আন্তৰ্জাতিক পিতৃ দিৱস সম্পৰ্কে আলোকপাত – নাছিৰ আহমেদ

আন্তৰ্জাতিক পিতৃ দিৱস সম্পৰ্কে আলোকপাত
নাছিৰ আহমেদ, গোৱালপাৰা
প্ৰথমতে ১৯০৮ চনত ওৱেষ্ট ভাৰ্জিনিয়াৰ মাইনিং দুৰ্ঘটনাত মৃত্যুবৰণ কৰা পিতৃ সকলক সুঁৱৰি আমেৰিকাৰ মনোগাহ নামৰ ঠাইত পিতৃ দিৱস পালন কৰা হৈছিল। তাৰপিছত আমেৰিকাৰ চিভিল যুদ্ধৰ মহান নেতা উইলিয়াম জেকচন স্মৰ্টৰ জীয়েক ছনোৰা স্মাৰ্ট ডডে ১৯১০ চনৰ জুন মাহৰ তৃতীয়টো দেওবাৰে আমেৰিকাত পিতৃ দিৱস উদযাপন কৰিছিল। তেতিয়াৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পৃথিৱীৰ বিভিন্ন দেশে জুন মাহৰ তৃতীয়টো দেওবাৰে পিতৃ দিৱস উদযাপন কৰি আহিছে। সেই হিচাপে ২০২৩ চনত তৃতীয়টো দেওবাৰ অৰ্থাৎ  ১৮ জুনত আন্তৰ্জাতিক পিতৃ দিৱস।   প্ৰত্যেক জন সন্তানে তেওঁলোকৰ পিতৃক সেইদিনাখন বিভিন্ন ভাৱে  সন্মান প্ৰদৰ্শন কৰা উচিত । গানেৰে, কবিতাৰে, অভিনয়,  চিত্ৰ-কলা অঙ্কণ, প্ৰৱন্ধ ৰচনা কৰি পিতৃ দেৱতাক সমাজত শ্ৰেষ্ঠ আসনত উপবিষ্ট কৰা সন্তানসকলৰ প্ৰকৃত দায়িত্ব। আমাৰ ভাৰতীয় সংস্কৃতি মতে পিতৃৰ স্থান সকলো দেৱতাৰো উৰ্ধত। যেনে, সংস্কৃত শ্লোক মতে ”পিতা ধৰ্ম, পিতা স্বৰ্গ, পিতাহি পৰমাত্ম, পিতৰি সন্নপে, পিতাহি সৰ্ব দেৱতা। ” আমাৰ সমাজ হ’ল– পিতৃ প্ৰধান। পৰিয়ালৰ মূল মানুহ জনেই হ’ল পুৰুষ-ৰূপী পিতৃজন।  সন্তানক পোহপাল দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকক  সমাজক প্ৰতিষ্ঠিত কৰাৰ বাবে এজন পিতৃয়ে শৰীৰৰ এক বিন্দু তেজ থকা লৈকে মৃত্যুৰ আগ মুহূৰ্ত লৈকে সংগ্ৰাম কৰি যায়। তেওঁলোকৰ এই আত্মত্যাগৰ বিনিময়ত  পিতৃয়ে সন্তানৰ পৰা একো নিবিচাৰে ; তেওঁলোকে কেৱল সন্তানৰ মাজেদি নিজক চাব বিচাৰে । সন্তান বিলাক যেন মাক-বাপেকৰ দাপোন,  নিজৰ আত্মপৰিচয় দাঙি ধৰিব বিচাৰে, সন্তানৰ মাজেদি মৃত্যুৰ পিছতো জীয়াই থাকিব বিচাৰে, অপূৰ্ণ স্বপ্ন পূৰণ কৰিব বিচাৰে আৰু তেওঁলোকে স্থাপন কৰা এচপৰা ইটাৰ ওপৰত  সন্তানে এক বৃহৎ গৃহ গঢ়ি তোলাটো কামনা কৰে।  লগতে সন্তানৰ পৰা বিচাৰে এক সঁচা নিভাজ মৰম চেনেহ ; কিন্তু কম সংখ্যক পিতৃ তথা মাতৃৰ বাহিৰে বেছি ভাগ পিতৃয়ে সন্তানৰ পৰা পায় অনাদৰ, অৱহেলা । অতি আধুনিকতাৰ ধামখুমিয়াত লৰা-ছোৱালীয়ে ইলেকট্ৰনিক মাধ্যমত ইমানেই ব্যস্ত হৈ পৰে যে, মা-দেউতাৰ আশা-আকাঙ্ক্ষাক ভৰিৰে মোহাৰি কল্পনাৰ জগতত উটি ভাঁহি ফুৰে। নিজক প্ৰতিষ্ঠা কৰাৰ নামত বৃদ্ধ পিতৃক অসহায় অৱস্থাত পেলাই দূৰ লৈ আতৰি যায় ; পিতৃক দেৱতাৰ আসনত বহুওৱাতো দূৰৰ কথা, সামান্য মানুহৰ শাৰীতো স্থান নিদিয়ে । গতিকে সমাজৰ এই অধঃপতন তথা অৱক্ষয়ক ৰোধ কৰি মানৱতাবোধ থকা উচ্চ আদৰ্শ এখন সমাজ গঢ়িব পাৰিলেহে ; য’ত পিতৃয়ে নিজৰ সন্তানৰ পৰা কমেও অকণ মান সঁহাৰি পায়, পায় সন্মান,  পায় উচ্চ মৰ্যাদা, তেতিয়াহে পিতৃ-দিৱস উদ্ যাপন কৰা অৰ্থপূৰ্ণ হ’ব।আন্তৰ্জাতিক পিতৃ দিৱস উপলক্ষে বিশ্ব বিশ্ৰুত আমেৰিকাৰ কনফেছনাল কবি শ্বীলভিয়া প্লেথে (Sylvia Plath) ১৯৬২ চনৰ ১২ অক্টোবৰত ৰচনা কৰা ” Daddy” নামৰ  কবিতাটি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কালজয়ী কবিতা হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কবিতাটিৰ প্ৰথম শাৰীকেইটা তলত দিয়া হ’ল-
Daddy written by Sylvia Plath
” You do not do
   You do not do
  any more , black shoe
I which I have lived like a foot
for thirty years,poor and white
Barely daring to breathe or Achoof.”
পিতৃ দিৱস উপলক্ষে ৰচিত কেইবাটাও quotationৰ  ভিতৰত তলত উল্লেখ কৰা দুটি বিশ্ববিখ্যাত  quotation.
A good father is one
of the most unsung,
unpraised, unnoticed,
and yet one of the
most valuable assets
in our Society.
          Written by Billy Graham
A father’s tears and fears
are unseen ,  his love
in unexpressed, but
his care and protection
remains as pillars
of strength throughout
               of lives.
Written by Amath Vanniarachchy
LONG   LIVE   FATHER’S DAY.