আমাৰ জীৱন…..-নন্দেশ্বৰ মিলি

Pc DAWN

আমাৰ জীৱন…..

গোটেই দিনটো কামত ব্যস্ত থাকি
যেতিয়া আবেলি ঘৰলৈ বুলি খোজ দিওঁ
চাৰি আলিৰ চ’কত থকা
ৰতন দাইটিৰ দোকানত সোমাই
একাপ গৰম ফিকা চাহৰ স’তে
গল্পৰ মেল পাতোঁ।
শ্বেক্সপীয়েৰৰ নাটকৰপৰা
বেজবৰুৱাৰ সাহিত্যলৈ
ৰাজেশ খান্নাৰ চিনেমাৰপৰা
ৰণবীৰ সিঙৰ চিনেমালৈ
ঘূণাসুঁতিৰ পানৈ-জংকিৰপৰা
মায়া নগৰীৰ কৰীণা-চৈফৰ বিবাহলৈকে…
বিষ্ণু -জ্যোতি-ভূপেনৰ সংগীতৰপৰা
জুবিন-দীপলিনাৰ গানলৈকে।
ৰাজনীতি-সমাজনীতি-অৰ্থনীতি
কবিতা-চিনেমা-সাহিত্য-সংগীত
প্ৰেম-বিচ্ছেদ,সফল-বিফল সকলোখিনি
সাৰ পাই উঠে মেলত।
ইফালে ঘৰত আইজনীয়ে
মোলৈ বাট চাই চাই
ভাগৰি পৰে ছাগৈ’
ঘৰখন পাতিব লাগে বুলি
আইয়ে কৈ কৈ
কামৰ ব্যস্ততা দেখুওৱাই
আঁতৰি ফুঁৰিছো ময়েই।
নন্দেশ্বৰ মিলি
নগাঁও,অসম