আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিব লাগিব সচিবালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে

Pc the janambhumi

আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিব লাগিব সচিবালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিধানসভাৰ সচিবালয় কৰ্মচাৰীলৈ মুখ্য সচিবৰ কঠোৰ নিৰ্দেশনা।সচিবালয়ৰ কৰ্মচাৰীয়ে পুৱা ৯-৩০বজাত কাৰ্যালয়ত উপস্থিত হ’ব লাগিব।আনহাতে, কৰ্মচাৰীসকলে বায়’মেট্ৰিক মেচিনত দিব লাগিব উপস্থিতিৰ প্ৰমাণ৷সাজ-পোছাকক লৈও বিশেষ নিৰ্দেশনা প্ৰধান সচিবৰ।সপ্তাহৰ বুধবাৰে বিষয়া-কৰ্মচাৰীয়ে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰিব পাৰিব।বিধানসভাৰ অধিৱেশন,বিধানসভাৰ বিশেষ অনুষ্ঠানত বিধানসভাৰ সচিবালয়ে বিধি অনুসৰি প্ৰদান কৰা সাজ-পোছাক পৰিধান কৰিব লাগিব।আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিব লাগিব সচিবালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে।আনুষ্ঠানিক সাজ-পোছাকত পিন্ধিব পাৰিব ছুৰিদাৰ,শাৰী, মেখেলা-চাদৰ, আনুষ্ঠানিক পেন্ট-চাৰ্ট।পুৰুষে পৰিধান কৰিব লাগিব ফৰ্মেল ড্ৰেছ।মহিলাসকলে পৰিধান কৰিব লাগিব মেখেলা-চাদৰ-শাড়ী।পৰিধান কৰিব নোৱাৰিব কেজুৱেল পোছাক,টি-চাৰ্ট, জীনচ আৰু লেগিংছ।অধিৱেশনৰ সময়ত সাংবাদিকসকলেও পৰিধান কৰিব লাগিব ফৰ্মেল ড্ৰেছ।পৰৱৰ্তী বিধানসভা অধিৱেশনৰ পৰা নিয়মীয়াং বিষয়া-কৰ্মচাৰীৰ লগতে অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম।