আন্তৰিক সৌন্দৰ্য অতি আবশ্যক
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আজিকালি যুগৰ পৰিবৰ্তনৰ লগে লগে মানুহবোৰৰ মানসিক চিন্তাধাৰাৰ ওপৰত বহু পৰিবৰ্তন দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত মানুহে মানুহৰ আচল অস্তিত্বৰ পৰা আঁতৰি আহি দৈহিক বা বাহ্যিক প্ৰদৰ্শন ওপৰত অধিক বল প্ৰয়োগ কৰা দৃষ্টিগোচৰ হৈছে। বৰ্তমান সময়ত দৈহিক প্ৰদৰ্শনৰ জৰিয়তে প্ৰায়বোৰ মানুহে আন্তৰিক সুখৰ সন্ধানত উঠি পৰি লগা দেখা যায়। দৈহিক বা বাহ্যিক প্ৰদৰ্শনৰ জৰিয়তে আয়ত্ব কৰা সুখৰ সম্ভাৰ একেবাৰে সন্তেকিয়া হয় বুলি সকলোৰ মানুহে উপলব্ধি কৰিবলৈ সক্ষম হোৱাৰ পিছতো এইবোৰ ক্ষেত্ৰতে মানুহৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এতিয়াৰ ভোগবাদী, বস্তুবাদী আৰু যান্ত্ৰিক জীৱন শৈলীয়ে মানুহৰ প্ৰকৃত অস্তিত্ব, প্ৰকৃত সত্ত্বাৰ পৰা আতৰ কৰি আনিবলৈ দিনক দিনে ভৰপূৰ প্ৰয়াসত নামি পৰিছে। আচলতে প্ৰায় সকলোবোৰ মানুহে গম পায় যে, আমাৰ বাহ্যিক সূন্দৰতাৰ বা বাহ্যিক প্ৰদৰ্শনতকৈ বেছি মহন্তপূৰ্ণ বিষয় হ’ল আমাৰ আন্তৰিক সৌন্দৰ্য্যতা। অৰ্থাৎ আমাৰ মন, মস্তিষ্কৰ আৰু আত্মিক সৌন্দৰ্য্যতায়ে হ’ল প্ৰকৃত সৌন্দৰ্য্যতা । সকলোৰে বাবে আন্তৰিক সৌন্দৰ্য অতি আবশ্যক যদিও বৰ্তমান সময়ত এইবোৰ বিষয়-বস্তুৰ প্ৰতি কিমানবোৰ মানুহে প্ৰাধান্যতা প্ৰদান কৰিছে ? এতিয়াৰ সময়ত দৈহিক বা বাহ্যিক প্ৰদৰ্শন ওপৰত জোখতকৈ অধিক প্ৰাধান্য প্ৰদানৰ ফলত মানুহে আন্তৰিক সৌন্দৰ্য্যতা সমূহক তিলাঞ্জলি দিবলৈ কুণ্ঠাবোধ কৰা নাই। কিন্তু যিমানেই যুগৰ পৰিবৰ্তন নহওঁক কিয় ? আমাৰ ভোগবাদী, বস্তুবাদী, বা বৰ্তমান সময়ৰ যান্ত্ৰিক উপকৰণ সমূহৰ প্ৰতি যিমানেই মানুহৰ মাজত দূৰ্বলতা নাথাকক কিয় ? মুঠতে সুস্থ-সবল মানুহ আৰু সুস্থ-সবল সমাজ এখনৰ নিৰ্মাণৰ বাবে আন্তৰিক সৌন্দৰ্য্যতায়ে অতি আবশ্যক । যাক আমি হয়তো আমাৰ হাতত থকা ধন-সম্পত্তিৰ জৰিয়তে ক্ৰয় কৰাৰ বাবে বহু প্ৰচেষ্টা চলোৱাৰ পিছতো আমি ব্যৰ্থতা স্বীকাৰ কৰিবলৈ বাধ্য হ’বই লাগিব। সেয়েহে সময় থাকোঁতেই নিজকে জগাই তোলাৰ প্ৰয়াস কৰিলে অত্যন্ত ভাল হ’ব যেন লাগে। নহ’লে এসময়ত গৈ সময়বোৰে আমাক জোঁকাৰি দিবলৈ বাধ্য হ’ব। আৰু সেই জোকাৰনিৰ পৰিণাম অতিকৈ ভয়াবহ হ’ব।