আমাৰ আপোন বিহু আৰু কিছু চিন্তা-ফখৰুদ্দিন আহমেদ

pc The sentinel assam

আমাৰ আপোন বিহু আৰু কিছু চিন্তা

ফখৰুদ্দিন আহমেদ

হাই স্কুলীয়া জীৱনত “অসমৰ জাতীয় উৎসৱ ” ৰচনাখনি মুখস্থ কৰা আমাৰ কাৰণে প্ৰায় বাধ্যতামূলক আছিল। কাৰণটো হ’ল নবম , দশম মানৰ ছমাহিলী তথা বছৰেকীয়া আৰু মেট্ৰিক পৰীক্ষাত উক্ত ৰচনা খন প্ৰায়েই আহিছিল। সেয়ে শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলে ছাত্ৰ ছাত্ৰী অৰ্থাৎ আমি ৰচনাখন মুখস্থ কৰি পৰীক্ষাৰ বাবে প্ৰস্তুত হৈ থকাতো কামনা কৰিছিল।
আমাৰ ঘৰখনত থকা পৰিয়ালৰ সদস্য সকলৰ ভিতৰত ককাদেউতা যিজনক আমি বুঢ়া বাবা বুলি মাতিছিলো তেখেত আৰু আমাৰ দেউতা দুয়োগৰাকী মৌলবী মানে ইছলামী ধৰ্ম শাস্ত্ৰ আৰু দৰ্শনত পণ্ডিত আছিল। হ’লেও বহাগ বিহু বা ৰঙালী বিহু , কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহুত কিছুমান আচাৰ পালন কৰা প্ৰত্যক্ষ কৰিছিলো। ঠিক তেনেদৰে কেৱল আমাৰ পৰিয়ালটোৱেই নহয় সমগ্ৰ গাঁও খনৰ পৰিয়ালবোৰেই এই আচাৰবোৰ কৰিছিল।
এতিয়াৰ পৰা অতি কমেও চাৰি দুই দশক মানৰ পূৰ্বে অসমৰ প্ৰতি ঘৰতে অনবৰত তাঁত শালৰ মাকোৰ খিট্ খিটনিৰ শব্দ অহৰহ শুনিবলৈ পোৱা গৈছিল। এই শালত বোৱা গামোচাৰে বৰজনাক গাঁৱৰ তিৰোতা সকলে মান ধৰাৰ নিয়ম পালিত হৈ আহিছিল পৰম্পৰাগত ভাবে । এয়া কাৰ্য বিশেষভাবে পালিত হৈছিল বহাগ বিহুৰ সময়ত। হিন্দু-মুছলমান বুলি নহয় ওচৰ চুবুৰীয়া গাঁওবোৰে উমৈহতীয়া ভাবে মিলিজুলি বহাগী উৎসৱ আৰু বহাগী বিদায় অনুষ্ঠানবোৰ পালন কৰিছিল। বিহু কুঁৱৰী প্ৰতিযোগিতা , বিহু গীতৰ প্ৰতিযোগিতাৰ সৈতে ৰজিতা খুৱাই আন আন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল সাহিত্য , সংস্কৃতি আদি দিশত। শিশু , কিশোৰৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৱে হিয়া উজাৰি যোগদান কৰিছিল ৰঙালী বিহুৰ উৎসৱত।
কাতি বিহুত পথাৰত জ্বলোৱা হয় বন্তি । নিজৰ ঘৰৰ চোতালৰ সমুখত থকা তুলসী গছৰ তলত চাঁকি জ্বলোৱাৰ নিয়ম পালিছিল গাঁওবোৰত। অৱশ্যে এই ক্ষেত্ৰত উল্লেখনীয় যে অসমত হিন্দু-মুছলমান নিৰ্বিশেষে সকলোৰে ভৰাল ঘৰৰ সমূখতহে স্থান তুলসী গছৰ। তুলসী গছৰ প্ৰতি ধৰ্ম নিৰ্বিশেষে সকলোৰে অসীম শ্ৰদ্ধা এতিয়াও আছে। বিশেষকৈ বসন্ত ৰোগত আক্ৰান্ত হ’লে কৰা জৰা-ফুকা ইত্যাদিত তুলসী গছৰ ডাল পাত ব্যবহাৰ কৰাৰ প্ৰথা অসমীয়াৰ জন জীৱনত এতিয়াও বিৰাজমান। পথাৰত চাকি বা বন্তি জ্বলোৱাৰ উপৰিও বিশেষকৈ মুছলমান লোক সকলে কাতি বিহুৰ সময়ত সন্ধিয়া বেলা ধান খেৰৰ উকুৰা (ধোৱা উলিওৱা এবিধ বিশেষ যতন) জ্বলাই খেতি পথাৰত ধোৱা দিয়া দেখা গৈছিল।
বছৰেকত এদিন গোহালিৰ গৰু বন্ধা ৰছীবোৰ সলাই নতুনকৈ দিয়াৰ নিয়ম আছিল আমাৰ সমাজত। সেই দিনটোত সৰু কালিত আমি বিশেষ স্ফুৰ্তি লাভ কৰিছিলো। পিছলৈ ডাঙৰ হৈ আমি গম পাইছিলো সেয়া পৰ্ব আছিল গৰু বিহু উপলক্ষেহে। ভৰালত সোমোৱা ন চাউলৰে বনোৱা পিঠা পনা বনাই ইষ্ট কুতুম্বক আদৰ সাদৰেৰে খুউৱা পৰ্ববোৰ আছিল ভোগালী বিহুৰ অন্তৰ্গত।
কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত শৰাইঘাটা গাঁৱত থকা শ্ৰদ্ধাৰ তৰা নাথ নামৰ তাৱৈ গৰাকীৰ ঘৰলৈ যোৱাতো আমাৰ ভোগালী বিহুৰ এক পৰম্পৰা আছিল বুলি ক’লে ভুল কোৱা নহ’ব। তাৱৈয়ো আহিছিল আমাৰ ঘৰলৈ চুঙা পিঠা লৈ। ভোগালী বিহুৰ দিনত দৰং জিলাৰ উজনি বাঁহগড়াৰ আমাৰ ডাঙৰ পেহা মৰহুম চাদুল্লা মুন্সী আৰু ককা দেউতা মৰহুম উজিৰ আলি মুন্সীয়ে কলগছত চুঙা পিঠা পোৰা দৃশ্য আজিও বাৰুকৈয়ে মনত আছে। তামোল , নাৰিকল , কঠাল আদি ফলৰ গছত ধানখেৰৰ ৰছীৰে বান্ধ দিয়া , কচু পাত ৰাতি বান্ধি থৈ পুৱা পানী জমা হৈ আছে নে নাই চোৱা এই বোৰ প্ৰথা সম্প্ৰতি অসমীয়া মানুহৰ ঘৰত আছে নে নাই সন্দেহ আছে।
সনয়ৰ আহ্বানত অইন জনগোষ্ঠীৰ উৎসৱ পাৰ্বনত পৰিবৰ্তন অহাৰ দৰে অসমৰ উৎসৱ পাৰ্বনটো পৰিবৰ্তন আহিল। পথাৰৰ যুৰীয়া আঁহতৰ তলৰ পৰা বিহু আহি অত্যাধুনিক মঞ্চত উঠিলহি। কিছু দশকৰ পিছত হয়তু চুঙা পিঠা বুলি ক’লে অসমীয়া শিশুবোৰে বুজি নাপাব। সম্প্ৰতি ভকা পিঠা খাবলৈ হ’লে নগৰ, চহৰৰ হোটেললৈ যাব লগা পৰিস্থিতি ইতিমধ্যে আহি গৈছে।ট্ৰেক্টৰে লৈছে গৰু ম’হৰ হালৰ স্থান। হাল ,মৈ , যুঁৱলি পাইছেগৈ সংগ্ৰাহালয়ৰ গৃহ। অৱশ্যে এয়া সময়ৰ আহ্বান। কিন্তু অসমৰ জনজীৱনত সমস্যা হৈছে আন এটি কাৰণতহে। সেয়া হৈছে অসমত এতিয়া হঠাৎ জনপ্ৰিয় হোৱাৰ বাবে নিত্য নতুন কাৰচাজিৰ আশ্ৰয় লৈ আছে এচামে। এই মঞ্চখনিত প্ৰতিষ্ঠিত ৰাজনীতিক আৰু ৰাজনীতিত যোগদান কৰিব বিচাৰি উপায়ৰ সন্ধানত থকা সকলৰ বাৰুকৈয়ে ঠেলা হেচা হোৱা পৰিলক্ষিত হৈছে। তেওলোকৰ কিছুমানে জাতীয় সংস্কৃতিক বাচি লৈ ধৰ্মৰ লগত সংপৃক্ত কৰিছে , কিছুমানে জাতীয় উৎসৱক সংপৃক্ত কৰিছে ধৰ্মৰ লগত। মুকলি মুৰীয়াকৈ সাধাৰণ জনতাই অজীৰ্ণতাত ভোগা মন্তব্য কৰিবলৈকো কুণ্ঠাবোধ কৰা নাই। অতি সম্প্ৰতি এগৰাকী মন্ত্ৰীয়ে মন্তব্য কৰিছে যে বিহু হিন্দুৰহে জাতীয় উৎসৱ ,মুছলমান সকল অতিথি হৈহে আহে। কি নাভূত নাশ্ৰুত বক্তব্য। ৰাইজৰ প্ৰতিনিধি হৈ উন্নয়নৰ কথাতকৈ এনে ধৰণৰ মূল্যবোধহীন কথাৰে জনতাক বিভ্ৰান্ত কৰি ৰখাৰ প্ৰয়াসৰহে আখৰাত ব্যস্ত এই সকল।
সম্প্ৰতি উন্নয়ণৰ প্ৰতিশ্ৰুতিৰে জনপ্ৰতিনিধি হোৱা সকলে ভবিষ্যতে নিজকে ৰাজনীতিত টিকি থাকিবলৈ ধৰ্মক টাৰ্গেট কৰি লোৱা বিষয়টি উত্তৰ প্ৰজন্মৰ ক্ষেত্ৰত ভয়াবহ হৈ পৰিব বুলি নিশ্চয়কৈ উল্লেখ কৰিব পাৰি।ৰাজনৈতিক নেতা সকলৰ উন্নয়ণ বিমুখীতাক ঢাকি ৰাখিবলৈ সাম্প্ৰদায়িক ভাবে জন সাধাৰণক মোহাচন্ন কৰি ৰাখি অসমৰ শান্তি , সম্প্ৰীতি আৰু সমন্বয়ক সোঁৱৰণিৰ অটল গহ্বৰলৈ নিক্ষেপ কৰিবলৈ বিচাৰিছে।বিহুক হিন্দুত্ববাদৰ ৰং সানিব বিচৰা সকল কিন্তু কেৱল অসমৰ মুছলমান সকলৰেই শত্ৰু নহয় , তেওঁলোক অসমৰ জাতীয় জীৱনৰ শত্ৰু হিচাপে পৃথিবী ধ্বংশ নোহোৱালৈ চিহ্নিত হৈ থাকিব। ৰাজনৈতিক ভাবে লাভ কৰা ক্ষমতাৰ বলে কাকো চিৰদিন বলীয়ান কৰি ৰখা অসম কিয় সমগ্ৰ পৃথিবীত নজিৰ নাই। ক্ষমতাৰ ৰাগীয়ে মুৰত ধৰা সকলে আকৌ এবাৰ গুৰুত্ব সহকাৰে চিন্তা কৰিলে তেওলোকৰ নিজৰ লগতে সাধাৰণ জনতাৰ পৰম উপকাৰ হ’ব।