আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ দেহাৱসান – নাছিৰ আহমেদ

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ দেহাৱসান
নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ আৰু বাদ্যযন্ত্ৰী নন্দ বেনাৰ্জীয়ে সকলোকে কন্দুৱাই যোৱা সোমবাৰে (১১/০৩/২০২৪ ইং)  পুৱতি নিশা নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে কিছুদিনৰ পৰা তেখেতে হৃদযন্ত্ৰৰ অসুখত ভুগি আছিল। কিন্তু দেওবাৰে তেখেতৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু সোমবাৰে পুৱতি নিশা ঘৰৰ পৰিয়ালে তেখেতক ঘৰৰ মজিয়াত মূৰ্চ্ছিত হৈ পৰি থকা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ বিশিষ্ট শিল্পী নন্দ বেনাৰ্জীক বিশেষ এম্বুলেন্সৰ যোগে মহানগৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত (কে জি এম টি) ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ৰ চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ সময়ত শিল্পী গৰাকীৰ বয়স আছিল ৬৮ বছৰ।
১৯৫৫ চনত নগাঁৱত নন্দ বেনাৰ্জীয়ে এক সাংস্কৃতিক পৰিবেশ বিৰাজ কৰা পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেখেতৰ পিতৃও সংগীতৰ লগত ওতঃপ্ৰোত ভাবে জড়িত আছিল। বিশিষ্ট শিল্পীগৰাকীৰ ভাৰতীয় ক্লাছিকেল সংগীত আৰু পাশ্চাত্য সংগীতৰ ওপৰত প্ৰচুৰ জ্ঞান আছিল।
অসমৰ সংগীত জগততো তেখেতে অনবদ্য অৱদান আগবঢ়াইছিল। তেখেত একেধাৰে আছিল সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ আৰু বাদ্যযন্ত্ৰী। গীতৰ স্বৰলিপিৰ ক্ষেত্ৰতো তেখেতৰ আছিল অগাধ দখল। ডঃ ভূপেন হাজৰিকাৰ অসংখ্য গীতৰ স্বৰলিপি তেখেতে লিপিবদ্ধ কৰি গৈছে।  তেখেতে বোলছবিৰ সমান্তৰালকৈ বহুতো থিয়েটাৰত অসংখ্য গীত ৰচনা কৰি বিভিন্ন গায়ক -গায়িকাৰ কণ্ঠত আৰোপ কৰি সংগীত পৰিচালক হিচাপে পৰিৱেশন কৰিছিল।
তেখেতে ৰচনা কৰা ভাৰতীয় ক্লাছিকেল সংগীত সমূহ হ’ল শ্ৰী ৰাম কৃষ্ণ প্ৰণাম,(Srikrishna pranam)পাক ঘুঙৰু,(Pag Ghungroo)গুৰু কৃপা অঞ্জান, ( Guru kripa Anjan)মৈ দুৱাৰ খোল কাৰ( Main Dwar Khol kar) হিন্দী ভজন মঙ্গল মূৰতী, আৰু একেবাৰে শেষত তেখেতে সংগীত পৰিচালনা কৰা বোলছবিখন হ’ল, জনক নন্দিনী। জনক নন্দিনী বোলছবিত তেখেতে ৰচনা কৰা গীতবোৰ হ’ল দুৰু দুৰু ( গীত পৰিৱেশন কৰিছে জুবিন গাৰ্গ আৰু জুবিলী) দুৰু দুৰু ( গীত পৰিৱেশন কৰিছে জুবিন গাৰ্গ আৰু নন্দ বেনাৰ্জী) জনক নন্দিনী ( সংগীত পৰিৱেশন কৰিছে পাপন আৰু প্ৰতিমা দাস) ৰংগে ফাকু ( গীত পৰিৱেশন কৰিছে সত্য সন্ধা ) বহুদূৰ আছে যাবলৈ ( গীত পৰিৱেশন কৰিছে আস্থাজিতা নন্দ বৰদলৈ) এইবোৰৰ উপৰিও সংগীত জগতৰ বিভিন্ন দিশত অপৰিসীম অৱদান  আগবঢ়াই অসমক ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল।
বিশিষ্ট শিল্পীগৰাকী ৰাজনীতিৰ পথাৰখনতো সক্ৰিয় অংশ গ্ৰহণ কৰিছিল। তেখেতে কমিউনিষ্ট পাৰ্টিৰ এজন সদস্য হিচাপে সৰ্বহাৰা শ্ৰেণীৰ বাবে নানা জন কল্যাণ মূলক কামত জড়িত আছিল। পৰৱৰ্তী আঞ্চলিক দল অসম গণ পৰিষদৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালৰ সময়ত দলৰ উপ-সভাপতি আৰু সংখ্যা লঘু চেলৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল।
মৃত্যুৰ সময়ত তেখেতে পত্নী সান্ত্বনা বেনাৰ্জী আৰু একমাত্ৰ সন্তান শ্যামক এৰি থৈ যায়।  গৰীৱ-দৰদী এই গৰাকী বিশিষ্ট সংগীত পৰিচালকে মৰাৰ আগতে তেখেতৰ শৰীৰৰ সকলো অঙ্গ দুখীয়া-নিচলাৰ বাবে দান কৰি থৈ গৈছে। এই গৰাকী মহান শিল্পীৰ মৃত্যুয়ে অসমৰ সংগীত জগতত যি শূন্যতাৰ সৃষ্টি হ’ল,সি কেতিয়াও সহজে পূৰণ নহ’ব। তেখেতক শ্ৰদ্ধাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।