আজি নতুন দিল্লীত আলফা আৰু চৰকাৰৰ মাজত বহু প্ৰত্যাশিত ত্ৰিপাক্ষিক চুক্তি

 আজি নতুন দিল্লীত আলফা আৰু চৰকাৰৰ মাজত বহু প্ৰত্যাশিত ত্ৰিপাক্ষিক চুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি নতুন দিল্লীত বহু প্ৰত্যাশিত আলফা আৰু চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি সম্পাদিত হ’ব। আলফা, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত আজি এখন ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হ’ব।দিল্লীৰ নৰ্থ ব্লকত বিয়লি ৫ বজাত এই ত্ৰিপাক্ষিক শান্তি চুক্তি সম্পাদিত হ’ব।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলফাৰ প্ৰতিনিধিয়ে শান্তি চুক্তি কৰিব ৷ এই শান্তি চুক্তিত আলোচনাপন্থী আলফাৰ ১৬ জন নেতাই অংশগ্রহণ কৰিব। এই ১৬ গৰাকী নেতাৰ ভিতৰত আছে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া, উপ-সভাপতি প্রদীপ গগৈ, বিত্ত সচিব চিত্রবন হাজৰিকা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰী, সাংস্কৃতিক সচিব প্রণতি ডেকা, মৃণাল হাজৰিকা, অন্টু চাউদাং, ৰাজু বৰুৱা, শশধৰ চৌধুৰী আদি। ২৯ ডিচেম্বৰৰ পাঁচ বজাত হ’বলগীয়া শান্তি চুক্তিৰ বাবে আলফাৰ আমন্ত্ৰণক্ৰমে গৃহমন্ত্ৰালয়ত আবেলি তিনি বজাতেই অসমৰ পৰা যোৱা একাংশ দল-সংগঠনৰ নেতাই  প্ৰৱেশ কৰিব ৷