আপ আৰু কংগ্ৰেছৰ কেইবাগৰাকী নেতা-কৰ্মীৰ তৃণমূল কংগ্ৰেছত যোগদান

আপ আৰু কংগ্ৰেছৰ কেইবাগৰাকী নেতা-কৰ্মীৰ তৃণমূল কংগ্ৰেছত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা-  অন্য কেইদিনৰ দৰে আজিও অসম তৃণমূল কংগ্ৰেছৰ জয়ানগৰস্থিত মুখ্য কাৰ্যালয়ত আম আদমী পাৰ্টী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কেইবাগৰাকী বিষয়-ববীয়া আৰু কৰ্মীয়ে অসম তৃণমূল কংগ্ৰেছৰ আদৰ্শ, কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে৷ দলৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ উপস্থিতিত অসম ৰাজ্যিক আম আদমী পাৰ্টীৰ শ্ৰমিক বিকাশ সংগঠনৰ সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক শ্যামাপদ ৰয়, ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰজী আহমেদ, কামৰূপ মহানগৰ জিলাৰ কোষাধ্যক্ষ ফাৰুক আহমেদ, কামৰূপ মহানগৰ জিলাৰ যুটীয়া সমন্বয়ক ৰাহুল চৌহান, অসম আপৰ সক্ৰিয় কৰ্মী ৰাজেশ দাস, কনক কলিতা, ৰুবুল হক সহ প্ৰায় কুৰিগৰাকী নেতা-কৰ্মীয়ে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ আনহাতে, একেটা যোগদান অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ সাংস্কৃতিক বিভাগৰ উপ-সভাপতি তথা মঞ্চ জগতৰ জনপ্ৰিয় গায়ক তানা দেৱৰাজেও অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ সভাপতি ৰিপুন বৰাই আম আদমী পাৰ্টী আৰু প্ৰদেশ কংগ্ৰেছৰ আটাইকেইগৰাকী নেতা-কৰ্মীক দললৈ উষ্ম আদৰণি জনায়৷