আত্মনিৰ্ভৰশীলতা আৰু দৃঢ়তা
ভৱিষ্যৎ দেশৰ ধৰণী স্বৰূপ কিশোৰ-কিশোৰীসকলৰ সৰ্বতো প্ৰকাৰ উন্নতিয়েই এখন দেশৰ বা এটা জাতিৰ উন্নতি। বিশেষকৈ শৈশৱৰ দেওনা পাৰ হৈ কৈশোৰত ভৰি থোৱা সকলে নিজকে সফল ভাৱে গঢ়িবলৈ যথেষ্ঠ কষ্ট কৰে আৰু কষ্ট কৰিব লগা হয়। ভৱিষ্যতে কি হ’ম(?) সেই লৈ তোমালোকৰ সমস্ত জল্পনা-কল্পনা নহয়নে?ডাঙৰ মানুহ হোৱাৰ সপোনে খেদি ফুৰিছে অহৰহ তোমালোকক লগতে তোমালোকৰ মা-দেউতাহঁতকো।সেইটো স্বাভাৱিক।তোমালোকৰ প্ৰত্যেককে
ভৱিষ্যতে একোজন সু-নাগৰিক ৰূপে গঢ়ি তুলিব পৰাতেই পূৰ্বজসকলৰো সাৰ্থকতা।সা-সম্পত্তি,মান-যশ আদিৰে ডাঙৰ মানুহ হোৱা আৰু এজন প্ৰকৃত মানৱ গুণ সম্পন্ন সু-নাগৰিক হোৱাৰ মাজত কিন্তু কিছু প্ৰভেদ আছে।মূল্যবোধ বিষয়টো স্কুলীয়া শিক্ষাৰ সতে জড়িত। শিক্ষাৰ সৈতে জড়িত কথাবোৰ সকলোৱে নিজৰ ফালৰ পৰা ভাবিলে সমাজৰ বহুত সমস্যাও নিজে নিজে নাইকীয়া হৈ যাব।পৰীক্ষাত ভাল নম্বৰ পাই ভাল চাকৰি এটা যোগাৰ কৰাটোৱেইতো আৰু শিক্ষাৰ উদ্দেশ্য নহয়।
যি নহওঁক তোমালোকে সময়ৰ সদ্ব্যৱহাৰ কৰি নিজৰ কামত আগবাঢ়া।সদায় লক্ষ্য ৰাখিবা যাতে সময় কেতিয়াও অবাবত আঙুলিৰ ফাঁকেৰে সৰকি নাযায়। কিন্তু, পাঠ্য-পুথি আৰু ব্যৱহাৰিক শিক্ষাৰ লগে লগে প্ৰকৃত মানুহ হ’বলৈ কৰিব লগীয়া অনুশীলন আৰু বহুত আছে, যিবোৰ হয়তো আমাৰ বহুতেই সঠিকভাবে কৰিব জনা নাই।প্ৰথম কথা, পঢ়া-শুনাৰ লগতে তোমালোকে পৰাপক্ষত সদায় আত্মনিৰ্ভৰশীল হোৱাৰ অনুশীলন কৰিবা।যিমান সম্ভৱ নিজৰ কাম সদায় নিজে কৰি লোৱাৰ অভ্যাস কৰিবা। নিজৰ বাটত নিজেই আগবাঢ়িবলৈ অভ্যাস কৰিব লাগে।নিজে কৰিব পৰা কামত কেতিয়াও আনৰ সহায়ৰ বাবে ৰৈ নাথাকিবা।যিমানে আনৰ ওপৰত নিৰ্ভৰশীল হ’বা সিমানে আত্মনিৰ্ভৰশীলতা কমি যাব।আনকি কেতিয়াবা বিপদতো পৰাৰ সম্ভাৱনা থাকিব।আকৌ সকলো কথাতে পিতৃ-মাতৃ বা পৰিয়ালৰ আন কাৰোবাৰ ওপৰত নিৰ্ভৰশীল হ’লে ডাঙৰ হ’লে নিজে নিজক বা নিজৰ পৰিয়ালক চোৱা-চিতা কৰা কঠিন হৈ পৰিব। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ গানটো শুনিছাহঁক নহয়…”যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলোৰে…..।”পৃথিৱীৰ চহকী দেশবোৰত ধনী অভিভাৱক সকলে পঢ়া সন্তানক নিজৰ পঢ়াৰ খৰচ নিজে উলিয়াবলৈ দিয়ে।সৰুৰে পৰা সৎ উপায়েৰে অৰ্থ উপাৰ্জনৰ কথা শিকায়।সৎ উপায়ে পৰিশ্ৰম কৰি আত্মনিৰ্ভৰশীল হ’বলৈ শিকাটো মহৎ জীৱনৰ সাধনা।আমাৰ দেশত বহুত ডাঙৰ হোৱালৈকে কিন্তু স্কুলীয়া ল’ৰা-ছোৱালীয়ে দোকান-বজাৰ কৰিবলৈও নাযায়।কিন্তু এতিয়াও গ্ৰামাঞ্চলত বহুতো স্কুলীয়া ছাত্ৰই সৎপথে উপাৰ্জন কৰি পঢ়া-শুনা কৰিছে।কোনোৱে জীৱ-জন্তু পুহি,কোনোৱে নিজতকৈ সৰু ছাত্ৰ-ছাত্ৰীক টিউচন কৰি,কোনোৱে সৰু-সুৰা বেপাৰ-বাণিজ কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াইছে আৰু পিতৃ-মাতৃৰো কষ্ট লাঘৱ কৰিছে।তেওঁলোকে সৰুৰে পৰাই যে আত্মনিৰ্ভৰশীল হৈছে ভৱিষ্যতে যিকোনো পৰিৱেশ বা সমস্যাৰ সৈতে সহজেই সন্মুখীন হ’ব পাৰিব।সকলোৱে যে এইবোৰ কৰিবই লাগিব তেনে কোনো কথা নাই।মাত্ৰ নিজৰ কামৰ কাৰণে যেনে নিজৰ কাপোৰ কেইটা ,খোৱা বাচন কেইটা ধুই লোৱা,নিজৰ কোঠাটো পৰিস্কাৰ কৰি ৰখা,ওচৰৰ দোকান-বজাৰৰ পৰা প্ৰয়োজনীয় বস্তুকেইপদ কিনি অনা ইত্যাদি কামবোৰৰ বাবে কেতিয়াও পৰিয়ালৰ আনৰ ওপৰত নিৰ্ভৰ নকৰিবা।সৰুৰে পৰাই স্বাৱলম্বী হ’বলৈ শিকা ল’ৰা-ছোৱালী কেৱল পৰিয়ালৰে আদৰৰ নহয়,তেওঁলোকক সমাজেও ভাল পায়। সেইসকল ছাত্ৰ-ছাত্ৰী সঁচাকৈয়ে শ্ৰদ্ধাৰ যোগ্য নহয়নে?
আন এটা কথা,নিজ নিজ ধৰ্মমতে সদায় ঈশ্বৰক এবাৰ প্ৰাৰ্থনা কৰিবাহঁক।প্ৰাৰ্থনাৰ বাবে কোনো দ্ৰব্য বা সুকীয়া সময় নালাগে।সদায় শোৱাৰ আগত বিচনাত পৰি ভগৱানৰ আশিষ বিচাৰিবা।যাতে সকলো কামতে সুকলমে আগবাঢ়িব পাৰা। পৰীক্ষাৰ ভাল ফলাফল বিচাৰি,বয়-বস্তু বিচাৰি,সুখ-সুবিধা বিচাৰি বুট- মগু,ধূপ-চাকিৰ টোপোলা লৈ মন্দিৰে মন্দিৰে দৌৰি ফুৰাক প্ৰাৰ্থনা নোবোলে।প্ৰাৰ্থনা কেৱল নিজৰ অন্তৰ পোহৰ কৰাৰ সাধনা।নিজৰ মনোবল বৃদ্ধি কৰি নিজৰ সহায় নিজে হ’বলৈ কৰা দৃঢ় চিন্তা।মানুহৰ মনত ভালৰ লগে লগে নানানটা বেয়া ৰিপু থাকে।প্ৰাৰ্থনাৰ দ্বাৰা আমি বেয়া ৰিপু বোৰৰ সৈতে যুঁজিবলৈ সাহস গোটাও।লুই উইণ্টাৰমেয়াৰ নামৰ বিখ্যাত চিন্তাবিদজনৰ প্ৰাৰ্থনাৰ মূল অৰ্থ আছিল এনেধৰণৰ ‘…প্ৰাৰ্থনা হৈছে-আমাৰ মনত যাতে কোনোদিনে বেয়াভাব যেনে- লোভ,মোহ,খং,হিংসা,এলাহ নাহে তাৰবাবে ভগৱানক কৰা ধ্যান।ই হৈছে মনক সংযত কৰাৰ মৌন চিন্তা।….’প্ৰভূ,আমাক মনোবল দিয়া,আত্মবিশ্বাস দিয়া,জীৱনত জয়ী হোৱাৰ ক্ষেত্ৰত যুঁজ কৰিবলৈ শক্তি দিয়া,যুঁজত পৰাজয় হ’লেও মানি ল’বলৈকো শক্তি দিয়া।পৃথিৱীৰ আশ্চৰ্য জ্যোতি আৰু সৌন্দৰ্য্যৰ জগতক চোৱাৰ লগতে দূৰ্ভগীয়া প্ৰাণীবোৰৰ প্ৰতিও দয়াশীল হ’ব পৰা আৰু তেওঁলোকৰ দুখ-দুৰ্গতিৰ প্ৰতিও সহানুভূতিশীল হ’ব পৰা শক্তি দিয়া। সুমধুৰ সংগীত শুনি আপ্লুত হোৱাৰ লগতে আৰ্তজনৰ কৰুণ বিননি শুনিব পৰা শক্তি দিয়া।অন্যায়ৰ লগত আপোচ নকৰিবলৈ যাতে দৃঢ় আৰু কঠোৰ হও।কোনো কামকে যাতে পাল নামাৰো তাৰ বাবে মনত বল দিয়া…।’ টোপনি যোৱাৰ আগতে সদায় ভাল ভাল কথা,কাহিনী,দিনটোত শিকা দৰকাৰী বিষয়বোৰ মনত পেলাই ঈশ্বৰক ভাবিব লাগে। এনেকৈ কৰিলে সদায় মনটো ভালৰ পৰা ভাললৈ গতি কৰিব।তাৰ পাছত দেখিবাহঁক সঁচাকৈয়ে ভগৱানে তোমালোকৰ প্ৰাৰ্থনা শুনিলে আৰু তোমালোকে ভবামতেই একোজন সু-নাগৰিক হৈ দহৰ আৰু দেশৰ নাম জিলিকাব পৰা একোজন ভাল মানুহ কৰি তুলিব। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতৰ ‘আত্মত্ৰান’ নামৰ কবিতাটোত কি লিখিছিল শুনাচোন-
‘বিপদে মোৰ ৰক্ষা কৰো,
এই নহে মোৰ প্ৰাৰ্থনা,
বিপদকে আমি না যেন কৰি ভয়।
দু:খে তাপে-ব্যথিত চিতে
নাইবা দিলে সান্ত্বনা
দু:খে যেন কৰিতে পাৰি জয়।….’
দুখৰ পৰা পৰিত্ৰাণ পাবলৈ,বিপদৰ পৰা বাচিবলৈ আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ।অৰ্থাৎ আমি দু:খ ,বিপদলৈ ভয় কৰোঁ। আচলতে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে দু:খ আৰু বিপদৰ সতে মুখা-মুখি হ’ব পৰা শক্তিহে দিয়ে ভগৱানে। দৃঢ় মনোবলৰ সহায়ত নিজে নিজৰ সহায় সাৰথি হৈ জীৱনক সুন্দৰকৈ আগবঢ়াই নিব পাৰি তাৰ শিক্ষা আৰু অনুপ্ৰেৰণাৰে ভৰা এই কবিতাটিয়ে উঠি অহা সকলক বহুত আত্মনিৰ্ভৰশীলতাৰ জ্ঞান দিব বুলি আমাৰ বিশ্বাস। তোমালোকৰ দৰে সৎ আৰু আত্মনিৰ্ভৰশীল নতুন প্ৰজন্মই পৃথিৱীৰ হেৰাই যাব খোজা শান্তি ঘুৰাই আনিব পাৰিব।
– কৌশল্যা বৰা
দেৰগাঁও