আমাৰ পৰিবেশ আমিয়েই কৰিছোঁ বিনষ্ট – দিপ্তী মনি গোস্বামী

আমাৰ পৰিবেশ আমিয়েই কৰিছোঁ বিনষ্ট
দিপ্তী মনি গোস্বামী, লখিমপুৰ
আমাৰ বসভূমিৰ চাৰিওদিশ, নদ-নদী, গছ-লতিকা, পৰ্বত-পাহাৰ, ঘৰ-দুৱাৰ, অট্ৰালিকা, ৰাষ্টা- পদূলি, কল-কাৰখানা, নলা-নৰ্দমা আদিয়েই আমাৰ পৰিবেশ। কিছু পৰিবেশ প্ৰকৃতি প্ৰদত্ত আৰু কিছু মানৱ সৃষ্ট।আজিৰ আধুনিকতাৰ ধামখুমিয়াত , অসচেতনতা, দুৰদৰ্শী মনোভাৱৰ অভাৱ, আকাশলংঘী উচ্চাকাংক্ষী সভ্যতাৰ দৌৰত বিনষ্ট হৈছে আমাৰ পৰিবেশ। তাৰ ফলত সমাজ জীৱনলৈ নামি আহিছে অশনি সংকেট। গতিকে এই পৰিবেশ সংৰক্ষণ কৰাটো আমাৰ জীৱ শ্ৰেষ্ঠ মানুহেই গুৰু দায়িত্ব। ঈশ্বৰ প্ৰদত্ত সেউজ অৰণ্য আজি ধ্বংসৰ গৰাহত, সেই ধ্বংসৰ আঁৰত জীৱ শ‌্ৰেষ্ঠ মানৱ , ফলত বৃদ্ধি হৈছে গোলকীয় উষ্ণতা। গতিকে জীৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ খাতিৰত বনাঞ্চল সুৰক্ষিত কৰি ৰখাটো আমাৰ প্ৰধান কৰ্তব্য।আমাৰ পণ হ‌ওক….”এটি গছ পুলি কাটিলে দুটি গছ পুলি ৰুৱাৱ মানসিকতা গঢ়ি তোলা।”সময়তৰ অভাৱত অথবা এলাহৰ কৱলত পৰি আজি আমি বিভিন্ন অনুষ্ঠান পাতিলে থাউকতে পোৱা সহজ লভ্য one -time  কাঁহী – বাটি, গিলাছ আদি ব্যৱহাৰ কৰি যতে ততে পেলাই প্লাষ্টিকৰ এক বিৰাট পাহাৰ সজাই তুলিছো। তাৰ প্ৰদূষণেও জীৱ বৈচিত্ৰ্য লৈ ভাবুকি আনিছে।গতিকে আমি সেই বিষয়ত সজাগতা অনাৰ বিশেষ প্ৰয়োজন বাটৰ নাট আদিৰ জৰিয়তে। যেতিয়া সেই বিষয়ত জনধাৰন সচেতন হ’ব তেতিয়া সেই প্ৰদূষণ ৰোধ কৰিব পৰা যাব।লগতে প্লাষ্টিক বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰি।আজি কালি যতে ততে গঢ় লৈ উঠা কল-কাৰখানাৰ ধূলি-ধোঁৱাই আমাৰ পৰিবেশ বিনষ্ট কৰিছে, জনসাধাৰণৰ জীৱনলৈ ও ভাবুকি কঢ়িয়াই আনিছে।গতিকে তেনে ধৰণৰ উদ্যোগ আদি মানুহৰ বসভূমিৰ ওচৰত বহাবলৈ নিদি এক ক্ষুদ্ৰ আন্দোলেনে আমাৰ পৰিবেশ সুৰক্ষিত কৰি ৰাখিব পৰা যাব।আজিৰ মানুহক মাটিয়ে নোজোৰে, নলা-নৰ্দমা পুতি , নদীৰ পাৰ দখল কৰি তাত অনেক অট্ৰালিকা নিৰ্মাণ কৰা উদাহৰণ তেৱেই সুলভ, ফলশ্ৰুতিত সেই নগৰ, চহৰ বা চঞ্চলটোত হয় কৃত্ৰিম বানপানী। গতিকে তেনে ক্ষেত্ৰ সমূহত জনধাৰনে দৃষ্টি আৰোপ কৰি প্ৰতি বন্ধকতাৰ পৰিবেশ গঢ়ি তোলাৰ অতি প্ৰয়োজন।সকলো দিশতে সকলো ক্ষেত্ৰতে অকল চৰকাৰে কিবা কৰিব বুলি ভাবি নাথাকি যদি জনসাধাৰণে সকলো ক্ষেত্ৰতে আগভাগ লৈ প্ৰশাসনৰ সহায় সহযোগিতাৰে প্ৰতিৰোধৰ ক্ষেত্ৰত আগ ভাগ লৈ আগবাঢ়ি যায়, তেতিয়া আমাৰ পৰিবেশ নিশ্চয় সুৰক্ষিত হৈ ৰ’ব।