আজি সামৰণি পৰিব নলবাৰী ৰাস মহোৎসৱৰ

আজি সামৰণি পৰিব নলবাৰী ৰাস মহোৎসৱৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি সামৰণি পৰিব নলবাৰী ৰাস মহোৎসৱৰ। ৮৯ সংখ্যক নলবাৰী ৰাস মহোৎসৱ  প্ৰজ্ঞাৰ ফাউণ্ডেচনৰ ব‍্যতিক্ৰমী পদক্ষেপ। উজলি উঠিল অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল  জ্ঞান পৰম্পৰাৰ  প্ৰদৰ্শনী। নলবাৰী ৮৯ সংখ্যক শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ উপলক্ষে প্ৰজ্ঞাৰ উদ‍্যোগত আয়োজিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰাৰ প্ৰদৰ্শনীত ভক্তপ্ৰাণ ৰাইজে দিনে–ৰাতিয়ে ভিৰ কৰা পৰিলক্ষিত হয়। যোৱা ৮ নৱেম্বৰৰ পৰা ৰাইজৰ সেৱাত মুকলি কৰা অনুষ্ঠানটিত অখণ্ড ভাৰতৰ ১১টাকৈ স্থল আছে বুলি  প্ৰজ্ঞা ফাউণ্ডেচনৰ নলবাৰী জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ দাস আৰু সম্পাদক পংকজ ডেকাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে নলবাৰীৰ ৰাসত আয়োজিত প্ৰজ্ঞা এই ব‍্যক্তিক্ৰমী অনুষ্ঠানক ৰাইজে শলাগিছে। উক্ত স্থলৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰাচীনতম মঠ–মন্দিৰকে ধৰি বিভিন্ন সামগ্ৰী উপস্থাপন কৰিছে।আনহাতে, ৰাম সেতু, বেদৰ জ্ঞানকে ধৰি প্ৰাচীন কালত ব্যৱহৃত সামগ্ৰী দেখুওৱা হৈছে এই প্ৰদৰ্শনীত।ইফালে অখণ্ড ভাৰতৰ এই প্ৰদৰ্শনী থকা স্থলসমূহৰ জৰিয়তে বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰিব। নলবাৰী হৰিমন্দিৰৰ এই বিশেষ স্থলে দৃষ্টি কাঢ়িছে সকলৰে।  আনহাতে আজি সামৰণি পৰিব নলবাৰী ৰাস মহোৎসৱ। তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছিল নলবাৰী হৰি মন্দিৰত ৮৯সংখ্যক ৰাস মহোৎসৱ।