আপোনত্বৰ সুবাস বিচাৰি – দ্বীপশিখা শৰ্মা

আপোনত্বৰ সুবাস বিচাৰি
দ্বীপশিখা শৰ্মা, নগাঁও
হয়তো সময় আছিল ২০২০চন। কেনেকৈ আহি সেই বন্ধুত্বৰ তালিকাত সোমাইছিল সেই বিষয়ে অলপো মনত নপৰে। হঠাৎ এদিন তেওঁৰ Hii.. শব্দটিৰ পৰা আমাৰ চিনাকী হৈছিল। মাজে সময়ে ভালে আছা? তাইৰ ৰিপ্লাই ওম আছোঁ , তোমাৰ ভাল নে? ওম ভাল ভাল। এনেকৈয়ে মন ভৰা দুই এটি বাৰ্তা।সময়ৰ সোঁতত তেওঁ ও ব্যস্ত নিজক লৈ হয়তো ময়ো ব্যস্ত হৈ আছিলোঁ নিজক লৈ, দুই এবাৰ যদিও ফোন যোগে কথা হৈছিল তথাপিও অনুভৱ কৰিব পৰা নাছিলোঁ তেওঁৰ হৃদয়ৰ গোপন বাৰ্তা। যি নহওঁক দিনবোৰ তেনেকৈয়ে গৈ থাকিল।হয়তো ইজনে সিজনক পাহৰিব খোজোতেই আকৌ সময়ে বৰ বিশেষকৈ আপোনত্বৰ সুগন্ধি বিয়পাই দিলে যেন।সেইদিনা আছিল তেওঁৰ জীৱনৰ বিশেষ দিন।এই কাৰণেই বিশেষ বুলি কৈছোঁ কাৰণ তেওঁৰ কষ্ট, ত্যাগ ৰ সফল প্ৰাপ্তি। গ্ৰেড iii জুনিয়ৰ এছিছন্টেত পোষ্ট ত চাকৰি পাইছে। কিন্তু ,তাই খবৰটো দুদিন দেৰিকৈ পাইছে , তাইক সি নিজেই জনাইছে মই job পালোঁ।তাৰ সেই মেচেজ টো দেখিয়েই তাইৰ অভিমান ভৰা ৰিপ্লাই… কিয় ৰিজাল্টৰ দিনাই জনাব নোৱাৰিলা? এবাৰো পঢ়িছা বুলি নকলা হ’ব বেয়া পাইছোঁ বহুত তোমাক । সচা ক’ব গ’লে তাইকো যেন ক’ৰবাত তাৰ সেই বিশেষ সুখৰ সময়খিনিয়ে সুখী কৰি তুলিলে।তাই মনটো আনন্দত পাৰ নোহোৱা হ’ল।কাৰণ এইবাৰ তাইয়ো ভাবি থৈছিল চাকৰি বাবে পঢ়িব তাইকো বহুত প্ৰয়োজন এটা চাকৰি। বিশেষ সময়ত বিশেষ ভাৱে, সেইবাবে তাইয়ো তাক সুধিব ল’লে কিতাপৰ পৰা আদি কৰি কিছুমান নজনা বিষয়লৈকে ,সিয়ো তাইক বুজাই দিলে লগতে উৎসাহ দিলে পাৰিবা তুমি ও ভালকৈ পঢ়া । তাইয়ো উৎসাহিত হৈ পঢ়াৰ সময় নিৰ্ধাৰিত কৰি লবলৈ ধৰিলে, মনটো ঠিৰাং কৰিলে জীৱনত প্ৰাপ্তিৰ হকে এখোজ তাইয়ো দিব । কিন্তু ,বিধাতাই জানো দিব? আমি ভবাৰ দৰে ?.. হঠাৎ কোনোদিনে নভবা,নিচিন্তা এটি কথাই তাইক মষিমূৰ কৰি তুলিলে।তাইৰ একেবাৰে ঘনিষ্ঠ বন্ধু,যিয়ে তাইক প্ৰতিটো সময়ত সাহস দিছিল, প্ৰতিটো সময়ক উদযাপন কৰিবলৈ শিকাইছিল।তাইক সুখী কৰিবলৈ যিমান পাৰে চেষ্টা কৰিছিল আৰু আজি তাৰেই accident হৈ হস্পিটেলৰ ICU. ত আছে।তাইক যোনে ইমান সাহস দি উৎসাহ দি জীয়াই ৰাখিছিল আজি তাৰেই এনে অৱস্থা। তাই যেন মৰি গৈছে ভিতৰি ভিতৰি,ভাবি ভাবি দুচকুৰ অশ্ৰুৰে নিগৰাই দিছে, তথাপিও তাৰ মাত এষাৰো নাপালে । গুছি গলগৈ অজান দেশলৈ।কিন্তু তাই জানো পাহৰিব পাৰিব?সেই নিস্বাৰ্থ ভাৱে সি কৰা ত্যাগ বোৰৰ লগতে তাইৰ বাবে কৰা সংগ্ৰাম বোৰ ! সেইবোৰ মনৰ মাজতে লৈ স্মৃতিৰ দলিচাত থাকোতেই দুখৰ উমান ল’বলৈ হয়তো মা কালিয়েই বিশেষ জনক পঠাইছিল সেই মুহুৰ্তত। তেওঁৰ এটি দুটি বাৰ্তা.. সি:-ভালে আছা?তাই:- ওম আছোঁ আৰু!সেই সময়ে তাইক যেন পৰীক্ষা হে ল’ব আৰম্ভ কৰিছিল। যিটো বন্ধুৱে তাইৰ বাবে নকৰাকৈ একো নাছিল কিন্তু সেই বন্ধুটোৰ বাবে তাইৰ দিবলৈ একোৱেই নাছিল।চিন্তাত বিভোৰ হৈ এবাৰ মনলৈ আহিছিল তেওঁক কৈ চাও,যদি তেওঁ সহায় কৰে শান্তি পাম কিবাকে হ’লেও। তেঁওক লগে লগে ফোন কৰিলে, তেওঁ ও ফোনটো ৰিচিভ কৰিলে । তেওঁ তাইৰ কথাত সমৰ্থন জনালে,হৈ যাব দিয়া ।উফ্ তাইৰ যেন বুকুখনৰ বিষটো অলপ হ’লেও কমি গৈছে।পিছদিনাৰ পৰা তেওঁ ও খবৰ লৈ থাকে তাইৰ হয়তো তেওঁ মনটো যেন তাইৰ প্ৰতি দুৰ্বল আছিল ,যি নহওঁক মনৰ দুৰ্বল হ’লে হয়তো কোনেও ৰাখিব নোৱাৰে। তাইক আপোন কৰাৰ ইচ্ছা হয়তো তেওঁৰ আগৰপৰাই আছিল। সেয়ে তাইক সাহস দিবলৈ গৈ কান্দোন মচিব গৈ তাইৰ মনৰ মাজত কেতিয়া সোমাই পৰিল গমেই নাপালে । প্ৰায়ে ক’বলৈ ল’লে -তুমি নাকান্দিবা,ভালে থাকা , তোমাক শক্তি দিয়ক মা কালিয়ে , মই প্ৰাৰ্থনা কৰিছোঁ মোৰ পৰা অলপ হ’লেও শক্তি তোমাক দি দিয়ক।এই শব্দ খিনি শুনি তাইৰ যেন আকৌ জীয়াই থাকিব মন গ’ল। কোনোবা নহয় কোনোবাই হ’লেও তাইৰ ভাল হোৱা টো বিচাৰে। বিশ্বাস কৰিবলৈ টান । তাইৰ এই ২৩টা বছৰত কিমান যে,কি হেৰুৱাইছে। জীৱনত পোৱাতকৈ নোপোৱাৰ তালিকা খনেহে তাইৰ জীৱনত প্ৰধান্য লাভ কৰি আছে। তাইৰ জীৱনৰ সকলোখিনিয়েই হিয়া উজাৰি তেওঁ ক কৈ পেলালে ।হয়তো তাইৰ জীৱনত তেওঁৱেই প্ৰথম । যি নেকি অন্তৰৰ সকলো কথাই তেওক কৈ উঠি মনটো পাতল কৰিছে। এনেকৈয়ে এদিন দুদিনকৈ তেওঁ তাইৰ প্ৰতি আপোনত্বৰ দিশে আগুৱাব খুজিলে। প্ৰতিটো কথাত সাহস প্ৰতিটো মুহুৰ্তত যত্ন, আৰু প্ৰতিটো আবেলি তাইৰ সৈতে জিৰাব খোজে। তাইও বুজি পালে তেওঁ ৰ মৰমৰ গভীৰতাৰ উমান।তাইয়ো সহাঁৰি জনাই আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি দিলে দুখৰ সাগৰ ভেদি বিচাৰিব খোজে, এতিয়া নিজৰ সপোন বাস্তৱত ৰূপায়িত কৰি অস্তমিত ৰঙা সুৰুযৰ ৰঙেৰে তেওঁৰ অনামিকা আঙুলিৰ পৰশে উকা কপাল ৰঙীন কৰিব তুলিব জীৱন জীৱনলৈ আপোনত্বৰ সুগন্ধি সকলোতে বিয়পাই তুলিব বিচাৰে।দুয়োৱে দুয়োৰ প্ৰতি নতুনৰ দিশে এখোজ দিব খোজে…অন্তৰৰ পৰা বিচাৰিলে যে সকলো সম্ভৱ তাৰেই প্ৰমাণ মানস আৰু ধুনু ..(তুমিয়েই আদি তুমিয়েই অনাদি,তোমাতেই শেষ হ’ব আমাৰ জীয়া জীৱনৰ কাহিনী)।