আন্তঃজাৰ্তিক নাৰী দিৱস আৰু ইয়াৰ তাৎপৰ্য – ৰশ্মি ৰেখা দুৱৰা

PC- Times of India

আন্তঃজাৰ্তিক নাৰী দিৱস আৰু ইয়াৰ তাৎপৰ্য

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

নাৰী অবিহনে সৃষ্টি অসম্ভৱ। নাৰী আৰু পুৰুষ ইটোৱে আনটোৰ পৰিপুৰক,নাৰী আৰু পুৰুষ দুয়োটাই সম মযৰ্দা পোৱাটো নিতান্তই প্ৰয়োজন। সেয়েহে নাৰীক কেন্দ্ৰ কৰিয়ে সমগ্ৰ বিশ্বতে ৮ মাৰ্চ তাৰিখে আন্তঃজাৰ্তিক নাৰী দিৱস পালন কৰা হয়।১৮৫৭ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে মজুৰি বৈষম্য আৰু কৰ্মৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰভাৱে দমন কৰিছিল। জাৰ্মান সমাজতান্ত্ৰীক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত ১৯৩৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে পোনপ্ৰথমে আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত কৰিছিল। ১৯১০ চনত ডেনমাৰ্কত দ্বিতীয়খন আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত কৰিছিল। এই সন্মিলন ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চক আন্তঃজাৰ্তিক নাৰী দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তাৱ দিয়ে ।১৯১১ চনত ৮ মাৰ্চ তাৰিখটোত সম অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।এই দিৱস পালন কৰিবলৈ সমাজতান্ত্ৰীসকল আগবাঢ়ি আহে।কেইবাখনো দেশত ১৯১৪ চনৰ ৮ মাৰ্চত নাৰী দিৱস পালন কৰিবলৈ আৰম্ভ কৰিল।১৯৭৫ চনত ৮ মাৰ্চক আন্তঃৰ্জাতিক নাৰী দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়।পৰৱৰ্তী সময়ৰে পৰা সমগ্ৰ বিশ্বজুৰি ৮ মাৰ্চ তাৰিখত এই দিৱস পালন কৰা হয়।নাৰী দিৱসৰ মূল তাৎপৰ্য হ’ল- নাৰীক লিংগ বৈষম্য আঁতৰাই সমতাৰ অধিকাৰ প্ৰদান কৰি শোষণৰ পৰা মুক্ত কৰা।সৃষ্টিকাৰী নাৰীয়ে জীৱনৰ পাতনি।সেয়ে নাৰীক সন্মান কৰি সমমৰ্যাদা প্ৰদান কৰি ৰাজনৈতিক,অৰ্থনৈতিক,সামাজিক কেউদিশতে সুবিধা প্ৰদান কৰিব লাগে।শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দি নাৰীক সুশিক্ষাৰে গঢ়ি তুলিব লাগিব।নাৰী শিক্ষিত হ’লেহে আহিবলগা প্ৰজন্ম শিক্ষিতহৈ দেশখন উন্নতিৰ জখলাৰে আগুৱাই নিব পাৰিব।প্ৰত্যেক বছৰে আন্তৰ্জাতিক নাৰী দিৱস নাৰীক সন্মান কৰি পালন কৰিছে যদিও সমাজখনত যৌতুক প্ৰথা,বলাৎকাৰ, ডাইনী হত্যা আদিৰ দৰে নানা কুকৰ্মৰে নাৰীৰ ওপৰত শাৰীৰিক,মানসিক নিৰ্যাতন দিনক দিনে বাঢ়িছেহে।নাৰী দিৱস উদযাপন কৰিলেই নহ’ব।আমি সমাজখনেই নাৰীক কুসংস্কাৰৰ কবলৰ পৰা মুক্ত কৰিব লাগিব।চৰকাৰে নাৰী সুৰক্ষা প্ৰদানত অধিক গুৰুত্ব দিয়াটো উচিত।নাৰীয়ে বিয়া হৈ ঘৰৰ দায়িত্ব পালন কৰাতেই সীমাবদ্ধ নহয়।নাৰীয়ে সৃষ্টিকাৰী,নাৰীয়ে ধ্বংসকাৰী।আগৰ দিনত নাৰীৰ মনবোৰ কুসংস্কাৰ আৰু ভীৰু আছিল বাবে নাৰীয়ে নাৰীৰ বাধা হৈ থিয় দিছিল।আজিৰ যুগত সময়ৰ লগত হাত মিলাই বহুক্ষেত্ৰত নাৰীয়ে চাৰিবেৰাৰ পৰা বাহিৰ হৈ আগুৱাই গৈ সন্মান বুটলিবলৈ সক্ষম হৈছে।শামুকখুজীয়া পৰুষতকৈ নাৰী কোনোগুণে কম নহয়।মাথোঁ নাৰীক আগুৱাই যোৱাত সহযোগৰ প্ৰয়োজন।