আন্দোলনেই সমস্যা সমাধানৰ একমাত্র উপায় নেকি? – ঋষি লহকৰ

pc.- istock

আন্দোলনেই সমস্যা সমাধানৰ একমাত্র উপায় নেকি?

আন্দোলন কিয় আৰু কিহৰ বাবে? আন্দোলনে ভৱিষ্যৎ প্রজন্মৰ কিবা সমাধান উলিয়াহব পাৰিছেনে? আন্দোলনৰ ফলত আমি কিবা বাস্তৱ প্রতিচ্ছবিৰ ফল লাভ কৰিব পাৰিছোনে? এনেবোৰ প্রশ্নই কেতিয়াবা মনটোক অশান্তিপূর্ণ কৰি তোলে। ইয়াৰ কেতিয়াও অন্ত নপৰে নেকি? আৰু এটা কথা এই যে আন্দোলন কৰাৰ কাৰণ কি? সাধাৰণতে মই ক’বলৈ ওলাইছে৷ ইয়াৰ কাৰণ সাধাৰণতে প্রাপ্যৰ পৰা বঞ্চিত হৈ অহা বাবে একাংশই আন্দোলন কৰা দেখা যায়, একাংশই আকৌ দুর্নীতি ৰোধৰ বাবে, একাংশই হত্যা, হিংসা, লুণ্ঠনৰোধৰ বাবে, একাংশই দুর্ঘটনাজনিত কাৰণ ৰোধৰ বাবে, একাংশই জীয়াই থকাৰ বাবে, একাংশই বানপানী গৰাখহনীয়া ৰোধৰ বাবে, একাংশই নিবনুৱা সমাধানৰ বাবে, একাংশই ভৌগোলিক চাৰিসীমাৰ সমাধানকে ধৰি বিভিন্ন সমস্যা সমাধনৰ বাবে আন্দোলনত নামি পৰা দেখা পোৱা যায়। এইটো সঁচা অৰ্থত ক’বলৈ গ’লে আমি এইটোয়ে বুজো, যে আন্দোলন নকৰিলে চৰকাৰ বা প্রশাসন ব্যৱস্থাই অকণো গুৰুত্ব নিদিয়ে। তেনে ক্ষেত্ৰত এক্সংশই ভুক্তভোগীয়ে আন্দোলন চলাই চৰকাৰৰ দৃষ্টি আকর্ষণ পাত্ৰস্বৰূপ হয় পাৰে। আৰু এই আন্দোলনৰ পৰিপ্ৰেক্ষিততে চৰকাৰে কিছু কিছু ক্ষেত্ৰত কাৰ্য পালন কৰাটো দৃষ্টিগোচৰ হৈ আহিছে। কথা হ’ল এতিয়া আন্দোলন মানে সহজ অৰ্থত দৃষ্টিগোচৰ কৰোৱা। সেয়েহে আন্দোলন হ’ব লাগে যুক্তি সংগত। আন্দোলনৰ বাবে আন্দোলন কৰিলে সেই আন্দোলন হয় মহাব্যাধিস্বৰূপ। অহিংসা নীতিৰ মাধ্যমেৰে আন্দোলন আগবাঢ়িলে ফলপ্রসু পোৱাটো নিশ্চিত। কিন্তু কথা হ’ল এতিয়াৰ প্ৰায় সংখ্যক আন্দোলনেই হৈ আহিছে ক্ষমতাকেন্দ্রিক, ব্যক্তিস্বার্থ জড়িত, উচটনিমূলক, নেতৃত্ব বহন আদি। উচটনিমূলক আৰু হিংসাজড়িত আন্দোলনৰ বাবে আন্দোলনথলী ৰণথলীত পৰিণত হোৱা দেখা যায়। ৰাজপথ তেজেৰে ৰাঙলী হৈ পৰে। মইভাৱো তেনে আন্দোলনৰ কোনো যুক্তিযুক্ততা আছে জানো। তেনে আন্দোলনে কেতিয়াবা সমস্যা সমাধান কৰিব নোৱাৰে বৰং বেছি ভয়ংকৰ হ’ব পৰা দেখিবলৈ পোৱা যায়। আজিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি কওঁ যে কোনো কোনো ক্ষেত্ৰত অহিংসা আন্দোলনৰ কিছু প্ৰাসংগিকতা নথকাও নহয়। এতিয়া কথা হ’ল যে আন্দোলনৰ ভাষা বা অর্থ বুজি নোপোৱা একাংশইকিহৰ বাবে আন্দোলনৰ পথলৈ ওলাই আছে, হয়তো সেইসকলে আনৰ প্ৰৰোচনাত আন্দোলন পথলৈ ওলাই আহি আন্দোলনৰ ৰূপ বিকৃত আৰু ভয়াৱহ কৰি তোলে। তেনে আন্দোলনে কোনোদিনে সমস্যা সমাধান কৰিব নোৱাৰে। বৰং জ্বলা জুইত ঘিঁউ ঢালিহে থাকিব পাৰিব। আমি সকলোৱে আশা কৰা উচিত যে এখন আন্দোলনমুক্ত সমাজ, দেশ বিশ্ব শান্তিৰ পৰিবেশ গঢ়ি তুলিব পাৰিলে আন্দোলনৰ কোনো যুক্তিযুক্ততাই নাথাকিব।

ঋষি লহকৰ