আজি সম্পন্ন হ’ব বিদ্যাছিং লেকথেৰ শেষকৃত্য
ৰঙিলী বাৰ্ত্তাসেৱা- আজি সম্পন্ন হ’ব বিদ্যাছিং লেকথেৰ শেষকৃত্য। সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য। মুক্ৰ’ৰ সংঘৰ্ষত নিহত হৈছিল গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথে। অসম–মেঘালয় সীমান্তত সংঘটিত সংঘাতত প্ৰাণ হেৰুৱাইছিল লেকথেই। বিদ্যাছিং লেকথেৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে। কাৰ্বি স্বায়ত্ত পৰিষদে আগবঢ়াইছে এই এককালীন সাহায্য। বিদ্যাছিং লেকথেৰ পৰিয়ালক সংস্থাপনৰো আশ্বাস দিয়া হৈছে। উল্লেখযোগ্য যে অসম–মেঘালয় সীমান্তত অসম আৰক্ষী, বনকৰ্মী আৰু মেঘালয়ৰ একাংশ লোকৰ মাজত হৈছিল সংঘাত। আৰক্ষীৰ গুলীচালনাত নিহত হৈছিল মেঘালয়ৰ ৫জন লোকৰ লগতে অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথে।