আত্মবিশ্বাস- ৰাজলক্ষ্মী বৰঠাকুৰ

pc. Inc. Magazine

আত্মবিশ্বাস

সকলো ঠিকে চলি আছিল। এদিন হঠাৎ এজাক ধুমুহা আহি মিঠুহঁতৰ সকলো সুখ কাঢ়ি নিলে। তাইক যেতিয়া কৈছে তাইৰ দেউতাক এই পৃথিৱীত আৰু নাই সেই কথা তাই তেতিয়া বিশ্বাস কৰিব পৰা নাই। দেউতাকৰ মৃত্যুৰ পিছত ঘৰৰ অৱস্থা দেখি তাই সহ্য কৰিব নোৱাৰা হল । মাক আইতাক আৰু বায়েকৰ কথা চিন্তা কৰি তাই থিৰাং কৰিল যে তাই ঘৰৰ সকলো দায়িত্ব গ্রহণ কৰিব আৰু কেতিয়াও সিহঁতক দেউতাকৰ অনুপস্থিতি অনুভৱ কৰিব নিদিয়ে। যিতু বয়সত এজনী ছোৱালীৰ খেলা -ধূলা কৰাৰ বয়স সেই সময়ত তাই ঘৰৰ সকলো দায়িত্ব লব লগা হৈছিল। কিন্তু বায়েক মানসী তাইৰ একদম ওলোতা। তাই ঘৰখনৰ কথা একোকে নাভাবে । তাই নিজক লৈ ব্যস্ত। মিঠু বয়সত সৰু হলেও তাইৰ আত্মবিশ্বাস আছিল প্রৱল। তাই পঢ়া-শুনাৰ মাজতে নিজে কাম কৰি ঘৰখন নিয়াৰিকৈ চলাই নিছিল। ইয়াৰ মাজতে বায়েকৰ কাৰণে এটি ভাল পৰিয়ালৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিল। কিন্তু বায়েক মানসীয়ে বেলেগ লৰা এটা ভাল পাই আছিল। সেই কথা ঘৰত কোনেও গম পোৱা নাছিল। তাই ভাবিলে ঘৰৰ পৰা যিতু লৰাৰ লগত বিয়া ঠিক হৈছে তাৰ তুলনাত তাই ভাল পোৱা লৰাটো বেছি ধনী ।সেইকাৰণে তাই তাৰ লগত বিয়া হম বুলি ঠিক কৰিলে। লাহে লাহে বিয়াৰ দিন আহি পালেহি বিয়াৰ দিনা বায়েকে কিবা কাম আছে বুলি ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল। বিয়াৰ দিনাখন কইনা বাহিৰলৈ ওলাই নাযায় বুলি কোৱাৰ পাছতো মাকহঁতৰ কথা নুশুনি ওলাই গৈছিল। দৰা ঘৰৰ মানুহ আহি পালেহি তাই ইমান দেৰি নহা দেখি ঘৰত চিয়ৰ বাখৰ লাগিলে। তাই ৰুমত এখন চিঠি পালে তাইৰ যে বেলেগ লৰা লৈ বিয়া হৈ গৈছে। উপায় নেপাই মাকে ভনীয়েককে অভিৰ লগত বিয়া দিম বুলি ভাবিলে।
প্ৰথমতে মিঠু মান্তি হোৱা নাছিল মাকৰ বুজনিত তাই বিয়া হবলৈ বাধ্য হল। বিয়া হোৱাৰ পাছত বায়েকৰ সলনি তাইক বিয়া দিয়াৰ কাৰণে স্বামী আৰু শাহুৱেকে ভাল ব্যৱহাৰ কৰা নাছিল। এই কথা তাই ঘৰত জানিবলৈ দিয়া নাছিল আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখি নিজৰ চেষ্টাৰ বলত সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। তাইৰ সাহস আৰু সততা দেখি তাইৰ স্বামী অভিয়ে সকলো ক্ষেত্রতে সহায়ৰ হাত আগবঢ়ালে । তাইৰ সপোন বাস্তৱত পৰিণত হোৱাত অভিয়ে সকলো ধৰণে সহায় কৰিলে আৰু যাৰ কাৰণে তাই পঢ়া -শুনা কৰি এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপে পৰিচয় দিবলৈ সক্ষম হল।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট