকহুকাই কান্দি উঠিল আৰু ভাবিবলৈ ধৰিলে মোৰ যদি অন্যান্য সুস্থ সবল মানুহৰ দৰে ভৰি দুখন নোহোৱাৰ ফলত কত কিমান যে অসুবিধা হৈছে। সুস্থ সবল শৰীৰ হোৱা হলে নিজে উপাৰ্জন কৰি জীৱন নিৰ্বাহৰ বাবে সক্ষম হলো হয়। দুখন ভৰিত বৰ ধুনীয়া ধুনীয়া জোতা পিন্ধিবলৈ পালোঁ হয়। গাড়ী ,মটৰ চাইকেল কিনাৰ যদি ক্ষমতা নথাকিলেও কথা নাছিল অন্যান্য সামান্য মানুহৰ দৰে খোজ কাঢ়ি বা বাচ গাড়ীৰে কত কত ঘূৰি-ফুৰিবলৈ পালোহেতেন । অৰ্থিকভাবে সক্ষম নহলেও নিজে উপাৰ্জন কৰি নিজকে যিমান দূৰ সক্ষম শিক্ষিত কৰি তুলিবলৈ চেষ্টা কৰিলো হেতেন। কেৱল মাত্ৰ ভৰি দুখন নথকাৰ বাবে মই আজি নিজা সংসাৰ গঠনত অসমৰ্থ হৈছোঁ। মোৰ এজন ধুনীয়া স্বামী আৰু সৰু, সৰু কণমানি সন্তান হলহেতেন। যাৰ সন্মুখত বহি হয়তো পৃথিৱীৰ সমস্ত সুখবৰোৰ অনুভৱ কৰিলো হয়।এনেতে ছোৱালী জনীয়ে সপোনৰ পৃথিৱীৰ পৰা বাস্তৱ জীৱনলৈ ঘুৰি আহিল। আচলতে তাইৰ গোটেই জীৱনেই এক প্ৰত্যাহ্বান তথাপিও বৰ্তমান সময়ত ৰাস্তাৰ সিপাৰলৈ পোৱাৰ এক আংশিক ৰূপত কিছু প্ৰত্যাহ্বান সৃষ্টি হৈ আছে। আৰু তাই এইটোও নাজানে ইয়াৰ অন্ত কেনেকৈ পৰিব। সেয়েহে পুনৰ এবাৰ চুচুৰি বাগৰি আগুৱাই যোৱাৰ যত্ন কৰিছে। দৰাচলতে এতিয়া আমি সুস্থ সবল মানুহবোৰে এবাৰ ভাবিছোৱা উচিত যে, এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মূখীন হোৱা মানুহৰ মাজত কিমান যে প্ৰত্যাহ্বানৰ সৃষ্টি হব পাৰে। তথাপিও তেনেকুৱা ধৰণৰ অসহায় ব্যক্তি সকলৰ মুখত প্ৰায়ে হাঁহিৰ খিলিকলি ফুটি উঠা দেখা যায়। আমি হয়তো বহুতেই এই লিখনি ভাগত একেখিনি বিষয়ে ঘুৰাই ঘুৰাই লিখি যোৱাৰ বাবে পঢ়িবলৈও হয়তো আমনি অনুভৱ কৰিছিলোঁ নহয়নে?কিন্তু ভাবিচাবচোন এনেধৰনৰ অসহায় মানুহৰ জীৱন সংগ্ৰামৰ কথাবোৰ। আমি যে কিমান ভাগ্যবান ব্যক্তি। কাৰণ আমাৰ হাতত অইন একো নহলেও এক সুস্থ-সবল শৰীৰ আমাৰ লগত আছে। গতিকে কেতিয়াবা একান্ততে বহি কল্পনা কৰি চাবচোন আমাৰ মানৱ জীৱন কিমান যে মনোৰম।