আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সুখ্যাতি অর্জন  অসমীয়া  চলচ্চিত্রৰ

PC -The News Mill

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সুখ্যাতি অর্জন  অসমীয়া  চলচ্চিত্রৰ

ৰঙিলী বাৰ্ত্তাসসেৱা –  ২২ মে’ত ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া  ক্যাঁ ছবি মহোৎসৱত  মৰাণৰ জয়ছেং জয় দহোটীয়াই নিৰ্মাণ কৰা ‘বাঘজান’ নামৰ ছবিখন প্ৰদৰ্শিত হ’ব ।  এই কথা সদৰী কৰিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে। ছবি মহোৎসৱখনৰ ‘গ’উজ টু ক্যাঁ ছেকচন’ত আন চাৰিখন ছবিৰ সৈতে জয়ছেং জয় দহোটীয়াৰ ছবিখন প্ৰদৰ্শিত হ’ব।এই শাখাত প্ৰদৰ্শিত হ’বলগীয়া আন চাৰিখন ছবি হৈছে হিন্দী ছবি ‘বাইলাডিলা’, ‘এক জগাহ আপনি’, মাৰাঠী ছবি ‘ফলোৱাৰ’ আৰু কানাড়া ছবি ‘শিৱাম্মা’। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি ক্যাঁ ক্লাছিক শিতানত সত্যজিৎ ৰয়ৰ খ্যাতনামা ছবি ‘প্রতিবন্দী’ প্ৰদৰ্শন কৰা হ’ব। তদুপৰি আৰ মাধৱনে প্রযোজনা কৰা ৰকেটৰী ছবিখনৰ ৱ’ৰ্ল্ড প্রিমিয়াৰ অনুষ্ঠিত হ’ব ক্যাঁ চলচ্চিত্র মহোৎসৱত। ফ্রান্সত অনুষ্ঠিত হ’বলগীয়া ৭৫সংখ্যক ক্যাঁ ছবি মহোৎসৱৰ সৈতে অনুষ্ঠিত কৰা মাৰ্চী ডু ফিল্মত এইবাৰ আনুষ্ঠানিক দেশ হিচাপে সন্মান প্ৰদান কৰা হৈছে ভাৰতক। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰথমবাৰৰ বাবে ভাৰতে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। বাঘজানত সংঘটিত হোৱা ট্ৰেজেডীক লৈ নিৰ্মাণ কৰা ছবিখনে ক্যাঁ চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শনৰ সুযোগ লাভ কৰাৰ বাতৰিয়ে উৎফুল্লিত কৰি তুলিছে অসমবাসীক।