আন্ধাৰ মোৰ প্ৰিয়
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
পোহৰ বিচাৰি বিচাৰি হাবাথুৰি
পোহৰ লাগে মাথোঁ পোহৰ লাগে
পোহৰে জগতৰ মাধুৰ্য বঢ়াই
প্ৰতি খোজে খোজে প্ৰবল অভিপ্ৰায়
পোহৰ আৰু পোহৰ।
কেতিয়াবা আন্ধাৰো প্ৰিয়
কিমান চাম দাপোণত সৌন্দৰ্যৰ সঁফুৰা
কিমান আৰু চাম পোহৰৰ খেলা
আন্ধাৰতে গুপুতে হেঁপাহ জাগে
নিজক হেলাৰঙে চোৱাৰ।
মৌনতাও কেতিয়াবা আপোনহৈ পৰে
অন্ধকাৰ নিশাত সপোনেও খেলা পাতে
ৰিব্-ৰিব্ বতাহজাকে
ভাৱনাত তোলপাৰ লগাই
আন্ধাৰতে সিঁচি দিয়ে কণ-কণ ধূলি।
পোহৰ, পোহৰ কৰি খাওঁ হাবাথুৰি
কেতিয়াবা আন্ধাৰেও দিয়ে সুখৰ বাতৰি,
আন্ধাৰত নিজক চিনি পাওঁ
আন্ধাৰতে কল্পনাত ডুব যাওঁ
আন্ধাৰতে সৃষ্টি হয় নতুনত্বৰ।
নিতাল ঘোৰ আন্ধাৰত
মনৰ দাপোণত থুপিতৰাই দোলা দিয়ে
অলেখ সোণসেৰীয়া অলংকাৰৰ,
পৰিধান কৰিম সৃষ্টিৰ বাসনাত
সেয়ে কেতিয়াবা আন্ধাৰে অতি প্ৰিয়।