“আন্তৰ্জাতিক অহিংসা দিৱস” – স্বাগতা বৰুৱা গোস্বামী

pc Timetoast

“আন্তৰ্জাতিক অহিংসা দিৱস”

স্বাগতা বৰুৱা গোস্বামী

জন্মদিন বা Happy birth dayএই শব্দটো আমাৰ সকলোৰে বাবে বৰ ভাল লগা শব্দ নহয়নে বাৰু? তোমালোকৰ বয়সত,মই হিচাপ কৰি থাকো মোৰ জন্মদিনলৈ আৰু কিমান দিন বাকী আছে বাৰু?? যেতিয়া নিৰ্দিষ্ট দিনটো আহি যায় ৰাতিপুৱাৰ পৰা মনটো ভাল লাগি থাকে।সেই দিনটোত সকলোৰে পৰা কিমান যে আদৰ পাওঁ। আকৌ কোনে কোনে শুভেচ্ছা জনাইছে সেইটোও হিচাপ কৰি থাকো।আত্মীয় কোনোবাই শুভেচ্ছা নজনালে ভাবি থাকো কিয় বা নাই জনোৱা,কেনেবাকৈ পাহৰিলে নেকি আকৌ। তোমালোকৰো এনেকুৱাই হয় চাগে নহয়নে?তোমালোকে নিজৰ জন্মদিনটোতো ভাল পোৱায় তাৰ উপৰিও বন্ধু-বান্ধৱীৰ জন্মদিনবোৰো সমানেই ভাল পোৱা নহয়নে?সচাঁকৈয়ে ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে ভাল পোৱা অনুস্থান এই জন্মদিন টো।?সকলো মানুহৰেই জন্ম হয় আৰু সেই জন্মই যেতিয়া বৰ্ষপুতি লাভ কৰে তেতিয়াৰ পৰাই জন্মদিনৰ অনুষ্ঠান পাতে।কিন্তু কিছুমান বিশেষ মানুহৰ জন্মৰ দিনটো গোটেই বিশ্বয়ে পালন কৰে, তেওঁলোকৰ স্মৃতি ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই ৰাখিবলৈ।আজি তোমালোকক মই এজন ব্যক্তিৰ জন্মদিনৰ বিষয়ে ক’ম যিজনৰ জন্মদিনটো গোটেই বিশ্বয়ে উদযাপন কৰে।সেই ব্যক্তি জন হ’ল,আমাৰ সকলোৰে পৰিচিত জাতিৰ পিতা,বাপু মহামানব মহাত্মা গান্ধী।গান্ধীৰ জন্ম হয় ১৮৬৯ চনৰ ২অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত। গান্ধীৰ জন্মদিনৰ দিনা বিশ্বজুৰি উদযাপিত হয় “বিশ্ব আহিংসা দিৱস “আৰু আমি সকলো ভাৰতীয়ই “গান্ধী জয়ন্তী”হিচাপে ইয়াক পালন কৰি আহিছো।আজি আমি বিশ্ব অহিংসা দিৱসনো কি জানোচোন আহা।
প্ৰতি বছৰে অক্টোবৰ মাহৰ ২ তাৰিখে আমাৰ মৰমৰ বাপুজী জনৰ জন্মৰ দিনটো অহিংসা দিৱস হিচাপে পালন কৰো।অহিংস দিৱসৰ ধাৰণা লাভ কৰিছিল প্ৰথমে ইৰাণৰ নোবেল বটাঁ বিজয়ী শ্বিৰীন ইবাদীয়ে মুম্বাই বিশ্বৰ সামাজিক মঞ্চৰ পেৰিছ আন্তৰ্জাতিক শিক্ষাৰ্থীৰ হিন্দী শিক্ষক এজনৰ পৰা।ভাৰতীয় জাতীয় কংগ্ৰেছৰ কিছু সংখ্যক নেতাই এই ধাৰণাৰ প্ৰতি আকৃষ্ট হৈছিল।সেই হিচাপে ২০০৭ চনত দিল্লীত অনুস্থিত হোৱা এক সত্যাগ্ৰহ সভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধী আৰু নোবেল বটাঁ বিজয়ী ডেছমণ্ড টুটোয়ে ৰাষ্ট্ৰসংঘক এই দিৱসৰ ধাৰণা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।তাৰপিছত ২০০৭ চনৰ ১৫ জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ভোটৰ জড়িয়তে ২ অক্টোবৰ দিনটো “আন্তৰ্জাতিক অহিংসা দিৱস” হিচাপে ঘোষণা কৰি সকলোৰে মাজত”শিক্ষাৰ যোগেৰে অহিংসাৰ উপযুক্ত বাৰ্তা বাহক আৰু সমাজ সচেতনতা”আনিবলৈ সকলো সদস্য ৰাষ্ট্ৰক আহ্বান জনায়। এই দিনটোত মহাত্মা গান্ধীৰ কৰ্মৰাজী স্মৰন কৰা হয়।২০০৮ চনৰ পৰা এই দিৱস গান্ধী জয়ন্তীৰ দিনা উদযাপন কৰিবলৈ লোৱা হৈছে।গতিকে মইনাহঁত আজি “আন্তৰ্জাতিক অহিংসা দি‌ৱস”ৰ বিষয়ে জানিলাহঁত নহয় জানো।এই মহান ব্যক্তি জনৰ জন্মদিন টোত আমি সকলোৱে তেওঁৰ নাম স্মৰণ কৰি তেখেতক শ্ৰদ্ধা জনাওঁ আহা।