আপুনি যি গছ ৰুৱ তাৰ ফল আপুনিয়ে খাৱ লাগিব – অনামিকা দাস

Pc- The Sunday Guardian
আপুনি যি গছ ৰুৱ তাৰ ফল আপুনিয়ে খাৱ লাগিব
অনামিকা দাস, বৰপেটা
মানুহবোৰ উচ্চ শিক্ষিত হ’ল। সৰু সৰু ঘৰবোৰো এতিয়া অট্টালিকা হ’ল।কোঠালিবোৰোডাঙৰ ডাঙৰ হ’ল,কিন্তু ডাঙৰ ঘৰবোৰত এতিয়া মাক-দেউতাৰ বাবেই ঠাই নোহোৱা হ’ল । এয়াই আজিৰ শিক্ষিত সমাজ । এটা কথা মনত ৰাখিব আপুনি যিডাল গছ ৰুৱ সেয়াই ফল পাব । আজি আপুনি আপোনাৰ মা-দেউতাৰ লগত যি কৰিব এদিন আপোনাৰ সন্তানে সেই একেইখিনি আপোনাৰ লগত কৰিব। আৰু সেয়া সন্তানৰ দোষ নহয় সেয়া আপোনাৰ ভুল। কাৰণ সেই গছডাল আপুনি আগতেই ৰুই থৈছিল গতিকে তাৰ ফল আপুনিয়ে খাৱ লাগিব। মা-দেউতা আমাৰ জীৱন দুটা অমূল্য ৰত্ন। যিয়ে আমাক এই পৃথিৱলীলৈ আনিছে। যাৰ বাবেই আমি আজি এই সুন্দৰ জগতখন চাবলৈ পোৱাৰ সৌভাগ্য পাইছোঁ।যাৰ পোহৰত আমাৰ আমাৰ জীৱন উজ্বল হৈছে সেয়াই হৈছে আমাৰ মা-দেউতা।জীৱনৰ মূল্যৱান সময় মা-দেউতাই আমাৰ বাবেই ত্যাগ কৰে।কেৱল আমাৰ সুখৰ বাবেই কঠোৰ পৰিশ্ৰম,কঠোৰ ত্যাগ কৰে । নিজৰ অভাৱবোৰ পাহৰি আমাৰ অভাৱবোৰ পূৰ্ণ কৰে। নিজে নাখাই ও আমাক খুৱাই। ক’ত যে নিশা আমাৰ নামত উচৰ্গা কৰে । সেয়া কেৱল আমাৰ মা-দেউতাই জানে । আৰু সেই মা-দেউতাৰ যদি ত্যাগবোৰ কোনোৱা সন্তানে পাহৰি যায় সেয়া এক মহাপাপ।এটা সৰু বীজৰ পৰা এডাল ডাঙৰ বৃক্ষ কৰি গঢ়ি তোলাত কিমান কি বলিদান দিব লগা হয় সেয়া কেৱল মাক-দেউতাকৰ বাহিৰে কোনেও বুজি নাপায় ।আপুনি যেতিয়া খাৱ পৰা হোৱা নাছিল তেতিয়া আপোনাৰ মায়ে খুৱাই দিছিল।যেতিয়া বেমাৰত আপোনাৰ শৰীৰ বেয়া হৈছিল,তেতিয়া আপোনাৰ মায়ে টুপনি ক্ষতি কৰি আপোনাৰ শুশ্ৰুষা কৰিছিল।যেতিয়া আপুনি প্ৰথম খোজ কাঢ়ি বাৰে বাৰে পৰি গৈছিল,যেতিয়া বাৰে বাৰে ভুল কৰি জীৱনটো বেয়া পথত আগুৱাই নিছিল তেতিয়া আপোনাৰ দেউতাই আপোনাক সঠিক পথ দেখুৱাইছিল। ইমানবোৰ বলিদান আৰু ত্যাগৰ পিছতো যদি আপুনি আপোনাৰ মা-দেউতাক পাহৰি যায় তেতিয়াহ’লে ইয়াৰ ফল আপুনি এদিন পাব । যি মা-দেউতাই আপোনাক মানুহ কৰি গঢ়ি তুলিবলৈ ত্যাগৰ প্ৰতিমূৰ্তী হ’ল সেই মা-দেউতাৰ কষ্টখিনি যদি আপুনি ডাঙৰ মানুহ হৈ পাহৰি যায়, এদিন সেই একেখিনি কষ্ট আপুনিও পাব আপোনাৰ সন্তানৰ পৰা।সেইদিনা আপোনাৰ অনুভৱ হ’ব,যিদিনা আপোনাৰ সন্তানে আপোনাৰ সেই একেখিনি যত্ন নলব যিখিনি যত্ন আপুনি আপোনাৰ সন্তানৰ লৈছিল । সেইদিনা আপোনাৰ অনুভৱ হ’ব, যিদিনা আপোনাৰ সন্তানৰ বিশাল ঘৰখনত ডাঙৰ ডাঙৰ কোঠালিৰ মাজত এটা সৰু কোঠালি নাথাকিব আপোনাৰ বৃদ্ধা শৰীৰটোৱে জিৰণি লোৱাৰ বাবেই সেইদিনা আপোনাৰ অনুভৱ হ’ব । সেইদিনা আপোনাৰো চকুপানী ওলাব । সেইদিনা আপোনাৰ নিজকে বৰ অসহায় যেন লাগিব কিন্তু আপুনি অনুতপ্ত হোৱাৰ বাহিৰে একো নাথাকিব । কাৰণ আপুনি আজি যিখিনি কষ্ট ভুগী আছে সেয়া আচলতে আপোনাৰ কৰ্মফল ।