আনক সন্মান প্ৰদান কৰিলে নিজৰো সন্মানত বৃদ্ধি হয় – চন্দ্ৰ শেখৰ পৰাজুলী

PC - CogniFit Blog
আনক সন্মান প্ৰদান কৰিলে নিজৰো সন্মানত বৃদ্ধি হয়
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
প্ৰশংসাসূচক এক বিশিষ্ট অনুভূতিক  আমাৰ মাজত সহজাত ৰূপত প্ৰচলিত শব্দটো হ’ল সন্মান। কবলৈ বৰ বেয়া লাগিলেও একেবাৰে ধূৰ্ব্ৰ সত্য কথাটো হ’ল সন্মান পৰাপক্ষত সকলো মানুহে কেৱল নিজে আয়ত্ব কৰিব বিচাৰে। কিন্তু মই প্ৰতিটো ক্ষেত্ৰত দেখা পাইছোঁ যে,যিসকল লোকে একেধৰণৰ যিবোৰ ক্ষেত্ৰত কৰ্মৰত অবস্থাত আত্মনিয়োগ হৈ থাকে তেখেত সকলে প্ৰায় আনৰ কৰ্ম-কৌশলৰ ওপৰত অৱহেলা বা ঠাট্টা কৰা দেখা যায়। অৰ্থাৎ অন্যান্য লোকসকলক নিম্ন মানৰ সিদ্ধ কৰি নিজে আনতকৈ বহুত ভাল বুলি জগতৰ পৰা প্ৰশংসা বা সন্মান প্ৰাপ্ত কৰিবলৈ বিচাৰে। ইয়াৰ উপৰিও কিছুমান লোকসকলক ভাল দিশত গতি কৰি থকা দেখিলেও সেই লোকসকলৰ প্ৰতি যথোচিত ভাবে সন্মান প্ৰদানৰ বিপৰীতে বহু উপেক্ষা কৰি থকা দৃষ্টিগোচৰ হয়। কিন্তু আমাৰ মাজত অন্তৰ্নিহিত হোৱা হিংসাত্মক মনোভাৱৰ জৰিয়তে নিজৰো আত্মসন্মানত আঘাত হানে এইবোৰ কথা আমি কিয় সহজতে পাহৰি যাওঁ নে পাহৰি যোৱাৰ ভংগিমা তৈয়াৰ কৰো। পৰাপক্ষত আপোনাৰ দৃষ্টিত একেবাৰে ধূৰ্ত আৰু অভদ্ৰ মানুহ এজনকো নিজৰ জৰিয়তে অন্যান্য মানুহৰ আগত প্ৰথমতে বেয়া বুলি পৰিচয় প্ৰদানৰ পৰা বঞ্চিত হ’ব লাগে। কাৰণ আপুনি যিজন মানুহক একেবাৰে বেয়া বুলি উপলব্ধি কৰিবলৈ  সক্ষম হৈছে সেইজন মানুহ অন্য এজনৰ দৃষ্টিত বহুত ভাল মানুহৰ তালিকাৰ ভিতৰত পৰিব পাৰে। আচলতে এই সংসাৰখনত কোনো এজন ব্যক্তিয়ে সকলোবোৰ মানুহৰ দৃষ্টি ভাল হৈ থকাটো একেবাৰে সম্ভৱপৰ কথা নহয় ।সেয়েহে আনক সন্মান প্ৰদান কৰিলে নিজৰো সন্মানত বৃদ্ধি হয়। আমি সন্মান টকাৰ জৰিয়তে ক্ৰয় কৰাৰ প্ৰয়াস কৰিলেও প্ৰকৃত অৰ্থত এজন মানুহৰ আন এজন মানুহৰ প্ৰতি থকা সন্মানৰ মনোভাৱ একেবাৰে অন্তৰৰ পৰা স্বতঃস্ফূর্ত ওলাই আহে। গতিকে আনৰ পৰা নিজে যদি সন্মান প্ৰাপ্তি কৰাৰ ইচ্ছা প্ৰকাশ কৰো তেন্তে অন্যান্য লোকসকলকো সিহঁতে বিচৰা ধৰনে সন্মান প্ৰদান কৰা উচিত হ’ব।আমি জীৱন কালত  প্ৰতিজন মানুহক হয়তো শাৰীৰিক বা আৰ্থিকভাৱে সহায় প্ৰদানত অসমৰ্থ হ’ব পাৰোঁ। এইটো একেবাৰে স্বাভাৱিক কথা নহয়নে? কিন্তু যেতিয়া এজন মানুহৰ লগত মুখামুখি হওঁ বা অন্যান্য বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে সংস্পৰ্শলৈ আহো তেতিয়া পৰাপক্ষত সেই মানুহজনৰ উপেক্ষা কৰাতকৈ স্বাভাৱিক ভাৱে সন্মান প্ৰদান কৰাটো উচিত হ’ব । ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰ পৰিবৰ্তে আপোনাৰ সন্মানো অত্যধিক ৰূপত বৃদ্ধি হবলৈ ধৰে। আনৰ পৰা কিবা এটা পাবলৈ হ’লে নিজেও অন্যান্য লোকসকলক কিবা দিয়াৰ প্ৰচেষ্টা কৰিব লাগে। আচলতে এইখন পৃথিৱীত এজনৰ লগত আন এজনৰ মিল নাথাকিলেও আমি প্ৰায়বোৰ মানুহৰ আশা, আকাংক্ষা ,ব্যক্তিত্ব আৰু জীৱন ধাৰণৰ পদ্ধতিৰ মাজত সাদৃশ্য স্থাপন হোৱা পৰিলক্ষিত হয়। সেয়েহে অন্তিমত আকৌ এবাৰ কথাত বৰ জোৰ প্ৰদান কৰি কৈছোঁ”আনক সন্মান প্ৰদান কৰিলে নিজৰো সন্মানত বৃদ্ধি হয়” ।