আফগানিস্তানৰ ভূমিকম্পত প্ৰায় ১,০০০ লোক নিহত

pc hindustan times

আফগানিস্তানৰ ভূমিকম্পত প্ৰায় ১,০০০ লোক নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- আফগানিস্তানৰ প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা উপ ৰাজ্যিক মন্ত্ৰী মাওলাভি শৰফুদ্দিনে কৈছে যে দেশখনত সংঘটিত ৬.১ প্ৰাবল্যৰ ভূমিকম্পত প্ৰায় ১,০০০ লোক নিহত হৈছে আৰু ৬০০ ৰো অধিক লোক আহত হৈছে। ভূমিকম্পৰ পিছত এক সংবাদ সন্মিলনত শৰফুদ্দিনে মৃত্যু হোৱা লোকৰ সংখ্যা  কৈছিল। তালিবান নেতা হিবাতুল্লা আখুন্দজাদাই কৈছে যে শ শ ঘৰ ধ্বংস হৈছে।